Logo
image

শতবৰ্ষ গৰকা এখন ৰেচম পাম

অসমৰ বৰ্ণাঢ্য ৰেচম আৰু বয়ন শিল্পক বাদ দি জনজীৱনৰ সংস্কৃতি আৰু আৰ্থ-সামাজিক দিশটোৰ কথা কল্পনা কৰিব নোৱাৰি৷ মুগা কাপোৰক বাদ দি অসমীয়াৰ বিহুৰ কথা ভাবিব পাৰি জানো? অথচ আজিও বহুতে এই মুগা সূতা কিদৰে তৈয়াৰ হয় নাজানে৷ মুগা অসমৰ সম্পদ৷ মুগাই অসমৰ একমাত্ৰ সম্পদ যাৰ বৈজ্ঞানিক নামৰ স’তে অসম নামটো আছে তথা মুগাৰ ভৌগোলিক স্বত্ব উল্লেখ আছে৷ [Antheriea assama]৷ সি যি হওক, মুগা তথা অসমৰ ঐতিহ্যময় ৰেচম শিল্পৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ শেহতীয়াকৈ ৰেচম বিজ্ঞানী ড॰ মৃদুল চন্দ্ৰ শৰ্মাই মুগাক বিষয় হিচাপে লৈ ‘সোণালী সূতাৰ সপোন’নামৰ এখন উপন্যাসো লিখি উলিয়াইছে৷ আমাৰ ৰাজ্যত ৰেচম শিল্পৰ গুৰুত্ব কিমান গভীৰ তাক স্পষ্টকৈ বুজিবলৈ মই মিলছৰ ৰিপ’ৰ্টৰ পৰা এখন বিশেষ তালিকাৰ কথা হুবহু উল্লেখ কৰিব খুজিছোঁ৷ ১৮৫৩ চনৰ ৯ জুনত  মফট মিলছে লখিমপুৰৰ পৰা দিয়া এটা ৰিপ’ৰ্টত অসমৰ পৰা  ৰপ্তানি আৰু কলকাতাৰ পৰা আমদানিৰ এখন তালিকা উল্লেখ কৰিছিল৷ সেই তালিকাত অসমৰ পৰা  ৰপ্তানি কৰা সামগ্ৰীৰ শীৰ্ষত আছিল মুগা আৰু এৰী সূতা-কাপোৰ৷ আজিৰ পৰা ১৬৯ বছৰৰ আগতে মুগা-এৰী সূতা-কাপোৰ  ৰপ্তানি কৰি মুঠ ৫৮,৯০০ টকা ৰাজহ সংগ্ৰহ কৰা হৈছিল৷ সেই সময়ত মুগা চোমনিৰ পৰাও ব্ৰিটিছে কৰ সংগ্ৰহ কৰিছিল৷ অসমত ৰেচম শিল্পৰ গুৰুত্বৰ কথা বুজিবলৈ এই তথ্যই যথেষ্ট৷ আজিৰ তাৰিখত অসমৰ ৰেচম বিভাগৰ অন্তৰ্গত ১২খন মুগা পাম আছে৷ ১০০খনৰ অধিক মুগা চৰণীয়া ৰিজাৰ্ভ [VGR]আছে৷ ২৬টা এৰী সঁচ উৎপাদন কেন্দ্ৰ [ECG,ECC] আছে৷ নুনী তথা পাটপলু পাম আছে ১২খন৷ এই সকলো সামৰি অসমৰ ১,৮৬,৬৮৫ হেক্টৰৰ অধিক ভূমি ব্যৱহূত হৈ আছে৷ তদুপৰি কেন্দ্ৰীয় ৰেচম ব’ৰ্ড [CSB]আছে৷ তৎসত্ত্বেও কোটি কোটি টকাৰ বিভিন্ন আঁচনি গ্ৰহণৰ পাছতো আমি চাহিদা অনুযায়ী ৰেচম সূতা উৎপাদন কৰিব পৰা নাই৷ এনে ব্যৰ্থতাৰ কাৰণসমূহ সংশ্লিষ্ট পক্ষই পৰ্যালোচনা কৰা উচিত৷ এই শিল্পৰ স’তে বহু লাখ পলুপালক, উদ্যোগী জড়িত হৈ আছে৷ বিগত লকডাউনৰ সময়ত বহু পলুপালকে, বিশেষকৈ এৰীপালন কৰি সকাহ পাইছিল৷ ৰাজ্যৰ আৰ্থিক সমৃদ্ধিৰ ক্ষেত্ৰত ৰেচম শিল্পই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে৷ নিবনুৱা সমস্যাও লাঘৱ কৰিব পৰা যায়৷ যিহেতু পলুপালনৰ বাবে চোম, শোৱালু, কেশেৰুএৰা আদি খাদ্য বৃক্ষৰ প্ৰয়োজন হয়, সেয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাতো এই শিল্পই অৰিহণা যোগায়৷ পলু লেটা এক উৎকৃষ্ট খাদ্য৷ উচ্ছ প্ৰটিনযুক্ত সম্পূৰ্ণ অৰ্গেনিক এই খাদ্য উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিদেশত যথেষ্ট জনপ্ৰিয়৷ মুগা কাপোৰে অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে৷ মুগা সূতা যিহেতু ১০০ শতাংশ প্ৰাকৃতিক, সেয়ে চিকিৎসাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰাৰ চৰ্চা ইতিমধ্যে হৈছে৷ এই কথা উদ্যোগী দিলীপ বৰাই আমাক কৈছিল৷ [বকো-ছয়গাঁৱৰ‘ফেব্ৰিক প্লাছ’ৰ উপৰি ১০ কোটি টকাৰে ডিমৌ ‘ৰুদ্ৰসাগৰ ছিল্ক লিমিটেড’নামৰ দুটা প্ৰতিষ্ঠান দিলীপ বৰাই গঢ়ি তুলিছিল৷ ক’ভিডৰ সময়তে দিলীপ বৰাৰ মৃত্যু হৈছিল৷ তেওঁৰ মৃত্যুৱে ৰেচম শিল্পটোক যথেষ্ট ক্ষতি কৰিলে৷] সি যি হওক,এই সকলো দিশ চালিজাৰি চাই তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী গুৱাহাটীলৈ আহি এবাৰ যথাৰ্থতে কৈছিল যে অসমে ৰেচম শিল্পটোত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিলে আন একো নকৰিলেও চলে৷ দৰাচলতে ৰেচম শিল্প আমাৰ জাতীয় জীৱনৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক৷ এই শিল্পই অতীতৰে পৰা আমাৰ অৰ্থনীতিক সবল কৰি আহিছে৷ ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতা, মুগা চোমনিৰ কাষত গঢ়ি উঠা চাহ বাগনবোৰৰ বাবে শিল্পটোলৈ যথেষ্ট প্ৰত্যাহ্বান  আনিছে যদিও উন্নত প্ৰযুক্তি তথা বিজ্ঞানসন্মতভাৱে পলুপালন কৰিলে থমকি ৰ’ব লগা নহয়৷ সুখৰ কথা এই প্ৰচুৰ সম্ভাৱনা থকা ক্ষেত্ৰখনত কাম কৰিবলৈ বহু উদ্যোগী যুৱক, প্ৰতিষ্ঠান আগবাঢ়ি আহিছে৷ দেশে-বিদেশে ইয়াৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে৷ ৰেচম শিল্পৰ গৌৰৱময় ঐতিহ্য বহন কৰি ১৯১৯ চনতে ব্ৰিটিছে তিতাবৰত চৰকাৰী ৰেচম পাম গঢ়ি তুলিছিল৷ এই পাম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম চৰকাৰী ৰেচম পাম৷ ইমান প্ৰাচীন চৰকাৰী ৰেচম পাম হয়তো সমগ্ৰ ভাৰততে বিৰল৷ অসমত ৰেচম শিল্পৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছে এই পামখন গঢ়ি তাতেই বৰ্তমানৰ ৰেচম বিভাগৰ বীজ অংকুৰিত কৰিছিল৷ এই বিভাগ তথা তিতাবৰ ৰেচম পামখনৰ প্ৰথম সঞ্চালক আছিল ৰায়বাহাদুৰ কনকলাল বৰুৱা৷ পামখনৰ অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল জাপানৰ পৰা শিক্ষা গ্ৰহণ কৰি অহা নগাঁৱৰ গোলোক চন্দ্ৰ বৰাক৷ সহকাৰী অধীক্ষক আছিল তিতাবৰ মাজগাঁৱৰ ৰত্নেশ্বৰ দত্ত৷ অসমৰ প্ৰথম মন্ত্ৰী ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা, ছাৰ চৈয়দ চাদুল্লা, গোপীনাথ বৰদলৈ, নিকোলাছ ৰয় আদিৰ দৰে লোকে উক্ত পাম পৰিদৰ্শন কৰি আপ্লুত হৈছিল৷ এনেবোৰ কথা ৰত্নেশ্বৰ দত্ত, জীৱন গগৈ, ইমটিয়াজ হুছেইন আদিৰ দৰে তিতাবৰৰ বিশিষ্ট লোকে বিভিন্ন প্ৰসংগত উল্লেখ কৰি আহিছে৷ ৯.