Logo
image

‘কোটা’ৰ ৰাজনীতি

‘আমাৰ অসম’ত ২৯ মাৰ্চত প্ৰকাশিত ড॰ নীলিমা দত্তৰ ‘‘কোটা’ৰ ৰাজনীতি” যথাৰ্থতে যুক্তিযুক্ত বিশে¡ষণেৰে পৰিপূৰ্ণ চিন্তা উদ্ৰেককাৰী লেখা৷ শিৰোনামত ‘কোটা’ শব্দটো থাকিলেই বাদানুবাদৰ সৃষ্টি হোৱাটো আজিকালি এক উত্তৰবিহীন প্ৰক্ৰিয়া হৈ পৰা দেখা গৈছে৷ সংশি¡ষ্ট পক্ষই আচল সত্য উদ্‌ঘাটন কৰি আগবঢ়া উচিত৷ ড॰ দত্তই গভীৰ অধ্যয়নেৰে আজিৰ ৰাজনৈতিক ক্ষেত্ৰখনত ‘কোটা’ৰ ৰাজনীতিৰে মহিলাসকলৰ উচিত অংশগ্ৰহণত আলোকপাত কৰাৰহে প্ৰয়াস কৰিছে৷ ‘আমি ৰাজনীতি বেয়া পাওঁ’ বুলি কোৱা পুৰুষ আৰু মহিলাৰ সংখ্যা আমাৰ ৰাজ্যখনতো বিচাৰিলে কম নোলাব৷ অথচ নিৰ্বাচনৰ সময়ত কোনো দলৰ সপক্ষত ঢৌ সৃষ্টিত এইসকল ৰাজনীতি বেয়া পোৱা লোকৰো যে অৰিহণা নাই তাক কোৱা টান৷ ৰাজনীতি ভাল পাওক বা নাপাওক সি বেলেগ কথা, কিন্তু ৰাজনীতি সম্পৰ্কত আজিৰ শিক্ষিত সমাজত সম্যক ধাৰণাৰ অতি প্ৰয়োজন৷ পুৰুষতান্ত্ৰিক সমাজত মহিলাসকলক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ উলিয়াই নিয়াৰ দায়িত্বৰ পৰা পুৰুষসকল কেতিয়াও সাৰি যাব নোৱাৰে৷ আজিৰ আধুনিক যুগত মহিলাসকল কোনোক্ষেত্ৰতেই পুৰুষতকৈ কম নহয়৷ প্ৰায়ভাগ মহিলাই নিজৰ ঘৰখন চম্ভালাৰ পৰা উপাৰ্জন কৰালৈ সকলোৰে অংশীদাৰ৷ মহিলা অবিহনে ঘৰখন পৰিপাটী হৈ নাথাকে৷ আজিৰ শিক্ষিত সমাজৰ মহিলাই স্বাভাৱিকতে ঘৰখনৰ দৰে সমাজখনকো পৰিপাটীকৈ সজোৱাত অংশগ্ৰহণ কৰিব পাৰে৷ যিহেতু গণতন্ত্ৰ মানেই নিৰ্বাচন, ৰাজনৈতিক দল অপৰিহাৰ্য, গতিকে দলীয় ৰাজনীতিৰ মাজেৰে নিজৰ শাসক নিৰ্বাচিত কৰাটোও অপৰিহাৰ্য৷ প্ৰায় ৫০-৫০ অনুপাত পুৰুষ-মহিলা থকা সমাজখনত পুৰুষৰ সমানে মহিলাসকল আগবাঢ়ি নহা মানেই পুৰুষৰ আধিপত্য/ মহিলাৰ স্বাৰ্থত মহিলাই যিমানেই মাত মাতিব পাৰিব, সিমানেই সা-সুবিধাৰ পৰিমাণ বেছি হোৱাটো স্বাভাৱিক৷ মনৰ অজ্ঞতা আঁতৰ কৰিব পৰা শিক্ষাই স্বাভাৱিকতে বিচাৰ-বুদ্ধি আনি দিয়ে৷ এই বিচাৰ-বুদ্ধিৰ ওপৰতে নিৰ্ভৰ কৰে ৰাজনৈতিক নীতি-আদৰ্শৰ আচল প্ৰতিচ্ছবি৷ সমাজৰ গৰিষ্ঠসংখ্যক পুৰুষ-মহিলা উভয়ে যেতিয়া ৰাজনৈতিকভাৱে সচেতন হ’ব আৰু সমাজ উত্তৰণত ৰাজনৈতিক দলৰ নীতি-আদৰ্শ সঁচা অৰ্থত কল্যাণকামী চৰিত্ৰৰে ভৰপূৰ বুলি উপলব্ধি কৰিব পাৰিব, তেতিয়াই পৰিপক্ব ৰাজনৈতিক সিদ্ধান্ত লোৱাটো মুঠেও টান কাম নহ’ব৷ মুঠতে ৰাজনীতিৰ ভূতৰ পৰা আঁতৰি নাথাকি আমি পৰিপক্বতাৰে ইয়াৰ মোকাবিলা কৰাহে উচিত৷ আজিৰ শিক্ষিত সমাজত সংসদ আৰু বিধানসভাত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ হ’লেহে পৰ্যায়ক্ৰমে ৰাজনীতিত মহিলাসকল সবল হৈ উঠিব৷ অসমত পঞ্চায়ত, পৌৰসভা আৰু পৌৰ নিগমত পঞ্চাছ শতাংশ সংৰক্ষণেৰে মহিলাসকলক ৰাজনৈতিক ক্ষেত্ৰখনলৈ আগুৱাই নিবলৈ কৰা প্ৰমাণ সঁচাকৈয়ে প্ৰশংসনীয়৷ এইক্ষেত্ৰত ৰাজনৈতিক পৰিপক্বতাই মহিলাসকলক সমাজৰ সামগ্ৰিক উন্নয়নত অংশীদাৰ কৰিব৷ এখন বৈষম্যহীন উন্নত সমাজৰ স্বাৰ্থত সকলোৰে যৌথ অৰিহণা অতি প্ৰয়োজন৷ মহিলা অবলা, দুৰ্বলা এনে ভাব মহিলাই মনলৈ আনিবই নালাগিব৷ ড॰ দত্তই প্ৰাসংগিকভাৱেই ক’বলৈ গৈছে যে ‘নাৰী এক বৃহৎ শক্তি৷ চাকৰিয়াল মহিলাসকলে নিজৰ কৰ্মস্থলীৰ দায়িত্বৰ লগতে সন্তান, ঘৰ আদিৰ সকলো দায়িত্ব সুন্দৰভাৱে চম্ভালিব পাৰে, যিটো হয়তো এজন পুৰুষৰ কাৰণে সম্ভৱ নহয়৷ আচলতে নাৰীসকল মানসিকভাৱে যথেষ্ট শক্তিশালী৷ গতিকে সঠিক সিদ্ধান্ত, শুদ্ধ পৰিচালনাৰ বাবে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ অতিকৈ জৰুৰী৷’