Logo
image

নেতৃত্ব এৰিলে ধোনিয়ে, চি এছ কেৰ নতুন অধিনায়ক জাদেজা

আমাৰ অসম, ২৬ মাৰ্চঃ শনিবাৰে আই পি এলৰ পঞ্চদশ ছীজনৰ প্ৰথমখন খেলত চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ [চি এছ কে] বিৰুদ্ধে অৱতীৰ্ণ হ’ব কলকাতা নাইট ৰাইডাৰ্ছ৷ ছীজনৰ প্ৰথমখন খেলত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ নেতৃত্বৰ পৰা অব্যাহতি ললে মহেন্দ্ৰ সিং ধোনিয়ে৷ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজেই তেওঁ চি এছ কেৰ অধিনায়কৰ দায়িত্ব তুলি দিলে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ হাতত৷ এইবাৰৰ টুৰ্নামেণ্টত দলৰ এজন সাধাৰণ সদস্য হিচাপে দেখা যাব ধোনিক৷ আই পি এলৰ প্ৰথমটো ছীজনৰ পৰাই ছুপাৰ কিংছৰ অধিনায়কৰ দায়িত্বত আছিল ধোনি৷ মেচ ফিক্সিঙৰ অভিযোগৰ বাবে মাজতে অৱশ্যে দুবছৰ আই পি এলত খেলিব পৰা নাছিল ছুপাৰ কিংছে৷ সেই দুবছৰ ধোনিয়ে খেলিছিল পুণে ছুপাৰ জায়েণ্টছৰ হৈ৷ চেন্নাই ছুপাৰ কিংছ পুনৰ  আই পি এললৈ উভতি অহাৰ পাছত আকৌ এবাৰ ধোনিয়ে দলটোৰ নেতৃত্ব লয়৷ ধোনিৰ নেতৃত্বতে চেন্নাই ছুপাৰ কিংছে চাৰিবাৰ আই পি এলৰ খিতাপ জয় কৰাৰ বিপৰীতে পাঁচবাৰ দলটো ফাইনেলত পৰাস্ত হৈছে৷ আনহাতে, জাদেজা ২০১২ চনৰ পৰা নিয়মিত সদস্য হিচাপে চেন্নাই ছুপাৰ কিংছত আছে৷ দলটোৰ অধিনায়কৰ দায়িত্ব পোৱা তেওঁ হ’ব তৃতীয়জন ক্ৰিকেটাৰ৷ মাজতে এবাৰ ধোনিৰ অনুপস্থিতিত দলটোক নেতৃত্ব দিছিল সুৰেশ ৰাঈনাই৷

ধোনিয়ে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পাছত স্বাভাৱিকতে এটা প্ৰশ্নৰ উদয় হৈছে–আই পি এলত অন্তিমবাৰৰ বাবে দেখা যাব নেকি ঝাৰখণ্ডৰ ক্ৰিকেটাৰজনক? ছুপাৰ কিংছৰ ফালৰ পৰা অৱশ্যে কোৱা হৈছে যে এইবাৰৰ ছীজনৰ উপৰি পৰৱৰ্তী ছীজনতো ধোনিক চি এছ কেৰ জাৰ্ছীত দেখা যাব৷ চি এছ কেৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে এই সন্দৰ্ভত কয় যে ধোনি সদায়েই দলটোৰ এক অপৰিহাৰ্য অংগ৷ তেওঁ যি সিদ্ধান্ত লয়, সেয়া সদায় দলৰ হিতৰ বাবেই লয়৷ সেয়েহে তেওঁৰ সিদ্ধান্তক চি এছ কেৰ কতৃৰ্পক্ষই সদায় সন্মান জনায়৷ ফ্ৰেঞ্চাইজীটোত যোগ দিয়াৰ পৰা ধোনিয়ে যিধৰণেৰে দলটোক সবল নেতৃত্ব দিছে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ পৰৱৰ্তী অধিনায়ক হিচাপে জাদেজাক সাজু কৰাৰ এয়াই উপযুক্ত সময় বুলি ধোনিয়ে বিবেচনা কৰিছে আৰু তেওঁৰ এই সিদ্ধান্তক সসন্মানে মানি লৈছে চি এছ কে কতৃৰ্পক্ষই৷