Logo
image

দ্ৰাৱিড়-শচীনৰ অভিলেখ ভংগ কৰিলে ধোনিয়ে

আমাৰ অসম, ২৮ মাৰ্চঃ আই পি এলৰ প্ৰথম মেচত অৰ্ধশতক অৰ্জন কৰাই নহয় ৰাহুল দ্ৰাৱিড় আৰু শচীন তেণ্ডুলকাৰৰ অভিলেখো ভংগ কৰিলে চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে৷ আই পি এলৰ ইতিহাসত সকলোতকৈ বয়স্ক ক্ৰিকেটাৰ হিচাপে ধোনিয়ে অৰ্জন কৰিলে অৰ্ধশতক৷ ৪০ বছৰ ২৬২ দিনত এই সফলতা লাভ কৰিলে তাৰকা খেলুৱৈজনে৷ ইয়াৰ আগেয়ে এই অভিলেখ আছিল ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ নামত৷ ২০১৩ চনত আই পি এলত দিল্লী কেপিটেলছৰ  বিৰুদ্ধে ৩৯ বছৰ ৩৬২ দিনত অৰ্ধশতক কৰিছিল শচীনে৷ সেই বছৰেই শচীনৰ অভিলেখ ভংগ কৰিছিল দ্ৰাৱিড়ে৷ ডেকান চাৰ্জাৰ্ছৰ বিৰুদ্ধে ৪০ বছৰ ১১৬ দিনত অৰ্ধশতক কৰে তেওঁ৷ শনিবাৰে সেই অভিলেখ ভংগ কৰিলে ধোনিয়ে৷ ধোনিৰ বেটৰ পৰা আই পি এলত তিনি বছৰৰ পাছত অৰ্ধশতক আহিল৷ শেষবাৰৰ বাবে তেওঁ ২০১৯ চনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে ৪৮ টা বলত ৮৪ ৰানৰ ইনিংছ খেলিছিল৷