Logo
image

‘আমাৰ অসম’ৰ শ্ৰেষ্ঠত্ব

বৰ্তমানৰ বৈদু্যতিন মাধ্যমৰ সময়ত বাতৰিকাকতসমূহৰ জীয়াই থাকিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লগা অৱস্থা৷ এনে এক সংকটপূৰ্ণ সময়ত গৌৰৱেৰে তিষ্ঠি থাকি শ্ৰেষ্ঠত্ব দাবী কৰিব পৰা অসমীয়া বাতৰিকাকতসমূহৰ ভিতৰত ‘আমাৰ অসম’খনো এখন৷ কাকতখনে পাঠক, সমাজ তথা দেশক উন্নতিৰ দিশত আগবঢ়াই নিব পৰা উল্লেখনীয় ভূমিকাৰ বিষয়ে গৰিষ্ঠসংখ্যক লোকে নিশ্চয় একমুখে স্বীকাৰ কৰিব৷ ছপা মাধ্যমৰ কাকত এখন মনোগ্ৰাহী হ’বলৈ কাকতখনৰ সম্পাদকৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে৷ পাঠকক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন শিতানৰ সংযোজনে কাকত এখনক ৰাইজৰ ওচৰ চপাই আনে৷ ‘আমাৰ অসম’ৰ জন্মলগ্নৰে পৰা গ্ৰাহক আৰু পাঠক হিচাপে থকাৰ একমাত্ৰ কাৰণটোৱে হ’ল কাকতখন যথেষ্ট উন্নতমানৰ৷ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে প্ৰয়াত হোমেন বৰগোহাঞিয়ে  অশেষ কষ্টৰে কাকতখনক ব্যতিক্ৰমী হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হৈছিল৷ তেওঁৰ পাছৰ সম্পাদকসকলেও তেওঁতকৈ কোনোগুণে কম কষ্ট কৰা বুলি ক’ব নোৱাৰি, বৰঞ্চ কিছু হ’লেও আগবঢ়া বুলি স্বীকাৰ কৰিব লাগিব৷ কাৰণ, আৰম্ভণিতে গঢ়ি তোলা কাকত এখনৰ মান তথা কাকতখনৰ প্ৰতি থকা পাঠক-গ্ৰাহকৰ আকৰ্ষণ অটুট ৰাখিবলৈ পৰৱৰ্তী সম্পাদকসকলে অশেষ কষ্ট কৰা দৰকাৰ৷ সেই হিচাপে প্ৰয়াত বৰগোহাঞিৰ পিছৰ সম্পাদকসকলে কৰা কষ্টৰ বাবেহে কাকতখনৰ মান পূৰ্বৰ দৰে থকাই নহয় তাতোকৈ উন্নত হোৱা বুলিহে ক’ব লাগিব৷

