Logo
image

কাটাৰ বিশ্বকাপৰ পাছতেই অৱসৰ ল’ব পাৰে মেছিয়ে

দেশৰ মাটিত খেলিলে অন্তিম মেচ!

আমাৰ অসম, ২৭ মাৰ্চঃ বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলত শনিবাৰে লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাই ৩-০ গ’লত পৰাস্ত কৰে ভেনেজুৱেলাক৷ জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিয়ে গ’ল দিবলৈ সক্ষম হ’ল মেছিয়ে৷ খেলখনৰ প্ৰথমাৰ্ধত নিকোলাছ গঞ্জালেজৰ গ’লেৰে ১-০ত অগ্ৰগতি লাভ কৰিছিল আৰ্জেণ্টিনাই৷ দ্বিতীয়াৰ্ধত আনহেল ডি মাৰিয়া আৰু মেছিৰ গ’লেৰে আৰ্জেণ্টিনাই ৩-০ত জয় নিশ্চিত কৰে৷ খেলখনৰ পাছত নিজৰ ভৱিষ্যকলৈ গুৰুত্বপূৰ্ণ আপডেট দিলে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ ফুটবলাৰজনে৷ কৌশপূৰ্ণভাৱে তেওঁ জনাই দিলে যে আসন্ন কাটাৰ বিশ্বকাপৰ পিছতেই তেওঁক হয়তো দেশৰ জাৰ্ছীত দেখা পোৱা নাযাব৷ মেছিয়ে হয়তো আৰ্জেণ্টিনাৰ মাটিত অন্তিম আন্তঃৰাষ্ট্ৰীয় মেচত অংশ ল’লে! বিশ্বকাপৰ পিছত মেছিয়ে কি কৰিব? সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত প্ৰসিদ্ধ ফুটবলাৰজনে ক’লে–‘বিশ্বকাপৰ পাছত কি কৰিম মই ক’ব নোৱাৰো৷ এতিয়া সমুখৰ মেচৰ কথাহে ভাবিছো৷ অহা মঙলবাৰে ইকুৱেডৰৰ বিৰুদ্ধে মেচ আছে৷ তাৰ পিছত জুন আৰু ছেপ্টেম্বৰত প্ৰস্তুতি মেচ আছে৷ আশা কৰো সকলো ভালেই হ’ব৷ কিন্তু এটা কথা নিশ্চিত যে বিশ্বকাপৰ পিছত অনেকখিনি সলনি হ’ব৷ কাটাৰ বিশ্বকাপৰ পাছত মই বহু কথা ভাবিৱ লাগিব৷ মই দীৰ্ঘ সময় এই দলটোৰ সৈতে আছো৷ মই আনন্দিত৷ যেতিয়াই আৰ্জেণ্টিনালৈ আহিছো ভালপোৱা লাভ কৰিছো৷ সঁচা কথা কৈছো মই নিজেও নাজানো কি কৰিম৷’জুনত ৩৫ বছৰত ভৰি দিব মেছিয়ে৷ সময়ে ক’ব দেশৰ হৈ তেওঁ খেলি যাব নে অৱসৰ ল’ব৷