Logo
image

ছেনছেক্সৰ পতনৰ দৰে দাম কমিছে কোহলিৰ

আমাৰ অসম, ১ এপ্ৰিলঃ শ্বেয়াৰ বজাৰৰ ছেনছেক্সৰ পতন ঘটাৰ দৰে নিজৰ মূল্যৰ পতন ঘটিছে ভাৰতীয় ক্ৰিকেটৰ অপ্ৰতিদ্বন্দ্বী বেটাৰ বিৰাট কোহলিৰ৷ সকলোৰে দিন সদায় সমানে নাযায়৷ আনকি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ দিনো সমানে যোৱা নাছিল৷ এটা সময় আছিল কোনো কোম্পানীয়ে শচীনৰ দ্বাৰা তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰিলে নিজকে ভাগ্যৱান বুলি গণ্য কৰে৷ কিন্তু কেৰিয়াৰৰ শেষৰপিনে শচীন তেণ্ডুলকাৰৰ বিজ্ঞাপনৰ বজাৰত দৰ কমি আহিছিল৷ ক্ৰিকেট ত্যাগ কৰাৰ পাছত এতিয়া শচীন তেণ্ডুলকাৰক কোম্পানীসমূহেও ত্যাগ কৰিলে৷ বিজ্ঞাপনৰ বজাৰত তেওঁৰ ব্ৰেণ্ড ভেল্যু নাই৷ কিন্তু যি দ্ৰুতগতিত বিৰাট কোহলিৰ বিজ্ঞাপনৰ বজাৰত ব্ৰেণ্ড ভেল্যুৰ পতন ঘটিছে তেনে ঘটনা শচীন আৰু তেওঁৰ উত্তৰসূৰী এম এছ ধোনীৰ ক্ষেত্ৰত ঘটা নাছিল৷ বিজ্ঞাপনৰ বজাৰৰ পৰা অপসৃয়মান শচীনৰ ছাঁয়াৰ ওপৰত ভৰ কৰি দেশৰ প্ৰায় সকলো কোম্পানীৰ বিজ্ঞাপন অকলেই হাতলৈ আনিছিল ধোনীয়ে৷ জাতীয় ক্ৰিকেট দলৰ আটাইকেইটা অধ্যায়ৰ পৰা পশ্চাৎপসৰণৰ পাছত অতি স্বাভাৱিকভাৱে ধোনীৰ হাতৰ পৰাও বিজ্ঞাপনৰ সংখ্যা হেৰাই গৈছিল৷ সেয়া আছিল স্বাভাৱিক প্ৰক্ৰিয়া আৰু ক্ৰমাৎ লাহে লাহে সেই প্ৰক্ৰিয়া সম্পন্ন হৈছিল৷ সেই সকলোবোৰ আহিছিল বিৰাট কোহলিৰ হাতলৈ৷ কিন্তু এতিয়া বিৰাট কোহলিৰ হাতৰ পৰা যি দ্ৰুতগতিত বিজ্ঞাপনৰ বজাৰ আঁতৰি গৈছে সেই ঘটনাই কৰ্প’ৰেট দুনিয়াক হতচকিত কৰি তুলিছে৷ মাথোঁ দুবছৰৰ আগলৈকে যি বিৰাট কোহলিয়ে বছৰত ১৮০৩ কোটি টকা বিজ্ঞাপনৰ জৰিয়তে আয় কৰিছিল সেই একেজন ক্ৰিকেটাৰে পৰৱৰ্তী বছৰটোত বিজ্ঞাপনৰ পৰা লাভ কৰিলে ১৩৭১ কোটি টকা৷ অৰ্থাৎ এবছৰত বিৰাট কোহলিৰ বিজ্ঞাপনৰ পৰা আয় কমিল ৪৩২ কোটি টকা৷ বিজ্ঞাপনৰ বজাৰত এই দ্ৰুত পতন অতি অস্বাভাৱিক হিচাপে গণ্য কৰা হৈছে৷ কিয়নো এনেদৰে সকলোৰে ব্ৰেণ্ড ভেল্যু হ্ৰাস পালেও তাৰ এটা ধীৰ গতি থাকে, যিটো কোহলিৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত