Logo
image

বিৰোধীক খণ্ড-বিখণ্ড কৰাৰ খেলতো বিজেপি সফল

ৰাজ্যসভা জয়েই নহয়

আমাৰ অসম,১ এপ্ৰিলঃ ৰাজ্যৰ ২ এপ্ৰিলত খালী হ’বলগীয়া দুখন আসনৰ বাবে অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচনত জয়লাভেই নহয়, বিৰোধীক খণ্ড-বিখণ্ড কৰা খেলতো বিজেপি সফল হৈছে৷ শেহতীয়া ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ ভূমিকাই সেই কথাকেই কাৰ্যতঃ সঁচা প্ৰমাণিত কৰিলে৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ দুখন আসনৰ ভিতৰত মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰী জয়ী হয়৷ কাৰ্যতঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ দৰে কংগ্ৰেছৰ ভোটেৰেই জয়লাভ কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীদ্বয়ে৷ ৰাজনৈতিক বিশ্লেষকসকলে অনুমান কৰাৰ দৰেই‘ঘোঁৰা’ৰ বেপাৰত অভাৱনীয় চৰা দামত বিক্ৰী হ’ল লেঙেৰা ঘোঁৰাও৷ বৃহস্পতিবাৰে পুৱাই আৰম্ভ হৈছিল ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া৷ পুৱা প্ৰায় ৯ বজাত অসম বিধানসভাৰ চেণ্ট্ৰেল হলত স্থাপন কৰা ভোটকেন্দ্ৰত উপস্থিত হৈ প্ৰথমে ভোটদান কৰে বিপিএফ বিধায়ক দুৰ্গাদাস বড়োৱে৷ বিধায়ক দুৰ্গাদাস বড়োৰ পাছত ভোটদান কৰে বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে৷ তাৰ পাছতে শাসক-বিৰোধী সকলো পক্ষৰ বিধায়ক ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰে৷ বিয়লি ৪ বজালৈ ভোটদানৰ সময় ধাৰ্য কৰা হৈছিল যদিও দিনৰ প্ৰায় ১২.১০ বজাতে সম্পূৰ্ণ হয় ভোটদান প্ৰক্ৰিয়া৷ বিগত সময়ত ৰাজ্যসভাৰ বহুকেইটা নিৰ্বাচনত এইবাৰৰ নিৰ্বাচন স্বৰূপাৰ্থতেই আছিল পৃথক৷ ১২৬খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ হাতত আছে ৮২খন আসন৷ মিত্ৰজোঁটৰ দুয়োখন আসনত জয়লাভ কৰিবলৈ প্ৰয়োজন ৮৪টা ভোট৷ গতিকে বিৰোধীৰ সকলো বিধায়কে দলৰ সিদ্ধান্ত অনুসৰি ভোট দিলে এখন আসনত শাসকীয় পক্ষৰ পৰাজয় নিশ্চিত আছিল৷ কিন্তু তাৰ পাছতো শাসকীয় পক্ষই দাবী কৰি আছিল যে শাসকীয় পক্ষই দুয়োখন আসনত জয় লাভ কৰিব৷ বিৰোধী পক্ষই ৰাজ্যসভাৰ নিৰ্বাচনত শাসকীয় পক্ষক প্ৰতিহত কৰাৰ স্বাৰ্থত প্ৰক্ষেপ কৰিছে উমৈহতীয়া প্ৰাৰ্থী৷ সকলোৰে সন্মতি সাপেক্ষে ৰিপুণ বৰাক উমৈহতীয়া প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে৷ কংগ্ৰেছৰ নিজাকৈ আছে ২৭জন বিধায়ক৷ ইউডিএফৰ ১৫জন