Logo
image

পুৱাই হেলিকপ্টাৰ লৈ বৰদোৱা থানত মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৭ এপ্ৰিলঃ গোসাঁই বিহুৰ দিনটোত অৰ্থাৎ শনিবাৰে পুৱাই হেলিকপ্টাৰযোগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ বটদ্ৰৱা থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ আগমন উপলক্ষে বটদ্ৰৱা থানত ব্যাপক আয়োজন কৰে থান পৰিচালনা সমিতিয়ে৷ থান চৌহদত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ পুৱাই হেলিকপ্টাৰেৰে বটদ্ৰৱাত উপস্থিত হৈ পোনে পোনে বটদ্ৰৱা থানৰ নাটঘৰৰ মজিয়া উন্নীতকৰণ কাৰ্যৰ ফিটা কাটি মুকলি কৰে৷ পাছত বটদ্ৰৱা থানৰ কীৰ্তনঘৰত মূৰ দোৱাই অসম চৰকাৰৰ তৰফৰ পৰা ২০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ’বলগীয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়,দামোদৰ আতা যাত্ৰী নিৱাস,সত্ৰাধিকাৰ চ’ৰা,আলোচনাগৃহৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে৷ শেষত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰত উপস্থিত হৈ সেৱা লয়৷ সত্ৰাধিকাৰ,ভকত-বৈষ্ণৱসকলৰ উপস্থিতিত এই পৱিত্ৰ কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰাৰ পাছত আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত ভকত-বৈষ্ণৱক উদ্দেশ্যেৰে এখনি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷ চৰকাৰী পুঁজিৰে ২০ কোটি টকা ব্যয়সাপেক্ষ এক অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীজনে৷ মুখ্যমন্ত্ৰী শৰ্মাই পোন প্ৰথমবাৰৰ বাবে গুৰুজনাই চিহ্নযাত্ৰা ভাওনাৰে জাতীয় জীৱনৰ বৰভেটি গঢ়া ঐতিহাসিক দৌলমন্দিৰো দৰ্শন কৰে৷ বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ শুভাৰম্ভ উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২২ কোটি টকা ব্যয় সাপেক্ষে আজি শুভাৰম্ভ হোৱা এই প্ৰকল্পসমূহৰ কাম ১৮ মাহৰ ভিতৰত সমাপ্ত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে৷ নাটঘৰ আৰু মূল থানৰ উন্নয়নৰ কাম ইতিমধ্যে শেষ হৈছে৷ তৃতীয় পৰ্যায়ত হাতীপুখুৰীৰ উন্নয়ন,আকাশী গংগাকে ধৰি অন্যান্য উন্নয়নমূলক কাম-কাজ হাতত লোৱা হ’ব৷ বটদ্ৰৱাত প্ৰায় ২০০ কোটি টকা ব্যয় সাপেক্ষে চলি থকা প্ৰকল্পটোৰ কাম বৰ্তমানৰ ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিত উদ্বোধন কৰা হ’ব৷ ইতিমধ্যে এই কাম অতি তৎপৰতাৰে চলি আছে৷ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ লগত কেইবাটাও দিশ জড়িত হৈ আছে৷ বটদ্ৰৱা মহাপুৰুষগৰাকীৰ জন্মস্থান আৰু পাটবাউসী হৈছে মহাপুৰুষগৰাকীৰ কৰ্মস্থান৷ মুখ্যমন্ত্ৰীয়ে কয় যে পাটবাউসীৰ উন্নয়নৰ কাম চলিত বৰ্ষৰ ভিতৰতে আৰম্ভ কৰা হ’ব৷ মহাপুৰুষগৰাকীৰ জীৱনগাথা বটদ্ৰৱাৰ পৰা আৰম্ভ হয় আৰু কোচবিহাৰত মহাপ্ৰয়াণ ঘটে৷ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰ সৈতে সম্পৰ্কিত পৱিত্ৰ স্থানকে সামৰি গুৰুজনাৰ পদধূলি পৰা সকলো স্থানৰে উন্নতি সাধন কৰা হ’ব৷ এই স্থানসমূহত ধৰ্ম যাত্ৰাৰ নতুন চাৰ্কিট অনুসৰি নামঘৰ আৰু ভকতসকলৰ থকা সুবিধা সন্নিৱিষ্টকৰণেৰে স্থানসমূহৰ উন্নয়ন সাধন কৰা হ’ব৷ আই কনকলতাৰ নামেৰে বিশেষ অনুষ্ঠান এটা গঢ়ি তোলাৰ বাবে পোষকতা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বটদ্ৰৱাত শৈক্ষিক আৰু বৌদ্ধিক অনুষ্ঠান এটা গঢ়ি তোলাৰ বাবেও ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে৷ তেওঁ লগতে কয় যে বটদ্ৰৱাত প্ৰায় ২০০ কোটি টকা ব্যয় সাপেক্ষে চলি থকা প্ৰকল্পটোৰ কাম বৰ্তমান চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিত উদ্বোধন কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে দামোদৰ আতাৰ জীৱন আৰু কৰ্মৰাজিৰো আলোকপাত কৰে৷  আজিৰ এই অনুষ্ঠানত সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামী,যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত,বিধায়ক শশীকান্ত দাস,কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিগণ উপস্থিত থাকে৷  ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱাত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটনৰ এক অন্যতম কেন্দ্ৰৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰায় ২০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা প্ৰকল্পটিৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷ পৰিদৰ্শনকালত সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানক নিৰ্দ্ধাৰিত সময়ত যাতে কাম সম্পূৰ্ণ হয় তাক সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে৷