হৈ পৰিছে৷ এটা বছৰৰ ভিতৰত ৪০০ কোটিতকৈয়ো অধিক দাম কমাটো বিজ্ঞাপনৰ বজাৰত অস্বাভাৱিকতা হিচাপে পৰিগণিত হৈছে৷ কোৱা হৈছে একেলগে জাতীয় ক্ৰিকেট দলৰ তিনিওটা অধ্যায়ৰ পৰা অধিনায়কত্বৰ দায়িত্ব নোহোৱা হৈ পৰাৰ বাবেই বিৰাট কোহলিৰ ব্ৰেণ্ড ভেল্যুৰ এই অস্বাভাৱিক পতন৷ প্ৰথমে তেওঁ টি-২০ জাতীয় দলটোৰ নেতৃত্ব স্বেচ্ছাই ত্যাগ কৰিছিল৷ তাৰ পাছত কোহলিৰ এদিনীয়া ক্ৰিকেট দলৰ নেতৃত্ব কাঢ়ি নিয়ে বিচিচিআয়ে৷ অভিমানত তাৰ পাছতে নিজেই টেষ্ট দলৰ অধিনায়কত্ব এৰি দিয়ে কোহলিয়ে৷ একেলগে জাতীয় ক্ৰিকেট দলৰ তিনিটা অধ্যায়ৰ অধিনায়কত্ব নোহোৱা হৈ পৰাত বিজ্ঞাপনদাতা কোম্পানীসমূহে কোহলিৰ ওপৰত ভৰসা হেৰুৱাই পেলাইছে৷ একেলগে তেওঁ শেহতীয়াকৈ ক্ৰিকেটৰ পথাৰত অতি শোচনীয় প্ৰদৰ্শন আগবঢ়াইছে৷ দীৰ্ঘদিন কোহলিৰ বেটত ৰান নাই৷ ২০১৯ চনত শেষবাৰৰ বাবে চেঞ্চুৰী কৰা কোহলিয়ে বিগত সময়ছোৱাত ক্ৰিকেটৰ তিনিওবিধ অধ্যায়ৰ এবিধতো তিনিটা অংকৰ ঘৰ স্পৰ্শ কৰিব পৰা নাই৷ এনে পৰিস্থিতি অব্যাহত থাকিলে জাতীয় দলৰ পৰা কোহলি বাদ পৰাটো কেৱল সময়ৰ অপেক্ষা৷ তেনে এক আশংকাতে বিজ্ঞাপনদাতা কোম্পানীসমূহৰ কোহলিৰ ওপৰত ভৰসা নোহোৱা হৈ পৰিছে৷ সেয়ে বিগত এবছৰত তেওঁ হেৰুৱাইছে বিজ্ঞাপনৰ ৪৩২ কোটি টকা৷ তাৎপৰ্যপূৰ্ণভাৱে ছেনছেক্সৰ দৰে নিজৰ ব্ৰেণ্ড ভেল্যুৰ পতন ঘটিলেও আজিৰ দিনটোতো বিৰাট কোহলিয়েই ভাৰতীয় বিজ্ঞাপন বজাৰৰ শীৰ্ষতম ‘ফেচ’৷ কিয়নো এই মুহূৰ্তত কোহলি কমেও ৩০টা কোম্পানীৰ বিজ্ঞাপনৰ সৈতে জড়িত হৈ আছে৷ বলীউডৰ তাৰকা ৰণবীৰ সিং, অক্ষয় কুমাৰ, আলিয়া ভাট আদিৰ তুলনাত কোহলিৰ হাতত অধিক বিজ্ঞাপন আছে৷ তাৰ কাৰণ হৈছে পূৰ্বেই সম্পাদিত হৈ যোৱা কেইবাবছৰীয়া চুক্তি৷ যদিহে তেওঁৰ প্ৰদৰ্শন শোচনীয় হৈ থাকে তেন্তে সেই চুক্তিৰ ম্যাদ শেষ হ’লে কোম্পানীসমূহে পুনৰ কোহলিক নিবিচাৰিব৷ লগে লগে শেষ হৈ যাব বিজ্ঞাপনৰ বজাৰত তেওঁৰ চাহিদা৷ প্ৰসংগতঃ উল্লেখযোগ্য, বিজ্ঞাপনৰ জৰিয়তে ৰণবীৰ সিঙে বছৰি ১১৯৬ কোটি টকা, অক্ষয় কুমাৰে ১০৬০ কোটি টকা আৰু আলিয়া ভাটে ৫১৪ কোটি টকা আয় কৰে৷