বিধায়ক৷ চিপিআই [এম] আৰু ৰাইজৰ দলৰো একোজন বিধায়ক৷ সেই হিচাপত বিৰোধীৰ হাতত আছে ৪৪টা ভোট৷ কিন্তু পৰ্যাপ্তসংখ্যক থকাৰ পাছতো বিজেপিয়ে সঠিক নিৰ্বাচনী ৰণকৌশলেৰে ধৰাশায়ী কৰি পেলালে বিৰোধীক৷ বিজেপিৰ ৰাজ্যসভাৰ নিৰ্বাচনত জয়লাভ কৰাই নহয়, বিৰোধীক খণ্ড-বিখণ্ড কৰা খেলতো সফল হ’ল৷ বিৰোধীৰ প্ৰাৰ্থী ৰিপুণ বৰাক ৰাজ্যসভালৈ পুনৰ যোৱাৰ বাট ৰুদ্ধ কৰি দিয়ে বিজেপিয়ে৷ প্ৰথমে ৰহাৰ বিধায়ক শশীকান্ত দাসক নিজৰ শিবিৰলৈ নি বিজেপিয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ বীজগনিতৰ দৰে জটিল খেলখন আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত অৰ্থাৎ অন্তিমটো ক্ষণত কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদক নিজৰফলীয়া কৰি ক্ৰছভোটিং কৰাবলৈ বাধ্য কৰায়৷ তাৰ জৰিয়তে ৰাজ্যসভাৰ দুয়োখন আসনত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ পথ সুনিশ্চিত কৰে৷ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাই ৪৬টা ভোট আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৪৪টা ভোট লাভ কৰি জয়লাভ কৰে৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই সদৰি কৰিছে এই কথা৷ ইফালে, ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই ৩৪টা ভোট লাভ কৰা বুলি বৰাই সংবাদমাধ্যমৰ আগত সদৰি কৰিছে৷ ৰাজ্যসভাৰ নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰি তেওঁ কয়– ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ পক্ষত থাকি ইউডিএফে জাতিটোক বিক্ৰী কৰিলে৷ গণতন্ত্ৰৰ বিপৰ্যয়, ধৰ্মনিৰপেক্ষতাৰ বিপৰ্যয় হোৱা বুলি কৈ তেওঁ আমাক সমৰ্থন জনাইছিল৷ কিন্তু শেষত কংগ্ৰেছক বিশ্বাসঘাটকতা কৰি জাতি, ধৰ্মক বিক্ৰী কৰিলে৷ ৰাজ্যসভাৰ এই নিৰ্বাচনৰ জৰিয়তে বিজেপিয়ে বিৰোধীক খণ্ড-বিখণ্ড কৰাত আশাতীতভাৱে সফল হৈছে৷ কিয়নো বিজেপিৰ কৌশলী ৰাজনীতিৰ বাবে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ-ইউডিএফৰ মাজত মুকলি সংঘাত সৃষ্টি হয়৷ বিজেপিৰ ওচৰত বিক্ৰী যোৱা বুলি পৰস্পৰে পৰস্পৰক লৈ কৰা অভিযোগৰ ফলশ্ৰুতিত উলম্ব বিভাজন ঘটে বিৰোধী শিবিৰৰ মিত্ৰতাত৷ কাৰ্যতঃ চূৰ্ণ-বিচূৰ্ণ হয় বিৰোধীৰ মিত্ৰতা৷ ৰাজ্য সভাৰ নিৰ্বাচনৰ আগদিনা নিশাই তাৰ বহিঃপ্ৰকাশ ঘটিল৷ উল্লেখ্য, ভোটগণনা নিশা প্ৰায় ১০.২০ বজাত আৰম্ভ হৈ নিশা ১১.১৫ বজাত সামৰণি পৰে৷

