Logo
image

জাতিদ্ৰোহী

বৰ্তমান বেছিকৈ শুনিবলৈ পোৱা শব্দটোৱেই হ’ল ‘জাতিদ্ৰোহী’৷ ৰাজনীতিত এই শব্দটো বেছিকৈ শুনিবলৈ পোৱা যায়৷ বদন আৰু হৰনাথ দাৰোগাৰ উদাহৰণেৰে ইজনে-সিজনক আক্ৰমণ কৰে৷ প্ৰশ্ন হয়, আনক্ষেত্ৰত জাতিদ্ৰোহী নাই নেকি? ওপৰে ওপৰে চালে জাতিদ্ৰোহী নাই যেনেই লাগে৷ কিন্তু ভালদৰে চালে দেখা যায়  যে সকলোতেচোন জাতিদ্ৰোহীৰেই দপ্‌দপনি৷ কি ৰাজনীতি, কি সমাজনীতি, কি শিক্ষানীতি, কি সংস্কৃতি, কি ক্ৰীড়ানীতি সকলোতে জাতিদ্ৰোহীৰ ৰাজত্ব৷ এটা জাতি শক্তিশালী হৈ জিলিকি থাকিবলৈ হ’লে সেই জাতিৰ মানুহৰ সামাজিক বান্ধোন কটকটীয়া হ’বই লাগিব৷ কিন্তু যেতিয়া এখন গাঁৱত দুটা নামঘৰ হয়, খেলেপতি গাইগুটিয়াকৈ অনুষ্ঠান পাতে, ইখন খেলৰ লগত সিখন খেলে আন্তৰিকতা নাৰাখে, তেতিয়াই সমাজত বিৰূপ প্ৰভাৱ পৰে৷ ই জাতিৰ অগ্ৰগতিক বাধা দিয়ে৷ তেনেকৈ যেতিয়া নানা ধৰ্মৰ, নানা সম্প্ৰদায়ৰ, নানা সংস্কৃতিৰ লোকৰ অৱদানেৰে গঢ়ি উঠা জাতিটোৰ ইটো সম্প্ৰদায়ৰ সিটো সম্প্ৰদায়ৰ, ইটো ধৰ্মৰ লগত সিটো ধৰ্মৰ মনৰ মিল নাথাকে, তেতিয়া জাতি গঠন প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হয়৷ উচ্ছ-নীচ মনোভাবেও জাতিক দুৰ্বল কৰে৷ গতিকে জাতিক দুৰ্বল কৰিব পৰা এনে কাৰ্যত জড়িতসকল প্ৰকাৰান্তৰে জাতিদ্ৰোহীয়েই নহ’লনে? ব্যক্তি এজনৰ শাৰীৰিক শ্ৰম শক্তিশালী জাতিৰ পৰিচয়৷ কিন্তু একো কাম নকৰি চাৰিআলিত কেৰম খেলি, আড্ডা মাৰি সময় কটাই জাতিক তেওঁৰ শ্ৰমৰ পৰা বঞ্চিত কৰি জাতিটোক প্ৰতাৰণা কৰি নিজকে জাতিদ্ৰোহী বুলি প্ৰমাণ কৰা নাইনে? সুস্থ-সবল লোকৰ সমষ্টি হ’ল শক্তিশালী জাতিৰ অন্যতম পৰিচয়৷ কিন্তু মদ-ভাং, ড্ৰাগ্‌ছ খাই সেই লোকসকলে নিজক ধবংস কৰাৰ লগতে জাতিটোকো ধবংস কৰাৰ বাবে তেৱোঁ জানো জাতিদ্ৰোহী নহ’ল? আজিৰ শিশুৱে কাইলৈ জাতিৰ ধবজা বহন কৰিব লাগিব৷ কিন্তু সেই অবুজ শিশুক পঢ়িবলৈ নিদি আনৰ ঘৰত কাম কৰিবলৈ পঠিওৱা অভিভাৱকসকল আৰু সেইসকল নিয়োজিত কৰা মালিকসকলো জাতিদ্ৰোহী নহ’ল জানো? এখন দেশ বা জাতিৰ উন্নতিৰ মাপকাঠী নিৰ্ণয় কৰা হয় খাদ্যশস্য় উৎপাদনত তেওঁলোক কিমান স্বাৱলম্বী তাৰ ভিত্তিত৷ কিন্তু কৃষিযোগ্য সাৰুৱা মাটি কৃষিকাৰ্য নকৰি পেলাই থোৱা লোকসকলো জাতিদ্ৰোহীয়েই নহ’বনে? ভাষা-সংস্কৃতি জাতিৰ পৰিচয়৷ যেতিয়া চিনেমাৰ নামত বা সাংস্কৃতিক অনুষ্ঠানৰ নামত শিল্পীয়ে ভাষা-সংস্কৃতিক বিজতৰীয়া কৰে, তেতিয়া তেওঁলোক জাতিদ্ৰোহী নহ’ব কিয়? খেলুৱৈ এজনে এটা জাতিক প্ৰতিনিধিত্ব কৰি পদক জয়েৰে জাতিলৈ সন্মান কঢ়িয়াই আনে৷ যেতিয়া সুদক্ষ খেলুৱৈ এজনক বঞ্চিত কৰি অদক্ষ খেলুৱৈক নিৰ্বাচন কৰা হয়, সেয়াও জানো জাতিদ্ৰোহিতাই নহ’ল? জাতিটোক আগবঢ়াই নিয়াত উল্লেখযোগ্য বৰঙণি থাকে নানা বিভাগত দিনে-ৰাতিয়ে শ্ৰম কৰিব পৰা কৰ্মচাৰীৰ৷ কিন্তু কাৰ্যালয়ত যেতিয়া তেওঁ টোপনি মাৰে, তেতিয়া তেওঁ জাতিদ্ৰোহী নহ’ব জানো? যেতিয়া কোনো এজন নেতাই আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰি বহুজনৰ প্ৰাণৰ বিনিময়ত ৰাজপাটত বহি আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য পাহৰি যায়, তেতিয়া তেওঁ বদনৰ দৰেই জাতিদ্ৰোহী নহ’লনে? চৰকাৰ চলোৱাসকলে যেতিয়া কৃষিভূমিবোৰ পুঁজিপতিক গতায়, ভোটৰ স্বাৰ্থত বিদেশীক বৰপীৰা পাৰি দিয়ে, তেতিয়া তেওঁলোকো জাতিদ্ৰোহী নহ’লনে? তদুপৰি ঘোচ লোৱা, ঘোচ দিয়া, খাদ্য, ঔষধ আৰু আন সামগ্ৰীত ভেজাল কৰাসকলো জাতিদ্ৰোহী৷ দেখা গ’ল, আমাৰ জাতিটো জাতিদ্ৰোহীৰে ভৰি আছে৷