Logo
image

ভাৰতৰ সবাতোকৈ চহকী ক্ৰিকেটাৰ

ক্ৰিকেট ব’ৰ্ডৰ সৈতে চুক্তিবদ্ধ  ক্ৰিকেটাৰে লাভ কৰে বাৰ্ষিক পাৰিশ্ৰমিক৷ তাৰ লগতে আছে খেলৰ বাবে বোনাছৰো ব্যৱস্থা৷ টেষ্ট ক্ৰিকেটত এই পৰিমাণটো কিছু বেছি৷ টেষ্ট ক্ৰিকেটত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিলে বোনাছৰ পৰিমাণ বৃদ্ধি পায়৷ ভাৰতত সৰ্বাধিক জনপ্ৰিয় খেল হৈছে ক্ৰিকেট৷ জনপ্ৰিয়তাৰ লগতে আৰ্থিক দিশতো যথেষ্ট শক্তিশালী ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড [বি চি চি আই]৷ বিশ্বৰ সবাতোকৈ চহকী ব’ৰ্ড হৈছে বি চি চি আই৷ বৰ্তমান ভাৰতত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] হৈছে বিশ্বৰ অন্যতম ধনী ক্ৰিকেট লীগ৷ আই পি এলৰ একোটা ফ্ৰেঞ্চাইজীৰ মূল্য পাকিস্তান ছুপাৰ লীগৰ মুঠ মূল্যৰ সমান৷ ফলত ভাৰতীয় ক্ৰিকেটাৰসকলো আৰ্থিক দিশত যথেষ্ট শক্তিশালী৷ ক্ৰিকেটাৰ এজনে ক্ৰিকেট খেলি পোৱা ধনৰ উপৰি বিভিন্ন কোম্পানীৰ বিজ্ঞাপনত ভাগ লৈও প্ৰচুৰ ধন উপাৰ্জন কৰে৷ তাৰ লগতে আছে তেওঁলোকৰ নিজস্ব ব্যৱসায়ো৷ আই পি এলেও ভাৰতীয় ক্ৰিকেটাৰক ধন ঘটাৰ পথ উলিয়াই দিছে৷

যদি ভাৰতৰ সবাতোকৈ চহকী ক্ৰিকেটাৰৰ তালিকা এখন প্ৰস্তুত কৰা হয়,তেন্তে তালিকাখন হ’ব এনেধৰণৰ–

১.বিৰাট কোহলি

ক্ৰিকেটৰ লগতে বিজ্ঞাপন জগতৰ অন্যতম ডাঙৰ নাম হৈছে বিৰাট কোহলি৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰে কোহলিয়ে৷ তেওঁৰ বাৰ্ষিক পাৰিশ্ৰমিক হৈছে সাত কোটি টকা৷ আনহাতে,কোহলিৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৯৮০ কোটি টকা৷

২.মহেন্দ্ৰ সিং ধোনি

সাম্প্ৰতিক সময়ৰ ভাৰতৰ সবাতোকৈ জনপ্ৰিয় ক্ৰিকেটাৰসকলৰ অন্যতম হৈছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি৷ ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লেও তেওঁৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই৷ তেওঁ কেইবাটাও আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্ৰেণ্ড এম্বেছাদৰ৷ ধোনিৰ সম্পত্তিৰ মূল্য হৈছে ৭৬৭  কোটি টকা৷

৩.শচীন তেণ্ডুলকাৰ

২০ বছৰতকৈ অধিক সময় ভাৰতৰ হৈ খেলা শচীন তেণ্ডুলকাৰ হৈছে বিশ্বৰ অন্যতম চহকী ক্ৰিকেটাৰ৷ তেওঁৰ নামতেই আছে টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক শতকৰ ৰেকৰ্ড৷ তেণ্ডুলকাৰৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ১০৯০ কোটি টকা৷

