নাকত যদি ধৰে লাজে
নাক হ’লে কপালৰ তলত আৰু ওঁঠৰ ওপৰত ওলমি থকা দুটা ছিদ্ৰাযুক্ত এবিধ অংগ৷ ইয়াৰ প্ৰধান কাম হ’ল উশাহ লোৱা আৰু এৰি দিয়া৷ সুগন্ধৰ লগতে গেলা-পচাৰ দুৰ্গন্ধ লোৱাটোও নাকৰ কাম৷ ইনফ্লুয়েঞ্জা হৈ হাঁচি-কাহ আৰম্ভ হ’লে নাকৰ ফুটা দুটা মিউনিচিপিলাটীৰ পানীৰ পাইপ বন্ধ হোৱাৰ দৰে কাৰবাৰ এটা হয়৷ তেতিয়া নাকৰ আগটোত চেপি ধৰি ভিতৰৰ জুলীয়া পদাৰ্থবোৰ উলিয়াই য’তে-ত’তে দলিয়াই দিব লগাত পৰে৷ এনে কাৰ্য কৰোঁতাজনে লাজ নাপায়৷ দেখোঁতাজনেহে ঘৃণা আৰু লাজত নাক কোঁচাব লাগে৷ নাকৰ ভিতৰত নোম কেইডালমান গজি ফিল্টাৰৰ কাম কৰে যদিও এলাৰ্জী থকা মানুহক নাকৰ ফুটাৰে সোমোৱা ধূলি-ধোঁৱাই যমৰ যাতনা ভুঞ্জায়৷ আকাৰ বা ছাইজ মতে, নাকটোৱে বেলেগ বেলেগ নাম পায়৷ তিলফুলীয়া নাক হেনো সবাতোকৈ সুন্দৰ৷ ধেনুভিৰীয়া নাক দীঘল আৰু আগটো ওখনিৰ দৰে ভাঁজ লগাধৰণৰ হয়৷ চেপেটা নাক, ফেঁচা নাক, ভোটা নাক, টুনটুনীয়া নাক, জোঙা নাক আদি জাতি-উপজাতি সাপেক্ষে নাকটোৱে ৰূপ ধাৰণ কৰে৷ পিছে নাকৰ ছাইজ যিয়ে নহওক লাজ-লজ্জাৰ ওপৰত তাৰ কোনো সম্পৰ্ক নাথাকে৷ সৰুতে স্কুলত‘কুলি’নামৰ পদ্য এটা পঢ়িছিলোঁ৷ গোটেই গাটো ক’লা বাবে কুলি চৰাইৰ হেনো বৰ লাজ৷ গাটো গছৰ কুঁহিপাতৰ মাজত লুকাই থৈয়ে কুউ কুউ বুলি বিনায়৷ কবিৰ ভাষাত‘নাকত যদি ধৰে লাজ, নাচাওঁ মই পাতৰ মাজে, ঢাকি তোৰ ক’লা গাটি, লৈ কুঁহিপাত৷’কাউৰী, ফেঁচু চৰায়ো ক’লা৷ সিহঁতৰ পিছে লাজ-মান নাই হ’বলা৷ বিশেষকৈ কাউৰীবোৰ‘লাজ’ৰ ক্ষেত্ৰত পলিটিকেল লীডাৰবোৰৰ দৰে৷ নাকটো কটা৷ লাজৰ ভাণ্ডাৰটো খালী কৰি লোকৰ বস্তু, দেশৰ বস্তু থাপ মাৰি নি চুৰি কৰি নিজৰ পেট ভৰোৱাত ওস্তাদ৷‘লাজুকী বান্দৰ’নামৰ এবিধ বান্দৰৰ হেনো বৰ লাজ৷ হাত দুখনেৰে মুখখন ঢাকি থয়৷ লাজ থকা আন জীৱ-জন্তু দেখা নাযায়৷ পুৰুষেই হওক বা নাৰীয়েই হওক, মানুহ মাত্ৰেই লাজ আছে৷ আমাৰ পুৰুষসকলে দৰা সাজি কইনা ঘৰৰ পদূলি পাওঁতে এদিনৰ বাবে হ’লেও ৰুমালেৰে নাক-মুখ ঢাকি লজ্জা প্ৰকাশ কৰে৷ পৰৱৰ্তী কালত সেই ৰুমালখনৰ অৱস্থা কি হয় অভিজ্ঞজনেহে ক’ব পাৰিব৷ পুৰুষতকৈ নাৰীৰ লাজ বেছি বুলি কোৱা হয়৷ লাজেই হ’ল তেৰাসবৰ অলংকাৰ৷ আমাৰ অসমীয়া জীয়ৰী-বোৱাৰীসকলে শাহু-শহুৰ, বৰজনা, আলহী-অতিথিৰ আগত মূৰত ওৰণি লৈহে ওলাইছিল৷ কইনা সাজোঁতে দীঘলকৈ ওৰণি লৈ ৰভাতলত বহিছিল৷ তাৰ কাৰণ আন কিবা থাকিলেও সেয়া নাকৰ লাজ ঢাকিবলৈকে কৰা কাৰ্য বুলি ধৰি লোৱা হয়৷ এতিয়া দিন-কাল সলনি হ’ল৷ গাভৰুহঁতে শৰীৰত যিমান পাৰি সিমানখিনিলৈকে অল্প বস্ত্ৰ ধাৰণৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ কৰি দিছে৷ লাজ-লজ্জা বোলা শব্দ দুটা হেমকোষ, চন্দ্ৰকান্ত অভিধানৰ পৰা ‘ডিলিট’, মানে আঁতৰাই দিয়াটোৱে মংগল হ’ব নেকি! অদূৰ ভৱিষ্যতে আমাৰ কইনাবোৰৰ চাৰিভাগৰ একাংশই পেণ্ট আৰু টী-ছাৰ্ট পিন্ধি ৰভাতলত বহিলে লাজ দৰাই নাপায়, কইনাজনীয়ে নাপায়৷ পাব দেখোঁতাজনে৷ আমাৰ অসমীয়া যুৱকসকলৰো লাজটো নাকৰ আগত থাকে৷ তেৰাসব লাজুকীলতাৰ দৰে৷ তেওঁলোকে লোকক দেখাকৈ সৰু সৰু কামবোৰ নকৰে৷ কৰে বাংলাদেশীয়ে৷ অসমীয়া ডেকাহঁতে ৰে’লত উঠি চেন্নাই, মুম্বাই, আহমেদাবাদ, বেংগালুৰু, পুনে, দিল্লীলৈ যায়৷ তাত ছিকিউৰিটী গাৰ্ড, ড্ৰাইভাৰ, ক্লিনাৰ আদিৰ ৰূপ ধাৰণ কৰে৷ লাজ নালাগে৷ কাৰণ লাজৰ টোপোলাটো অসমতে খুলি থৈ যায়৷ লোকক ক’বলৈ নাকত লাজ নধৰে৷ –‘অমুকাৰ ল’ৰাটো বেংগালুৰুত থাকে৷ ভাল চাকৰি কৰে৷ বহুত ইনকাম৷’লাজৰ পৰম্পৰা বৰ পুৰণি৷ লক্ষ্মণে ৰাৱণৰ ভনীয়েক শূৰ্পনখাৰ নাকটোহে কাটিছিল৷ ধুনীয়া মায়াৱী ৰাক্ষসিনীৰ ধুনীয়া অংগত ছাৰ্জাৰী কৰিবলগীয়া হোৱা বাবেই কিজানি লংকাকাণ্ডখন হ’ল৷ শূৰ্পনখাই মায়াৰ বলত থিতাতে নোহোৱা হৈ নাকটো বচাব পাৰিলেহেঁতেন কিজানি৷ কন্দৰ এখন লাগক বুলিয়ে চাগে’থম থমকৈ থিয় হৈ থাকিল৷ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত দুৰ্যোধন, দুঃশাসন, কৰ্ণ আৰু শকুনিৰ বাহিৰে বাকীসকলৰ নাকত লাজ লাগিছিল৷ সেইবাবেই সকলো বীৰে তলমূৰকৈ বহি থাকিল৷ লোকৰ তিৰোতাক ছল-চাতুৰি, জোৰ-জুলুমকৈ ৰথত তুলি চুৰি কৰি নিয়া সময়খিনিত ৰাক্ষসৰ ৰজাজনৰ নাকত অলপো লাজ নালাগিল হ’বলা৷ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণই হেনো কেলেণ্ডাৰখন চাই ছমাহ শোৱা আৰু ছমাহ সাৰে থকাৰ নিজাববীয়া ব্যৱস্থা এটা কৰি লৈছিল৷ শুই থাকোঁতে নাকৰ প্ৰকাণ্ড সুৰংগ দুটাৰে আনকি হাতী-ঘোঁৰাও নিশ্বাসত সোমাই গৈছিল৷ গণতন্ত্ৰৰ দোহাই দি লোকসভা,বিধানসভালৈ ৰাইজৰ আশীৰ্বাদ লৈ যোৱাসকলৰ বহুতে কুম্ভকৰ্ণৰ দ্বাৰা অনুপ্ৰাণিত হৈ এবছৰ, দুবছৰ নহয়, পাঁচ বছৰে মহানিদ্ৰাত পৰে৷ তেৰাসবৰ নাকটো চিম্পাজীৰ দৰে গুৰিতে কটা৷ লাজ লাগিবলৈ নাক নাথাকেই৷ হৰি-হৰৰ যুদ্ধত লেতু-সেতু হৈ আমাৰ শোণিতপুৰৰ বাণ ৰজাই লাজত নাক উলিয়াব নোৱৰা হৈছিল৷ ৰুক্মিণীৰ বাবে কৃষ্ণৰ সৈতে যুঁজ দি শিশুপালৰ অৱস্থাও একে হৈছিল৷ ইলেকচনত মুখথেকেচা খোৱাসকলৰ পিছে নাক দীঘল৷ ৰাজমাতা আৰু যুৱৰাজৰ চৰণ সেৱি এতিয়াও দিল্লীৰ মচনদত বহাৰ মধুৰ সপোন দেখিয়ে আছে৷ ঘোঁৰাৰ বেপাৰীসকলৰ আগত এৰাসৱ কোন কুটা? যুৱৰাজক আগত বহুৱাই এখন হাত ওপৰলৈ দাঙি থাকিবলৈ দি বাকী লিগিৰা-লিগিৰীহঁতে ছাগলী, মুৰ্গী, হাঁহ-পাৰৰ বেপাৰতে ধৰা ভাল হ’ব নেকি? অন্যথা লগত থকা মানুহকেইটাও এটা দুটাকৈ ঘোঁৰা ৰূপ ধাৰণ কৰি বেপাৰীৰ হাতত পৰিব৷ কুখ্যাত ড্ৰাগ্ছ মাফিয়া পাখি মিঞাৰ পুতেকেও হেনো এতিয়া ড্ৰাগছৰ ৰমৰমীয়া বেহাত ধৰিছে৷ মন্ত্ৰীৰ পুতেক মন্ত্ৰী, ডাক্তৰৰ পুতেক ডাক্তৰ যদি হ’ব পাৰে, পাখি মিঞাৰ পুতেকে বংশ পৰম্পৰা ৰক্ষা কৰাত বাধা ক’ত? এতেকে পিতৃৰ পথেৰেই দূৰদূৰণিলৈ সা-সম্পত্তি