Logo
image

স্তম্ভিত টেনিছ বিশ্ব, ২৫ বছৰ বয়সতে অৱসৰ ঘোষণা বাৰ্টীৰ

আমাৰ অসম, ২৪ মাৰ্চঃ টেনিছ বিশ্বক আচৰিত কৰি হঠাতেই অৱসৰৰ কথা ঘোষণা কৰিছে বিশ্বক্ৰমৰ এক নং স্থানৰ খেলুৱৈ এছলে বাৰ্টীয়ে৷ মাত্ৰ ২৫ বছৰ বয়সতে টেনিছক বিদায় জনালে অষ্ট্ৰেলিয়ান খেলুৱৈ গৰাকীয়ে৷ টেনিছৰ ক্ষেত্ৰত নিজৰ স্বপ্ন পূৰ্ণ হোৱা বুলিও প্ৰকাশ কৰিছে বাৰ্টীয়ে৷ ছ’চিয়েল মিডিয়াত দিয়া এক ভিডিঅ’বাৰ্তাত বাৰ্টীয়ে কয় যে তেওঁৰ জীৱনৰ অন্যতম লক্ষ্য আছিল উইম্বলডনৰ খিতাপ জয় কৰা৷ যোৱা বছৰ এই  স্বপ্ন সাৰ্থক হোৱাৰ পিছতে তেওঁ অৱসৰৰ বাবে সাজু হৈছিল৷ তিনিটা গ্ৰেণ্ড শ্লেম বিজয়ী বাৰ্টীয়ে কয়–‘সফলতাৰ বাবে মই মোৰ সকলোখিনি ত্যাগ কৰিছিলো৷ মোৰ  স্বপ্ন সাৰ্থক হৈছে, মই সুখী৷ নিজৰ শ্ৰেষ্ঠ খিনি উজাৰি দিয়াৰ বাবে কিমান শ্ৰমৰ প্ৰয়োজন হয় মই জানো৷ মোৰ এতিয়া দিব লগা একো নাই৷ এয়াই মোৰ বাবে সফলতা৷’বিশ্ব টেনিছৰ এগৰাকী অতিশয় সন্মানিত আৰু প্ৰিয় খেলুৱৈ বাৰ্টীয়ে টেনিছৰ বিভিন্ন দিশত কৰা প্ৰদৰ্শনেৰে নিজৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ ব্ৰীছবেনত টেনিছ খেলিবলৈ আৰম্ভ কৰা বাৰ্টীয়ে ২০১১ চনত ১৫ বছৰ বয়সত জুনিয়ৰ উইম্বলডনৰ খিতাপ জয় কৰিছিল৷ ২০১৯ চনত তেওঁ নিজৰ প্ৰথম গ্ৰেণ্ড শ্লেমৰ খিতাপটো জয় কৰিছিল ফ্ৰেন্স অ’পেনত৷ এভ’নে গুলাগং-কাউলেৰ পিছত প্ৰথম গৰাকী অষ্ট্ৰেলিয়ান মহিলা খেলুৱৈ হিচাপে তেওঁ বিশ্বক্ৰমৰ এক নং আসনত আৰোহণ কৰিছিল৷ জানুৱাৰীত মেলব’ৰ্ন পাৰ্কত অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ জয়ৰ পূৰ্বে উইম্বলডনত চেম্পিয়ন হৈছিল বাৰ্টী৷ বিশ্ব টেনিছৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ গৰাকীয়ে প্ৰকাশ কৰা মতে উইম্বলডনত লাভ কৰা সফলতাই তেওঁৰ পৰিকল্পনা সলনি কৰিছিল৷ অষ্ট্ৰেলিয়াৰ ক্ৰীড়া ক্ষেত্ৰক উৎসাহিত কৰাৰ বাবে দেশখনৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনে খেলুৱৈ গৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ দুবছৰৰো অধিক সময় বিশ্বক্ৰমৰ এক নং স্থানত থকা বাৰ্টীৰ যোৱা বছৰ দীৰ্ঘসময়ৰ প্ৰেমিক গেৰী কিছিকৰ সৈতে বাগদান সম্পন্ন হয়৷