৪.ৰোহিত শৰ্মা

ভাৰতীয় ক্ৰিকেটৰ ‘হিটমেন’ৰ আখ্যা পোৱা ৰোহিত শৰ্মাই ৩৪ বছৰ বয়সত ৰাষ্ট্ৰীয় দলৰ অধিনায়কৰ দায়িত্ব পাইছে৷ ক্ৰিকেটৰ লগতে বিজ্ঞাপনৰ জগতখনৰ পৰাও যথেষ্ট উপাৰ্জন ৰোহিত শৰ্মাৰ৷ বিৰাট কোহলিৰ দৰে তেওঁৰো বাৰ্ষিক পাৰিশ্ৰমিক হৈছে সাত কোটি টকা৷ তেওঁৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ১৩০ কোটি টকা৷ 

৫.ৰবীন্দ্ৰ জাদেজা

ভাৰতীয় ক্ৰিকেট দলৰ সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হৈছে ৰবীন্দ্ৰ জাদেজা৷ বৰ্তমান তেওঁ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক৷ জাদেজাৰ বাৰ্ষিক পাৰিশ্ৰমিকৰ পৰিমাণ হৈছে ৫কোটি টকা৷ আনহাতে,তেওঁৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ১০০ কোটি টকা৷

৬.শিখৰ ধৱন

গব্বৰ নামেৰে জনপ্ৰিয় শিখৰ ধৱনৰ শেহতীয়া ফৰ্ম বৰ ভাল নহ’লেও তেওঁৰ জনপ্ৰিয়তা আগৰ দৰেই আছে৷ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্ৰেণ্ড এম্বেছাদৰৰ দায়িত্বত থকা ধৱনৰ বাৰ্ষিক পাৰিশ্ৰমিক হৈছে ৫ কোটি টকা আৰু তেওঁৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৯৬ কোটি টকা৷

৭.লোকেশ ৰাহুল

ক্ৰিকেটৰ তিনিটা ফৰ্মেটতেই ৰাহুল হৈছে ভাৰতৰ অন্যতম সফল অ’পেনাৰ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা বাৰ্ষিক পাৰিশ্ৰমিক হিচাপে তেওঁ লাভ কৰে ৫ কোটি টকা৷ তাৰ উপৰি একাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ হৈ বিজ্ঞাপনত ভাগ লয়৷  ৰাহুলৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৪৩ কোটি টকা৷

৮.ঋষভ পণ্ট

ক্ৰিকেট বিশেষজ্ঞসকলে ভাৰতৰ ভৱিষ্যতৰ অধিনায়ক হিচাপে প্ৰক্ষেপ কৰিছে৷ যোৱা বছৰ তেওঁ ভাৰতৰ উইকেটকীপাৰ-বেটাৰ হিচাপে দ্ৰুততম সময়ত টেষ্ট ক্ৰিকেটত এহাজাৰ ৰান সম্পূৰ্ণ কৰাৰ নজিৰ গঢ়িছিল৷ ভাৰতীৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ফালৰ পৰা তেওঁ বাৰ্ষিক পাৰিশ্ৰমিক হিচাপে পায় ৫ কোটি টকা৷ পণ্টৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৩৬ কোটি টকা৷

৯.হাৰ্দিক পাণ্ডিয়া

আই পি এলত বৰ্তমান গুজৰাট টাইটানছৰ নেতৃত্বত থকা হাৰ্দিক পাণ্ডিয়া হৈছে ভাৰতৰ অন্যতম সফল অলৰাউণ্ডাৰ৷ শেহতীয়াকৈ স্বাভাৱিক ফৰ্ম ধৰি ৰাখিব নোৱাৰিলেও আৰ্থিক দিশত আন বহু ক্ৰিকেটাৰতকৈ তেওঁ বহুখিনি আগত আছে৷ পাণ্ডিয়াৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৩০ কোটি টকা৷

১০.যশপ্ৰীত বুমৰা

সোঁহতীয়া পেচ বলাৰ বুমৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ পেচ আক্ৰমণৰ মূল শক্তি৷ আই পি এলত তেওঁ বৰ্তমান মুম্বাই ইণ্ডিয়ানছৰ সদস্য৷ বুমৰাৰ সম্পত্তিৰ মূল্য হৈছে ২৯ কোটি টকা৷