বঢ়োৱাৰ পাখি মেলি দিছে৷ শুনা মতে, বাপেক-পুতেক দুয়োৰে নাক দুটা সৰু কালতে কটা যোৱা৷ লাজ লাগিবলৈ ঠাই নাই৷ এটা সময়ত বিহাৰৰ একছত্ৰী সম্ৰাটজনে গৰু-ম’হৰ ‘দানা’বোৰ নিজে খাই এতিয়া জে’লৰ ভাতৰ প্ৰেমত পৰিছে৷ এইবেলি পাঁচ বছৰমান থকাকৈ গৈছে৷ তেওঁৰ নাকৰ লজ্জাৰ পৰ্দাখন প্লাষ্টিক ছাৰ্জাৰী কৰি উঠাই দিয়া হৈছে৷ ৰাহু [ৰা], কেতু [কা] আৰু শনিয়ে [শ] লম্ভা মানুহজনৰ নাকটো টুনটুনীয়া হ’লেও অলপো লাজ নাই৷ জে’লৰ ভিতৰত বিষ্ণু ৰাভা, শিল্পী দিৱস পাতি, গান গাই তেৰাই ভূপেন, জুবিন, পাপনৰ সৈতে ফেৰ মাৰিবলৈ লৈছে৷ এনেবোৰ মানুহক গাঁৱে-ভূঞে নাককটা বুলি জনা যায়৷ আশাৰাম বাপু, ৰাম-ৰহিম আদি সন্ত পুৰুষসকলৰো নাকত লাজে নধৰে৷ নাৰীদেহৰ পৰা উৰি অহা নামী-দামী পাৰ্ফিউমৰ গোন্ধেহে প্ৰভুসকলৰ দেহ-মন জুৰ পেলায়৷ সকলো নেতা, উপনেতা, পালিনেতাৰ নাকবোৰ এল ই ডি বাŒব জ্বলাদি জ্বলি থাকে৷ পিছে লাজহে নাথাকে৷ য’ত যি মন যায় ক’ব পাৰে৷ তেলৰ পাইপেৰে তেজ বোৱাব পাৰে, ৰাজনীতি ত্যাগ কৰাৰ প্ৰতিজ্ঞা কৰিব পাৰে, লাখ লাখ নিবনুৱাক চাকৰি দিব পাৰে ইত্যাদি৷ সোণাপুৰৰ মিঠা কমলাৰ দৰে ক’ত যে ৰসাল কথা! লাজ নাই যে নায়েই৷ যিখিনি আছিল তাকো‘নমামি ব্ৰহ্মপুত্ৰ’পাতি তাতে উটুৱাই দিলে৷ আমাৰ ঘৰে ঘৰে গৃহিণীসকলে সুবিধা পালেই গৃহস্থজনক‘নাকত ধৰি চাকত ঘূৰায়’৷ লাজতে তেনে পুৰুষে কথাষাৰ বেকত নকৰে৷ আমাৰ মন্ত্ৰীসৱে আমোলা-বিষয়াসকলক নাকত ধৰি চাকত ঘূৰোৱা পৰম্পৰা এটাও গঢ় লৈ উঠিছে৷ অসাধু, ঘোচখোৰ মহাপ্ৰভুসকল জে’ললৈ যাওঁতে মুখখন ৰুমালেৰে ঢাকে৷ অলপ অলপ লাজে চুই যায় হ’বলা৷ পিছে জামিন লৈ ওলাই অহাৰ দিনাখন বত্ৰিশ দন্ত নিকটাই হাঁহি হাঁহি মিডিয়াৰ আগত ‘বাইট’দিয়া দেখি ভাব হয় ‘হে পৰমেশ্বৰ, এইসকলক ধন-সম্পত্তি একো নালাগে৷ অকণমান লাজ ফাঁকুগুড়ি ছটিওৱাদি নাকত সানি দিয়া প্ৰভু৷’