Logo
image

এইবাৰ হাতীত উঠিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী

আমাৰ অসম, ১০ নৱেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম গণ পৰিষদত। মংগলবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ লগতে কেইবাগৰাকী বৰেণ্য ব্যক্তিয়ে অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ বিশিষ্ট শিক্ষাবিদ তথা কলেজ অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি ড° বলেন্দ্ৰ কুমাৰ দাস, জ্যেষ্ঠ অধিবক্তা ড° ননীগোপাল গোস্বামী, চাৰ্টাৰ্ড একাউণ্টেণ্ট বিবেক জালান, "পেডমেন অফ আছাম" খ্যাত বিশিষ্ট সমাজকৰ্মী নয়ন শইকীয়া, বঙাইগাঁও AJYCPৰ শতাধিক প্ৰাক্তন নেতা-সদস্যৰ লগতে "আছু"ৰ প্ৰাক্তন নেতাকে ধৰি কেইবাশ লোকে এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে যোগদান কৰে অগপত। অনুষ্ঠানত উপস্থিত আছিল অগপৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় নেতৃবৰ্গ, অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল।