Logo
image

যিসকলৰ ৰেকৰ্ড ভংগ কৰা সহজ নহ’ব

চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখনেৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে আই পি এলৰ পঞ্চদশ ছীজন৷ ২০০৮ চনৰ প্ৰথমটো ছীজনৰ পৰা এতিয়ালৈকে টুৰ্নামেণ্টখনত এনে কেতবোৰ ৰেকৰ্ড দেখা গৈছে, যিবোৰ ভংগ কৰাটো বৰ সহজ নহ’ব৷ তথাপি ক্ৰিকেটপ্ৰেমীৰ আশা, এইবাৰ কোনোবাই এই ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ব৷ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় টুৱেণ্টী২০ টুৰ্নামেণ্ট হিচাপে বিবেচিত আই পি এলৰ যিকেইটা ৰেকৰ্ডৰ বিষয়ে উল্লেখ কৰিবলৈ লোৱা হৈছে, তাৰ ভিতৰত প্ৰথমেই ল’ব লাগিব ৱেষ্ট ইণ্ডিজৰ বেটাৰ ক্ৰিছ গেইলৰ নাম৷ গেইলৰ নামত আছে আই পি এলৰ সৰ্বোচ্ছ ব্যক্তিগত স্ক’ৰৰ ৰেকৰ্ড৷ তেওঁ নিউজীলেণ্ডৰ ব্ৰেণ্ডন মেক্‌কালামৰ নামত থকা ১৫৮ ৰানৰ ৰেকৰ্ড ভংগ কৰে৷ ২০১৩ চনত পুণে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে মাত্ৰ ৬৬টা বলত তেওঁ সংগ্ৰহ কৰিছিল ১৭৫ ৰান৷ গেইলৰ এই ইনিংছটোৰ পাছত টীম ইণ্ডিয়া আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে ছ’চিয়েল মিডিয়াত লিখিছিল–‘গেইলৰ খেল চাই মই ভাবিবলৈ বাধ্য হওঁ যে মোৰ উইকেটকীপাৰ হোৱাৰ সিদ্ধান্ত সঠিক আছিল৷ গেইলৰ ইনিংছটোত আছিল ১৭টা ছিক্সাৰ৷ আই পি এলৰ দ্ৰুততম শতকৰ ৰেকৰ্ডো আছে গেইলৰ নামত৷ ২০১৩ চনৰ ২৩ এপ্ৰিলত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত মাত্ৰ ৩০টা বলত শতক সম্পূৰ্ণ কৰিছিল গেইলে৷ খেলখনত গেইলৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে পাঁচ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ২৬৩ ৰান৷ তাৎপৰ্যপূৰ্ণ কথা যে খেলখনত গেইলে যিমান ৰান সংগ্ৰহ কৰিছিল, পুণে ৱাৰিয়ৰ্ছৰ স্ক’ৰ আছিল সেই সংখ্যাতকৈ কম৷

শ্ৰেষ্ঠ বলিং বিশ্লেষণ ১০ অভাৰৰ ক্ৰিকেটত বলিং কৰাটো বৰ সহজ কথা নহয়৷ কিন্তু আই পি এলত ৱেষ্ট ইণ্ডিজৰ পেচ বলাৰ আলজাৰি যোছেফে ছানৰাইজাৰ্ছ  হায়দৰাবাদৰ বিৰুদ্ধে এখন খেলত ৩.৪ অভাৰত ১২ ৰানৰ বিনিময়ত দখল কৰিছিল ছটা উইকেট৷ এয়া হৈছে টুৰ্নামেণ্টখনত এই পৰ্যন্ত শ্ৰেষ্ঠ বলিং বিশ্লেষণ৷ আঘাতপ্ৰাপ্ত আডাম মিলনেৰ স্থান খেলখনত যোছেফে মুম্বাই ইণ্ডিয়ানছৰ হৈ অভিষেক ঘটোৱাৰ সুযোগ পাইছিল৷

২০১৩ চনত ১৭৫ ৰানৰ ইনিংছটো খেলা খেলখনত গেইল কেইবাটাও ৰেকৰ্ডৰ অধিকাৰী হৈছিল৷ তাৰ মাজত অন্যতম আছিল এটা ইনিংছত সৰ্বাধিক ছিক্সাৰৰ ৰেকৰ্ড৷ গেইলৰ ইনিংছটোত আছিল ১৭টা ছিক্সাৰ৷ আই পি এলৰ সেই ছীজনটোৰ পাছত আঠটা ছীজন অনুষ্ঠিত হৈছে৷ কিন্তু কোনো বেটাৰে গেইলৰ এই ৰেকৰ্ড স্পৰ্শ কৰিব পৰা নাই৷

আই পি এলত দ্ৰুততম অৰ্ধশতৰ ৰেকৰ্ড আছে লোকেশ ৰাহুলৰ নামত৷ ২০১৮ চনত কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক হিচাপে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলি মাত্ৰ ১৪টা বলত ৫১ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিছিল৷ আই পি এলৰ দ্ৰুততম অৰ্ধশতকৰ অধিকাৰী বেটাৰৰ তালিকাত ৰাহুলৰ পাছত সংযুক্তভাৱে আছে ইউছুফ পাঠান আৰু সুনীল নাৰাইন৷ দুয়োজনে ১৫টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছিল৷

আই পি এলৰ ইতিহাসত সৰ্বাধিকবাৰ হেট্ৰিক অৰ্জন কৰাৰ ৰেকৰ্ড আছে লেগ স্পিনাৰ অমিত মিশ্ৰৰ নামত৷ তেওঁ টুৰ্নামেণ্টখনত তিনিবাৰ হেট্ৰিক অৰ্জন কৰিছে৷ মিশ্ৰই ২০০৮, ২০১১ আৰু ২০১৩ বৰ্ষত এই কৃতিত্ব অৰ্জন কৰিছে৷ এইবাৰ মিশ্ৰক কোনো এটা ফ্ৰেঞ্চাইজীয়ে দলত নাৰাখিলে৷ অমিত মিশ্ৰৰ পাছত আই পি এলত সৰ্বাধিকবাৰ হেট্ৰিক অৰ্জন কৰা বলাৰৰ তালিকাত আছে যুৱৰাজ সিং৷ যুৱৰাজে দুবাৰ হেট্ৰিক অৰ্জন কৰিছে৷

আই পি এলৰ এটা ছীজনত সৰ্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড আছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অধিনায়ক বিৰাট কোহলিৰ নামত৷ ২০১৬ চনত কোহলিয়ে ১৬খন খেলত ৮১.০০ গড়েৰে  সংগ্ৰহ কৰিছিল ৯৭৩  ৰান৷ কোহলিৰ ১৬টা ইনিংছত  আছিল চাৰিটা শতক আৰু সাতটা অৰ্ধশতক৷ কোহলিৰ বাহিৰে আন কোনো বেটাৰ আই পি এলৰ এটা ছীজনত ৯০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই৷

আই পি এলৰ প্ৰথমটো ছীজনত [২০০৮] চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি ডেক্কান চাৰ্জাৰ্ছৰ বিৰুদ্ধে  এলবি মৰ্কেলে কোবোৱা ছিক্সাৰ এটাৰ দূৰত্ব আছিল ১২৫ মিটাৰ৷  মৰ্কেলে স্পিনাৰ প্ৰজ্ঞান ওজাৰ বলত এই ছিক্সাৰটো আই পি এলৰ ইতিহাসত এইটোৱেই হৈছে দীৰ্ঘতম ছিক্সাৰ৷