Logo
image

কস্তুৰীৰ গিনিজ ৰেকৰ্ড

ভাৰত মহাসাগৰত ১৪ ঘণ্টা সাঁতুৰি

আমাৰ অসম,৩১ মাৰ্চঃ ভাৰত মহাসাগৰৰ বক্ষত ১৩ ঘন্টা ৫৪ মিনিট সাঁতোৰি গিনিজ বিশ্ব অভিলেখ গঢ়িলে অসমৰ দহ বছৰীয়া কন্যা কস্তুৰী গগৈয়ে৷ অসমৰ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙৰ সৈতে শ্ৰীলংকাৰ মানাৰ দ্বীপৰ পৰা ২৯ মাৰ্চত পুৱা ৰ বজাত সাঁতোৰ আৰম্ভ কৰি ৩০ মাৰ্চৰ বিয়লি ২.৫০ বজাত তামিলনাডুৰ আৰ্চুল মুলাইত উপস্থিত হয় কস্তৰী গগৈ৷ মুঠ ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সাঁতোৰ বাবুল গুৰুঙে ১৩ ঘন্টা ৫০ মিনিটত সম্পন্ন কৰাৰ বিপৰীতে কস্তুৰী গগৈক ৪ মিনিট বেছি সময় লাগে৷ সাঁতুৰি থকাৰ সময়ত দুয়োজনে সাগৰত শক্তিশালী ঢৌ, জেলী ফিচৰ সন্মুখীন হ’বলগীয়া হৈছিল৷৷ উল্লেখ্য, এতিয়ালৈ কোনো দহ বছৰীয়া কন্যাই এই দুঃসাহসিক সাঁতোৰ সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে কস্তুৰীয়ে এই সফলতাৰ জৰিয়তে গিনীজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়৷ প্ৰশিক্ষক  বাবুল গুৰুঙে জনোৱা অনুসৰি কস্তুৰী গগৈয়ে অচিৰেই গিনীজ বুক কতৃপক্ষৰ পৰা ইয়াৰ প্ৰমাণ পত্ৰ লাভ কৰিব৷ গুৱাহাটী মাৰিয়া পাবলিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী কস্তুৰী গগৈয়ে ৪ বছৰ বয়সৰ পৰাই সৰুসজাইৰ জাকিৰ হুচেইন একুৱাটিক প্ৰকল্পত  বাবুল গুৰুঙৰ তত্বাবধানত সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ নৱজ্যোতি গগৈ আৰু মিতালী বৰুৱা গগৈৰ কন্যা কস্তুৰীয়ে বিগত বৰ্ষত ৰাষ্ট্ৰীয় সাগৰীয় সাঁতোৰ প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল৷ কস্তুৰীৰ এই সফলতাত অসমৰ ক্ৰীড়ামন্ত্ৰী বিমল বড়া, ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী আৰু অসম সাঁতোৰ সন্থাৰ প্ৰশিক্ষক ভাস্কৰ শৰ্মাই অভিনন্দন জনাইছে৷