![image](https://aamarasom.com/uploads/posts/আৰ চি বিৰ বিৰুদ্ধে সবাতোকৈ সফল বলাৰ হিচাপে পৰিগণিত জাদেজা.jpg1649925976.jpg)
আৰ চি বিৰ বিৰুদ্ধে সবাতোকৈ সফল বলাৰ হিচাপে পৰিগণিত জাদেজা
আমাৰ অসম,১৪ এপ্ৰিলঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হৈছে চেন্নাই ছুপাৰ কিংছৰ ৰবীন্দ্ৰ জাদেজা৷ দলটোৰ বিৰুদ্ধে সৰ্বাধিক উইকেট লাভ কৰা খেলুৱৈ হিচাপে চিহ্নিত হৈছে চি এছ কেৰ নতুন অধিনায়কজন৷ মঙলবাৰে আৰ চি বিৰ তিনিটাকৈ উইকেট লাভ কৰি এনে সফলতা লাভ কৰে খেলুৱৈজনে৷ এফ ডু প্লেছিছ নেতৃত্বাধীন দলটোৰ বিৰুদ্ধে জাদেজাই লাভ কৰা উইকেটৰ সংখ্যা হ’লগৈ এতিয়া ২৬ টা৷ আৰ চি বিৰ বিৰুদ্ধে সফল বলাৰৰ তালিকাত ৰবীন্দ্ৰ জাদেজাৰ পিছতে আছে যশপ্ৰীত বুমৰা আৰু আশীষ নেহৰা৷ দলটোৰ বিৰদ্ধে বুমৰা আৰু নেহৰাই লাভ কৰা উইকেটৰ সংখ্যা ক্ৰমে ২৪ আৰু ২৩৷ মঙলবাৰৰ খেলখনত শিৱম ডুবেৰ অপৰাজিত ৯৫ আৰু ৰবিন উথাপ্পাৰ ৮০ ৰানৰ সহায়ত প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত অভাৰত চাৰিটা উইকেট হেৰুৱাই ২১৬ ৰান কৰিছিল৷ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে নিধাৰ্ৰিত অভাৰত ৯ উইকেট হেকৰুৱাই ১৯৩ ৰান কৰি পৰাজয় বৰণ কৰে৷