Logo
image

২০২৩ৰ পৰা মহিলাৰ আই পি এল

আমাৰ অসম, ২৭ মাৰ্চঃ ২০২৩ চনৰ পৰা মহিলাৰ আই পি এল আয়োজনৰ পৰিকল্পনা কৰিছে বি চি চি আয়ে৷ এই কথা প্ৰকাশ কৰিছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ এবছৰৰ অন্তত অৱশ্যে এইবাৰ অনুষ্ঠিত হ’ব মহিলাৰ চাৰিখন প্ৰদৰ্শনীমূলক মেচ৷ মহিলাৰ আই পি এল আয়োজন নকৰা বাবে পূৰ্বে সমালোচনাৰ সন্মুখীন হৈছে বি চি চি আই৷ কিন্তু অহা বছৰ প্ৰতিযোগিতাখন আয়োজনৰ বাবে বি চি চি আইক বাৰ্ষিক সাধাৰণ সভাৰ অনুমোদনৰ প্ৰয়োজন হ’ব৷ মহিলা আই পি এলৰ উদ্বোধনী সংস্কৰণত পাঁচ বা ছটা দল ৰখাৰ পৰিকল্পনা কৰা হৈছে৷ আই পি এল গভৰ্নিং কাউন্সিলৰ বৈঠকৰ অন্তত ব’ৰ্ড সভাপতি গাংগুলীয়ে কয়–‘মহিলাৰ পূৰ্ণকালীন আই পি এলৰ বাবে এ জি এমে অনুমোদন জনাব লাগিব৷ অহা বছৰৰ পৰা প্ৰতিযোগিতাখন আয়োজনৰ আমি পৰিকল্পনা কৰিছো৷’ পুৰুষৰ আই পি এল প্লে-অফৰ সময়ত চলিত ছীজনত মহিলাৰ তিনিটা দলৰ চাৰিখন মেচ অনুষ্ঠিত হ’ব বুলি আই পি এলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে প্ৰকাশ কৰে৷ যোৱা বছৰ আই পি এলৰ দ্বিতীয় পৰ্যায়ৰ খেল ইউ এ ইত অনুষ্ঠিত হৈছিল৷ মহিলাৰ প্ৰদৰ্শনীমূলক মেচ যোৱা বছৰ অনুষ্ঠিত হোৱা নাছিল৷