ছপা মাধ্যমৰ বাতৰিকাকত এখন উন্নতমানৰ হ’বলৈ হ’লে কিছুমান গুণৰ আৱশ্যক৷ সম্পাদকেও লক্ষ্য ৰাখিব লগা কথাষাৰ হ’ল, পাঠকক আকৰ্ষণ কৰিবলৈ হকে-বিহকে যাতে যিকোনো বাতৰি প্ৰকাশ কৰা নহয়; আন অৰ্থত ক’বলৈ হ’লে হালধীয়া সাংবাদিকতাৰ পৰা আঁতৰি থকা৷ কাকত এখনৰ মূল বিশেষত্ব হ’ব লাগে প্ৰকাশিত বাতৰিসমূহ সঠিক আৰু সত্য, নিৰপেক্ষ, মূল বিষয় সংক্ৰান্তীয়, চমুকৈ বাস্তৱ চিত্ৰ প্ৰকাশ কৰা আৰু সাম্প্ৰতিক সময়ৰ দৰকাৰী বাতৰি৷ তদুপৰি ভাষাৰ প্ৰতিও লক্ষ্য ৰখা প্ৰয়োজন৷ সঠিক, সত্য আৰু নিৰপেক্ষ বাতৰি পৰিৱেশনে দৈনন্দিন ঘটি থকা ঘটনাসমূহৰ এক সঁচা চিত্ৰ উপস্থাপন কৰে৷ মানুহে দেশ-বিদেশত ঘটি থকা সত্য ঘটনাসমূহ জানিবৰ বাবেহে বাতৰিকাকত পঢ়ে, সেয়ে মূল বিষয় সংক্ৰান্তীয় সকলো কথা সাঙুৰি চমুকৈ ঘটনা বা বিষয়ৰ এক বাস্তৱ চিত্ৰ দাঙি ধৰিব পৰা কাকতসমূহে পাঠকৰ অধিক সমাদৰ লাভ কৰে৷ লগতে বিভিন্ন বিষয়ত প্ৰকাশ পোৱা লেখাসমূহ জনসাধাৰণৰ স্বাৰ্থৰ হকে হ’ব লাগে, কোনো বিশেষ ব্যক্তি বা দল-সংগঠনৰ পক্ষে হোৱা অনুচিত৷ এনে লেখাসমূহে সমাজ গঠনত যাতে মুখ্য ভূমিকা ল’ব পাৰে, তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত৷ গণতান্ত্ৰিক দেশ এখনত গণতন্ত্ৰক সুষ্ঠভাৱে জীয়াই ৰখাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ দায়িত্ব আৰু ভূমিকা অধিক৷ সেয়ে  সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ  বুলি কোৱা হয়৷ নাগৰিকৰ অধিকাৰ, চৰকাৰৰ দায়বদ্ধতা আৰু দেশ শাসনৰ বিভিন্ন উপায় আদি সংবিধানত সন্নিবিষ্ট হৈ আছে৷ চৰকাৰৰ বিভিন্ন কাম-কাজৰ প্ৰতি চোকা দৃষ্টি ৰাখি নাগৰিকক অৱগত কৰোৱাটো আৰু চৰকাৰৰ ভুল-ত্ৰুটিসমূহ আঙুলিয়াই দিয়াটো সংবাদ মাধ্যমৰ মূল দায়িত্ব৷ সংবাদ মাধ্যমে নাগৰিক আৰু চৰকাৰৰ মাজত এক সাঁকো হিচাপে কাম কৰি চৰকাৰৰ সকলো কাম-কাজৰ বিষয়ে নাগৰিকক আৰু নাগৰিকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰক অৱগত কৰা প্ৰয়োজন৷ স্বাধীন আৰু নিৰপেক্ষভাৱে কাম কৰিবলৈ সংবাদ মাধ্যমৰ স্বাধীনতা অতিকে প্ৰয়োজন৷ অৱশ্যে আমাৰ সংবিধানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ে পৃথকে কোনো অনুচ্ছেদ নাই, বাক স্বাধীনতাৰ মাজতে অন্তৰ্ভুক্ত কৰি ৰখা হৈছে৷ কিন্তু বাক স্বাধীনতাৰ নামত সংবাদ মাধ্যমে সকলো স্বাধীনতা লাভ কৰা বুলি ক’ব নোৱাৰি৷ ইয়াৰ লগতে আন এক উল্লেখযোগ্য স্বাধীনতা হ’ল, কাকত এখনত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত মালিক-কতৃৰ্পক্ষৰ হস্তক্ষেপৰ পৰা মুক্ত হোৱা৷ তেতিয়াহে কাকত এখনে সঁচা অৰ্থত সঠিক, সত্য আৰু নিৰপেক্ষ বাতৰি পৰিৱেশন কৰিব পাৰিব৷ সংবাদ মাধ্যমৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা ফ্ৰী-প্ৰেছ শব্দটিৰ অৰ্থ হ’ল, চৰকাৰৰ ৰাজনৈতিক আঁচনি বা আইডিঅ’লজিকেল বিষয় জনতাৰ মাজত প্ৰচাৰৰ বাবে কোনো হস্তক্ষেপ বা বাধা নথকা৷ বাতৰিকাকতৰ আন এক বিশেষত্ব হ’ল, যিকোনো লোককে যিকোনো সমস্যা, মতামত, তথ্য আদি মুকলিকৈ বাতৰিকাকতত লিখাৰ সুবিধা দিয়া, জনতাৰ সাংবিধানিক, ৰাজনৈতিক বা ধৰ্মীয় অধিকাৰ আদিত মুক্তভাৱে মতামত প্ৰকাশ কৰা৷ চৰকাৰৰ বিভিন্ন কামৰ খতিয়ান দাঙি ধৰি ইয়াৰ ওপৰত নাগৰিকৰ মতামত আৰু ন্যায্য সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

