Logo
image

কাটাৰ-ইকুৱেডৰৰ উদ্বোধনী মেচ

বিশ্বকাপ-সূচী ঘোষণা

আমাৰ অসম, ৩ এপ্ৰিলঃ বিশ্বকাপ ফুটবলত ভাগ ল’বলগীয়া ৩২টা দলৰ ২৯টাই নিশ্চিত হৈছে৷ প্লে-অফৰ যোগেদি নিৰ্ধাৰিত কৰা হ’ব আন তিনিটা দল৷ তাৰ মাজতে বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাই শুকুৰবাৰে ঘোষণা কৰিলে চলিত বছৰৰ নৱেম্বৰ-ডিচেম্বৰত কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ সূচী৷ ২১ নৱেম্বৰত আয়োজক দেশ কাটাৰ আৰু ইকুৱেডৰৰ মাজৰ খেলখনেৰে আৰম্ভ বিশ্ব ফুটবলৰ মহাৰণ৷ একেদিনাই ছেনেগালে নেদাৰলেণ্ডছৰ বিৰুদ্ধে আৰু ইৰানে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব৷ ২২ নৱেম্বৰত লিঅ’নেল মেছিৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব ছৌদি আৰৱে৷ আনহাতে, ২৪ নৱেম্বৰত ব্ৰাজিলে প্ৰথম খেল খেলিব ছাৰ্বিয়াৰ বিৰুদ্ধে৷ একেদিনাই ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ পৰ্তুগালৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ঘানা৷ ৯, ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল৷ ১৩, ১৪ ডিচেম্বৰত হ’ব ছেমিফাইনেল দুখন আৰু তাৰ পাছত ১৮ ডিচেম্বৰত হ’ব ফাইনেল খেলখন৷  বিশ্বকাপৰ আঠটা গ্ৰুপৰ ‘ই’গ্ৰুপটো সবাতোকৈ কঠিন হিচাপে বিবেচিত হৈছে৷ সেই গ্ৰুপটোত আছে স্পেইন, জাৰ্মানী আৰু জাপান৷ চতুৰ্থ দল হিচাপে কোষ্টা ৰিকা অথবা নিউজীলেণ্ড থাকিব৷ আৰ্জেণ্টিনা আছে ‘চি’গ্ৰুপত৷ মেছিৰ দলটোৰ সৈতে একেটা গ্ৰুপত আছে ছৌদি  আৰৱ, মেক্সিকো আৰু পোলেণ্ড৷ আনহাতে,‘জি’গ্ৰুপত ব্ৰাজিলৰ সৈতে আছে ছাৰ্বিয়া, ছুইজাৰলেণ্ড আৰু কেমেৰুন৷