আশা কৰা মতেই আজি অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী জয়যুক্ত হোৱাত আৱতৰীয়া দীপাণ্বিতাৰ লগতে খাম চিফুংৰ সুৰেৰে উছৱমুখৰ হৈ পৰিছে সমগ্ৰ বিটিআৰ৷ ৰাজ্যসভাৰ বাবে ইউপিপিএল দলে নিক্ষেপ কৰা প্ৰাৰ্থীজনৰ বিজয়ত আত্মহাৰা হৈ পৰিছে ইউপিপিএল দলৰ নেতা-কৰ্মীৰ লগতে সমৰ্থকসকল৷  ইফালে ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে এক উছৱমুখৰ পৰিৱেশ বিৰাজ কৰে কোকৰাঝাৰ চহৰৰ কদমতলাস্থিত ইউপিপিএলৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয় চৌহদত৷ বিশেষকৈ ৰণগৌড়া নাৰ্জাৰীৰ বিজয়ত দলীয় নেতা, কৰ্মী আৰু সমৰ্থকসকলক ফটকা, আতচবাজী ফুটাই নৃত্য-গীত প্ৰদৰ্শন কৰা দেখা যায়৷ ইফালে ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীৰ বিজয়ত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত কুমাৰ বসুমতাৰী আৰু উকীল মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰি বিটিআৰবাসীৰ লগতে অসমবাসীৰ বাবেও ৰণগৌড়া নাৰ্জাৰীক ৰাইজক সেৱা কৰাৰ সুবিধা প্ৰদান কৰিলে বুলি উল্লেখ কৰে৷ ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে আজিৰ দিনত বিটিচিৰ সৰ্বাংগীণ উন্নতিৰ বাবে যিসকলে ইউপিপিএল দলক সমৰ্থন জনাইছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে আজিৰ দিনত কোন বিপিএফ, কোন কংগ্ৰেছ কোন এআইইউডিএফৰ পাৰ্থক্য নাই বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলোৱে অসমৰ উন্নয়ন বিচৰাৰ লগতে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰৰ উন্নয়ন বিচাৰিছে৷ সেয়ে এই দুয়োজন কৰ্মঠ, শক্তিশালী নেতাৰ বলিষ্ঠ ভূমিকাৰ বাবেই অসমৰ সকলো বিধায়কে অসম আৰু বিটিআৰৰ স্বাৰ্থত ৰণগৌৰা নাৰ্জাৰীক ভোট দি জয়যুক্ত কৰিছে বুলি মন্তব্য কৰে৷ তেওঁ লগতে ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নেতৃত্বত অসম আৰু বিটিআৰ আগুৱাই যাব পাৰিব বুলিও কয়৷ উল্লেখ্য যে, একালৰ সংগ্ৰামী প্ৰাক্তন ছাত্ৰ নেতা তথা বিটিচিৰ প্ৰাক্তন এমচিএলএ ৰণগৌড়া নাৰ্জাৰীৰ সপক্ষে ভোট প্ৰদান কৰা বিধায়কসকললৈ শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যখনৰ খিলঞ্জীয়া ভূমিপত্ৰ বড়োসকলৰ লগতে জনজাতিসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে ৰাজ্যসভাৰ মজিয়াত ৰণগৌড়া নাৰ্জাৰীয়ে যুক্তিপূৰ্ণভাৱে উপস্থাপন কৰিবলৈ সক্ষম হ’ব বুলিও কাৰ্যবাহী সদস্যদ্বয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে৷

তামুলপুৰত আবতৰীয়া দিপাৱলী।বিজেপি, এজিপি আৰু ইউপিপিএল মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ বিজয় উপলক্ষে আগতীয়াকৈ তামুলপুৰ জিলা সদৰত ইউপিপিএল কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে৷ ইউপিপিএল দলৰ নেতা-কৰ্মীসকলে ফটকা আতচবাজী ফুটাই আৱতৰীয়া দিপাৱলীৰ পৰিৱেশ সৃষ্টি কৰে৷ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই অহা দলীয়কৰ্মীসকলে ৰণগৌড়া নাৰ্জাৰী জিন্দাবাদ, পৱিত্ৰ মাৰ্ঘেৰিটা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ আদি ধবনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ আজিৰ এই আৱতৰীয়া দিপাৱলী উৎসৱত তামুলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক গণেশ নাথ, গয়বাৰী ব্লক ইউপিপিএলৰ সভাপতি নৰহৰি মহন্ত, জিলাৰ আন এজন সম্পাদক মহেন্দ্ৰ ৰাভা, ইউপিপিএলৰ নেতা বৰুণ ৰামচিয়াৰীৰ উপৰিও বহুসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে৷