ওপৰত উল্লেখ কৰা গুণসমূহ ‘আমাৰ অসম’ত দেখা যায়, [অৱশ্যে ভাষা সংক্ৰান্তে বা শব্দ গাঁথনিৰ দুই-এটা ভুলৰ বাদে], যাৰ বাবে কাকতখনৰ মান কোনোদিনে কমা বুলি ক’ব নোৱাৰি৷ আগতে উল্লেখ কৰিছোঁ, বাতৰিকাকত এখনৰ মান গঢ়ি তুলিবলৈ কৰা কষ্টতকৈ উন্নত মানক ধৰি ৰখা বা তাতোকৈ উন্নত কৰাটো বেছি কষ্টকৰ৷ প্ৰয়াত হোমেন বৰগোহাঞিৰ পিছৰ দুজন মুখ্য-সম্পাদক ক্ৰমে প্ৰশান্ত ৰাজগুৰু আৰু মনোজ কুমাৰ গোস্বামীয়ে কাকতখনৰ মান যথেষ্ট উন্নত কৰে৷ দুয়োজনেই সৃজনীমূলক প্ৰতিভাৰে কাকতখনৰ মান উন্নতৰ পৰা উন্নততৰ কৰিবলৈ সমৰ্থ হৈছে৷

এইখিনিতে ‘আমাৰ অসম’ৰ বৰ্তমানৰ মুখ্য-সম্পাদক গোস্বামীক তেওঁৰ ব্যতিক্ৰমী ‘ট্ৰেপিজিয়াম’‘ৰাজনীতিৰ অলিয়ে গলিয়ে’শীৰ্ষক কলমৰ বাবে ধন্যবাদ৷ মানুহে নজনা, নভবা, চিন্তা নকৰা ৰাজনীতিৰ ভিতৰুৱা কথাৰে পাঠকক আকৰ্ষণ কৰি আমোদ দিব পৰাটো মনোজ গোস্বামীৰ কৃতিত্ব আৰু বৃহৎ সাফল্য৷ সাফল্য বুলি কোৱাৰ কাৰণ হৈছে, পূৰ্বৰ সম্পাদকৰ নিজা কলমৰ তুলনাত [প্ৰথম কলম আৰু সাৰাংশ] বৰ্তমানৰ ‘ট্ৰেপিজিয়াম’‘ৰাজনীতিৰ অলিয়ে গলিয়ে’অধিক আকৰ্ষণীয়, অধিক মনোগ্ৰাহী আৰু অধিক আমোদজনক৷ ইতিমধ্যে কেবাজনো পাঠকে প্ৰকাশ কৰা মন্তব্য এই কাকততে পঢ়িবলৈ পাইছোঁ৷ মই নিজেও বাট চাই থাকোঁ উক্ত শিৰোনামৰ লেখাটিৰ বাবে৷ ২৬-১২-২০২০ত প্ৰকাশ পোৱা মোৰ ‘বুধ-বিতৰ্কৰ ৰূপালী জয়ন্তী’শিৰোনামৰ লেখাটিত মুখ্য-সম্পাদকলৈ অনুৰোধ জনাইছিলোঁ, পূৰ্বৰ মুখ্য-সম্পাদকৰ দৰে বৰ্তমানৰ মুখ্য-সম্পাদকৰ পৰাও যাতে ‘আমাৰ অসম’ৰ পাঠকে তেওঁৰ নিজা কলমৰ জৰিয়তে বলিষ্ঠ লেখাৰ সোৱাদ পায়৷ সেই সোৱাদ পাই ভাল লাগিছে আৰু লোভো বাঢ়িছে৷

গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমৰ স্বাধীনতা কিমান প্ৰয়োজনীয়, সেয়া বহুতো স্বাৰ্থান্বেষী নেতাই স্বাৰ্থৰ বাবে উপলব্ধি কৰিবলৈ পাহৰি গৈছে৷ সংবাদ মাধ্যম হ’ল মূক জনতাৰ কথা কোৱাৰ মাধ্যম আৰু সংখ্যালঘুৰ অধিকাৰ ৰক্ষাৰ সজাগতা সৃষ্টি, নাগৰিকৰ কোনো অংশ বাদ নপৰাকৈ চৰকাৰৰ সু-শাসন প্ৰতিষ্ঠা নিশ্চিত কৰা আৰু গণতন্ত্ৰৰ তিনিওটা স্তম্ভই সুচাৰুৰূপে কাৰ্যনিৰ্বাহ কৰাৰ ক্ষেত্ৰত দৃষ্টি ৰখা৷ এনেবোৰ কাৰণতে সংবাদ মাধ্যমক এখন ৰাষ্ট্ৰৰ বিপদঘণ্টা হিচাপেও জনা যায়৷ সেয়ে আমেৰিকা যুক্তৰাজ্যৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি তথা দাৰ্শনিক, ৰাজনীতিক, অধিবক্তা, থমাছ জেফাৰছনে কৈছিল, The  press is the only tocsin of a nation, when it is completely silenced, all means of general effort are taken away.