Logo
image

২ ডিচেম্বৰলৈকে পুনৰ সম্পূৰ্ণ লক-ডাউন ঘোষণা

আমাৰ অসম, ০১ নৱেম্বৰঃ ২ ডিচেম্বৰলৈকে পুনৰ সম্পূৰ্ণ লক-ডাউন ঘোষণা ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনচনৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ আওতাত নপৰা সকলো দোকান-পোহাৰ, ভ্ৰমণৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে সমগ্ৰ ইংলেণ্ডতে। এমাহৰ বাবে ছুটী বৃদ্ধি কৰা হৈছে যদিও বিদ্যালয় সমূহ এতিয়াও খোলাৰ সম্ভাৱনা আছে। লক-ডাউনৰ এই সময়ছোৱাত সকলো চহৰত হ’ব লগা ক’ভিড টেষ্ট কৰা কাৰ্য্যত সেনাবাহিনীক সহায় কৰিবৰ বাবে আহ্বান ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছৰ। ব্ৰিটিছ প্ৰধান গৰাকীয়ে ঘোষণা কৰা এই দ্বিতীয় লক-ডাউনত বন্ধ থাকিব পাব, অনাৱশ্যকীয় ব্যৱসায়ীক প্ৰতিষ্ঠান, ৰেষ্টোৰেন্ট আদি। কিন্তু নিৰ্মাণকাৰ্য্য সমূহ চলি থাকিব এই লক-ডাউনত।