Logo
image

আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা বাবৰ আজম,হেইন্সলৈ

আমাৰ অসম,১২ এপ্ৰিলঃ মাৰ্চৰ বাবে আই চি চিৰ মাহটোৰশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমে৷ মহিলাৰ শাখাত এই সন্মান আগবঢ়োৱা হৈছে অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ৰিচেল হেইন্সলৈ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া শৃংখলাত কৰা প্ৰদৰ্শনৰ সুবাদত বাবৰ আজমে মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ টেষ্ট শৃংখলাত আজমে সংগ্ৰহ কৰিছিল ৩৯০ ৰান৷  দ্বিতীয় টেষ্টত তেওঁ এটা ইনিংছত অভিলেখ ১৯৬ ৰান সংগ্ৰহ কৰিছিল৷ মেচখন ড্ৰ ৰখাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ৱেষ্ট ইণ্ডিজৰ ক্ৰেইগ ব্ৰেথৱেইট আৰু অষ্ট্ৰেলিয়াৰ পেট কামিনছক অতিক্ৰমী দুবাৰকৈ এই বঁটা লাভ কৰা প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হয় আজম৷ ২০২১ চনৰ এপ্ৰিলতো তেওঁ আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল৷ মাৰ্চত আজমৰ প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰি ভোটিং পেনেলৰ সদস্য তথা ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ডাৰেন গংগাই কয়–‘পাকিস্তান-অষ্ট্ৰেলিয়াৰ শৃংখলাত বেটিঙত গুৰুত্বপূৰ্ণ অবদান আগবঢ়োৱা বাবেই নহয়, ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে কৰা চকুত লগা প্ৰদৰ্শনৰ বাবেও বাবৰ আজমলৈ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা আগবঢ়োৱা হয়৷’অষ্ট্ৰেলিয়াক সপ্তমটো মহিলা ক্ৰিকেট বিশ্বকাপৰ খিতাপ জয়ত সহায় কৰি আই চি চিৰ সন্মান লাভ কৰে হেইন্সে৷ আঠখন মেচত কৰা গুৰুত্বপূৰ্ণ ৪২৯ ৰানৰ সহায়ত অষ্টে˜লিয়াক ফাইনেলত উপনীত হোৱাত সহায় কৰিছিল খেলুৱৈ গৰাকীয়ে৷ ইংলেণ্ডৰ ছ’ফি একলেষ্টন আৰু দক্ষিণ আফ্ৰিকাৰ ল’ৰা ৱল্ভাৰড্‌টক অতিক্ৰমী মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে হেইন্সে৷