৮৩ হেক্টৰৰ এই ঐতিহাসিক ৰেচম পামখনত বহুদিন কাৰ্যনিৰ্বাহ কৰিছিল আন্তৰ্জাতিকভাৱে খ্যাত ৰেচম বিজ্ঞানী ড॰ সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে৷ উল্লেখ্য, এইজন অসমীয়া ৰেচম বিজ্ঞানীক লগ ধৰিবলৈকে তিতাবৰলৈ আহিছিল জাপানৰ বিখ্যাত ৰেচম বিজ্ঞানী ৱাই টাজিমা৷ এই পামতে সম্প্ৰসাৰণ বিষয়া হিচাপে আছিল প্ৰখ্যাত মুগা গৱেষক জীৱন চন্দ্ৰ  গগৈ৷ এনে বহু বৰ্ণিল ঐতিহ্য বহন কৰি গঠন হোৱা এই তিতাবৰ ৰেচম পামখনৰ পৰাই পৰৱৰ্তী সময়ত গঢ়ি উঠিছিল অসম চৰকাৰৰ ৰেচম বিভাগ৷ অথচ শতবৰ্ষ গৰকা এই ঐতিহ্যময় ৰেচম পাম আজিও উপেক্ষিত৷ যিখন পামৰ পৰা ৰেচম বিভাগ গঢ়ি উঠিছিল সেইখন পামকে ৰেচম বিভাগে সুদীৰ্ঘ সময় ধৰি অৱজ্ঞা কৰি আহিছে৷ শতবৰ্ষ গৰকা এই পামখনক এখন আধুনিক আদৰ্শ পাম হিচাপে গঢ়ি তুলি ইয়াক পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ অৱকাশ আছিল৷ এই পামৰ কাষতে লাগি আছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান৷ এই কাৰিকৰী প্ৰতিষ্ঠানটো সুন্দৰকৈ গঢ়ি তোলা হৈছে৷ কিন্তু পামখন উপেক্ষিত হৈ ৰ’ল৷ ঐতিহাসিক তিতাবৰ চৰকাৰী ৰেচম পামখনৰ শতবৰ্ষ উদ্‌যাপন চৰকাৰীভাৱে পালনৰ পোষকতা কৰি সংশ্লিষ্ট পক্ষৰ স’তে যোগাযোগ কৰা হৈছিল৷ কিন্তু বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে সেয়া হৈ নুঠিল৷ তদুপৰি ক’ভিড পৰিস্থিতিয়ে বিধি-পথালি দিলে৷ সেয়ে হ’লেও কিছু পলমকৈ হ’লেও ৫ আৰু ৬ এপ্ৰিলত  স্থানীয় ৰাইজ, বিভিন্ন দল-সংগঠন আৰু ৰেচম বিভাগৰ বিষয়া-কৰ্মচাৰী তথা ৰেচম শিল্পৰ স’তে জড়িত শুভাকাংক্ষীৰ উদ্যোগত এই শতবৰ্ষ উদ্‌যাপন অনুষ্ঠান আয়োজন কৰা হৈছে৷ আশা কৰোঁ এই শতবৰ্ষ উদ্‌যাপনৰ আলমত পামখনক এখন আদৰ্শ পাম হিচাপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰক৷ এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ হস্ততাঁত-বয়ন শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মক অনুৰোধ কৰিলোঁ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জাতিটো সকলো দিশৰ পৰা আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ সেয়ে ৰেচম শিল্পটোক অধিক গতিশীল কৰাৰ স্বাৰ্থত তিতাবৰৰ এই ঐতিহাসিক ৰেচম পামখনক সকলো দিশৰ পৰা উন্নত কৰি গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ৷