Logo
image

বৰপেটাত আল-কায়দাৰ শ্লিপাৰ চেলৰ ৬ সদস্য ধৃত

আমাৰ অসম,১৭ এপ্ৰিলঃ ইছলামিক মৌলবাদী সংগঠনৰ ঘাটি হৈ পৰিছে নামনি অসমৰ কেবাখনো জিলা৷ মৌলবাদী সংগঠনে বৰপেটা জিলাৰ একাংশ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকক শ্লীপাৰ চেল হিচাপে ব্যৱহাৰ কৰি অতি সংগোপনে নামনি অসমত চলাই গৈছে জেহাদী কাৰ্যকলাপ৷ পূৰ্বে বৰপেটাত জেহাদী কাৰ্যকলাপ চলাই থকা জামাতুল মুজাহিদীন,বাংলাদেশৰ বহু সদস্যক আৰক্ষীয়ে আটক কৰাৰ পাছত এইবাৰ বাংলাদেশৰ নিষিদ্ধ সংগঠন আনচাৰুল ইছলাম অব বাংলা আৰু আলকায়দা ইন ইণ্ডিয়ান চাবকণ্টিনেণ্ট চমুকৈ এ কিউ আই এছ নামৰ মৌলবাদী সংগঠনে খোপনি পুতিছে জিলাখনত৷ এই মৌলবাদী সংগঠনটোৱে শ্লীপাৰ চেলৰ জৰিয়তে বৰপেটা জিলাৰ লগতে নামনি অসমত নিজৰ সাংগঠনিক ভেটি মজবুত কৰি তুলিবলৈ সক্ষম হৈছে৷ অসম আৰক্ষীৰ বিশেষ শাখাই বৰপেটা আৰক্ষীৰ সহযোগত অভিযান চলাই যোৱা ৫ মাৰ্চত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা এই সংগঠনটোৰ হকে জেহাদী কাৰ্যকলাপ চলাই থকা ৫ জনকৈ সদস্যক গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল বহু তথ্য৷ ৫ মাৰ্চত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদী কেইটাৰ তথ্যৰ আধাৰতে পুনৰ বৰপেটাৰ আৰক্ষীয়ে ৬ টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গ্ৰেপ্তাৰ কৰা জেহাদী কেইটা হৈছে ক্ৰমে সৰ্থেবাৰীৰ ক্ষুদ্ৰ ফালাদি গাঁৱৰ মুফতি চুলেমান আলী [৩৩],হাউলীৰ খন্দকাৰপাৰাৰ জাহিদুল ইছলাম[৩৯],হাউলীৰ কুমুল্লীপাৰাৰ ছাদ্দাম হুছেইন[২৫],ধানবান্ধাৰ গৰৈমাৰী পথাৰ গাঁৱৰ ৰশিদুল ইছলাম ওৰফে হক[২৮]আৰু কাটাঝাৰ জামাতল গাঁৱৰ মুশাৰফ হুছেইন[২৭]আৰু মকিবুল হুছেইন[২৪]৷ ধৃত জেহাদী কেইটাৰ পৰা ১৫টা মোবাইল হেণ্ডছেট আৰু ২১খন চিম কাৰ্ড জব্দ কৰে আৰক্ষীয়ে৷ লগতে জেহাদী কেইটাৰ পৰা জব্দ কৰা হৈছে আৰৱী ভাষাৰ কেবাখনো কিতাপ৷  ইতিমধ্যে আটকাধীন জেহাদী কেইটাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত ৪১৯/২০২২ নম্বৰৰ বিপৰীতে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি /১২১/১২১ এ আৰু আৰ ডব্লিউ ১৭/১৮/১৮ বি/১৯/২০ ইউ এ[পি]ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে৷  শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত আটাইকেইটা জেহাদীক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷  উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা পাঁচ মাৰ্চত এগৰাকী বাংলাদেশী নাগৰিকসহ আল-কায়দা ইন দ্য ইণ্ডিয়ান চাবকণ্টিনেণ্টৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বৰপেটা আৰক্ষী৷ গ্ৰেপ্তাৰ হোৱা জেহাদী কেইটা অল-কায়দা ইন দ্য ইণ্ডিয়ান চাব কণ্টিনেণ্ট চমুকৈ সহযোগী সংগঠন বাংলাদেশৰ আনচাৰুল বাংলাৰ দ্বাৰা প্ৰভাৱিত হৈ বিভিন্ন ধৰণৰ কাৰ্যকলাপ অব্যাহত ৰাখিছিল৷ যোৱা পাঁচ মাৰ্চত আন চাৰি সহযোগীসহ আৰক্ষীৰ জালত পৰা মহম্মদ সুমন নামৰ জেহাদীটোৰ লগত থকা যোগসূত্ৰৰ ভিত্তিতেই এই ৬ জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই আজি এক সংবাদ মেলত সদৰী কৰে৷  আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে তেওঁলোকে জেহাদী কাৰ্যকলাপত জড়িত হ’বলৈ বিভিন্ন লোকক বিভিন্ন ধৰণে প্ৰৰোচিত কৰি আহিছিল৷  জেহাদী কেইটাই নিজ ঘৰৰ পৰাই গোপনে চলাই গৈছিল ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ৷ ধৃত ৬ জেহাদীৰ ভিতৰত মুছাৰফ হুছেইন আৰু মকিবুল হুছেইন সম্পৰ্কত নিজ ভাই-ককাই৷ ইয়াৰে ভিতৰত মকিবুল হুছেইন বিতৰ্কিত সংগঠন পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া চমুকৈ পি আই এফ ৰ সৈতে জড়িত থকাৰ তথ্যও পোৱা গৈছে৷ বহু সময়ত এই জেহাদী কেইটাই আল-কায়দা ইন দ্য ইণ্ডিয়ান চাবকণ্টিনেণ্টৰ সহযোগী সংগঠন আনচাৰুল বাংলাৰ শ্লিপাৰ চেল হিচাপে কাম কৰি আছিল৷ বৰপেটা জিলাত আৰু বহু লোক বিভিন্ন ধৰণে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ উল্লেখ্য যে অসম আৰক্ষীৰ বিশেষ শাখাই বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰাই নামনি অসমৰ বিভিন্ন স্থানত মৌলবাদী সংগঠনৰ সদস্যই জেহাদী কাৰ্যকলাপ চলাই থকাৰ তথ্য লাভ কৰিছিল৷ বিভিন্ন অনুসন্ধানকাৰী সংস্থা আৰু আৰক্ষীয়ে দীৰ্ঘদিন ধৰি মৌলবাদী সংগঠনটোৰ বিৰুদ্ধে অনুসন্ধান চলাই উপযুক্ত তথ্য আৰু প্ৰমাণৰ ভিত্তিত বৰপেটা জিলাৰ বৰপেটা,হাউলী আৰু কলগাছিয়া থানা এলেকাৰ বিভিন্ন স্থানত অভিযান চলাই বৰপেটা জিলাৰ ঢাকালীয়াপাৰাৰ মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ,কলগাছিয়া বালাপাথাৰৰ ছাহজাহান আলীৰ পুত্ৰ খাইৰুল ইছলাম[২৭],কলগাছিয়া খাৰাবাল্লিৰ নুৰুল ইছলামৰ পুত্ৰ বাদশ্বাহ চুলেইমান খান[২৮],আফচাৰ আলীৰ পুত্ৰ নৌচাদ আলী[৪০]আৰু হাউলী ঢাকালীয়াপাৰাৰ মৃত আহমদ আলী খানৰ পুত্ৰ টাইমুৰ ৰহমান খান নামৰ পাচটা জেহাদীক ৫ মাৰ্চত আটক কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ ভিতৰত ঢাকালীয়াপাৰাৰ মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ লোকজনৰ ঘৰ বাংলাদেশৰ নাৰায়নগঞ্জ জিলাৰ আৰালহাজাৰ থানাৰ অন্তৰ্গত আতাদি গাঁৱত৷ মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ মৌলবাদী সদস্যজনে গোপনে অসমত প্ৰৱেশ কৰি ২০১৯ চনৰ পৰাই বৰপেটা জিলাৰ ঢাকালিয়াপাৰা মাদ্ৰাছাত আৰৱীক শিক্ষক হিচাপে কাম কৰি আছিল৷ মাদ্ৰাছা খনত শিক্ষক হিচাপে কাম কৰি থকা সময়ৰে পৰা মহম্মদ চুমনে অসমৰ বিভিন্ন প্ৰান্তত এক বিশেষ সম্প্ৰদায়ৰ যুৱকক আলকায়দা ইন ইণ্ডিয়ান চাবকণ্টিনেণ্ট’নামৰ মৌলবাদী সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰি ধৰ্মীয় মৌলবাদ আৰু জেহাদৰ শিপা বিয়পাইছিল৷ পুৰ্বে গ্ৰেপ্তাৰ কৰা মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ মৌলবাদী সদস্যজনৰ লগত গ্ৰেপ্তাৰ প্তটা জেহাদী আৰু পৰহি গ্ৰেপ্তাৰ কৰা ৬টা জেহাদী আলকায়দা ইন ইণ্ডিয়ান চাবকণ্টিনেণ্ট’নামৰ মৌলবাদী সংগঠনটোৰ সৈতে জড়িত বুলিও আৰক্ষীয়ে সদৰী কৰিছে৷ এই সংগঠনটোক পূৰ্বতে আলকায়দাৰ লগত সংপৃক্ত ‘আনচাৰুল বাংলা’টীম বুলি কোৱা হৈছিল৷ পিচলৈ এই সংগঠনটো আনচাৰুল ইছলাম বুলি কোৱা হয় আৰু এই সংগঠনটোৱে আলকায়দা ইন ইণ্ডিয়ান চাবকণ্টিনেণ্ট’ৰ সহযোগী সংগঠন হিচাপে পৰিগণিত হৈ আহিছে৷ আৰক্ষী সূত্ৰই সদৰী কৰা মতে,সংগঠনটোৰ বিভিন্ন ব্যক্তিৰ লগত যোগাযোগ,সম্পৰ্ক ৰক্ষা আৰু শ্লীপাৰ চেল চলোৱা ধৰণ সচৰাচৰ পাই অহা অসমৰ উগ্ৰপন্থী সংগঠনবোৰৰ দৰে নহয়৷ সংগঠন চলোৱাৰ কাৰিকৰী দিশ যথেষ্ট উন্নত আৰু সম্পূৰ্ণ পৃথক বুলিও সূত্ৰটোৱে সদৰী কৰে৷ বৰপেটা জিলাত সংগঠনটোৰ জেহাদী কাৰ্যকলাপৰ লগত বহু লোক জড়িত আছে আৰু এই সকলক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