Logo
image

কোটি কোটি টকা জালিয়াতি বন্ধ হোৱাৰ উপক্ৰম ‘এমৱে’

৭৫৮ কোটি টকাৰ সম্পত্তি ফ্ৰীজ

আমাৰ অসম,১৯ এপ্ৰিলঃ দেশৰ ভিতৰতে অন্যতম বৃহৎ আৰ্থিক জালিয়াতি কৰি এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ [ই ডি]ফান্দত পৰিছে এমৱে নামৰ সৰ্বজন পৰিচিত কোম্পানীটো৷ ভয়াবহ বিত্তীয় কেলেংকাৰি সংঘটিত কৰাৰ বাবে ই ডিয়ে এমৱে ইণ্ডিয়াৰ ভাৰতত থকা ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি জব্দ বা ফ্ৰীজ কৰি দিছে আৰু তামিলনাডুৰ ডিন্দিগুল জিলাৰ নীলাকোট্টাইত থকা বৃহৎ ফেক্টৰীটো বন্ধ কৰি দিছে৷ সোমবাৰে ইডিয়ে এমৱে ইণ্ডিয়াৰ বেংকত থকা সকলো ধন, একাউণ্ট,ফিক্সড ডিপ’জিট,ডিন্দিগুলৰ নীলাকোট্টাইত থকা ফেক্টৰী,সামগ্ৰী উৎপাদনৰ প্লাণ্ট, মেছিন,যান-বাহন সকলো জব্দ কৰি দিয়াৰ ফলত বহুবছৰ ধৰি দেশত চলি থকা এমৱে ইণ্ডিয়া এণ্টাৰপ্ৰাইজ বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে৷ মাল্টি লেভেল মাৰ্কেটিভৰ জৰিয়তে প্ৰত্যক্ষভাৱে সামগ্ৰী বিক্ৰী কৰা বুলি দাবী কৰিলেও এমৱেই সামগ্ৰী বিক্ৰীৰ অভিসন্ধিৰে পিৰামিড মাৰ্কেটিং বা পঞ্জি স্কীম চলাই আছিল বুলি ইডিয়ে জনাইছে৷ উল্লেখ্য,ভাৰতত এনেদৰে পিৰামিড মাৰ্কেটিং বা পঞ্জি স্কীমৰ জৰিয়তে বিত্তীয় লেনদেন কৰাতো অবৈধ৷ ‘ছেবি’য়ে এনেধৰণৰ ব্যৱসায়ত অনুমতি প্ৰদান নকৰে৷ উল্লেখ্য,প্ৰায় অনুৰূপ ধৰণে চিট ফাণ্ডৰ জৰিয়তে বিত্তীয় লেনদেন কৰা পশ্চিমবংগৰ সাৰদা আৰু ৰ’জভেলী নামৰ কোম্পানী দুটাৰ লগতে তেনেধৰণৰ অসংখ্য কোম্পানী ইডি,ছেবি আৰু চি বি আয়ে বিত্তীয় কেলেংকাৰি সংঘটিত কৰাৰ বাবে বন্ধ কৰি দিছিল৷ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে সোমবাৰে জব্দ বা ফ্ৰীজ কৰা এমৱে ইণ্ডিয়াৰ সম্পত্তিৰ ভিতৰত ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি,৩৬টা ভিন ভিন একাউণ্টত থকা ৩৪৫.৯৪ কোটি টকা অন্তৰ্ভূক্ত হৈ আছে৷ ২০০২-০৩ চনৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈকে এমৱে ইণ্ডিয়াই ভাৰতত ব্যৱসায় কৰি ২৭,৫৬২ কোটি টকা উপাৰ্জন কৰিছে৷ এই সময়চোৱাত কোম্পানীটোৱে কমিছন হিচাপে ডিষ্টিবিউটৰ আৰু মেম্বাৰক আদায় দিছে ৭,৫৮৮ কোটি টকা৷ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিস্ফোৰক অভিযোগ,ডাইৰেক্ট ছেলিং বা প্ৰত্যক্ষ বিক্ৰীৰ অভিসন্ধিৰে এমৱে ইণ্ডিয়াই ভাৰতত ইমানদিন ধৰি বিত্তীয় জালিয়াতি সংঘটিত কৰি আহিছিল৷ তাৰ বাবে এমৱে ইণ্ডিয়াই আশ্ৰয় লৈছিল এম এল এম বা মাণ্টি লেভেল মাৰ্কেটিং নেটৱৰ্কৰ৷ একেবাৰে ওপৰত এজন ব্যক্তি আৰু তেওঁৰ পৰা পুলি পোখা মেলি ক্ৰমাত তললৈ বহল হৈ পৰি পিৰামিডৰ আকৃতিত বৃদ্ধি পোৱা এনে ব্যৱসায়ক পিৰামিড মাৰ্কেটিং বা পঞ্জি স্কীম বুলি কোৱা হয়৷ এনেধৰণৰ ব্যৱস্থাৰে ভাৰতত বিত্তীয় লেনদেন কৰা বা ধন আহৰণ কৰাটো অবৈধ৷ তাৰ বাবেই দীৰ্ঘ নিৰীক্ষণৰ অন্তত সোমবাৰে ইডিয়ে এমৱে ইণ্ডিয়াৰ সকলো সম্পত্তি জব্দ কৰে৷ ইডিয়ে জনাইছে–‘কোম্পানীটোৱে তেওঁলোকৰ সামগ্ৰীত যি মূল্য নিৰ্দ্ধাৰণ কৰে সেয়া দেশত চলি থকা এনেধৰণৰ আন সামগ্ৰীতকৈ বহু অধিক৷ ভাৰতত প্ৰচলিত অনুৰূপ সামগ্ৰী বহু বিখ্যাত কোম্পানীয়ে এমৱেতকৈ কম মূল্যত বিক্ৰী কৰি আহিছে৷ প্ৰকৃত সত্য নজনাকৈ জনসাধাৰণৰ অনেকেই এমৱে কোম্পানীত যোগদান কৰে আৰু কোম্পানীটোৰ প্ৰবঞ্চনাৰ বলি হয়৷ গ্ৰাহকেও তেনে প্ৰত্যক্ষ বিক্ৰেতাৰ কথাত ভোল গৈ চৰা দামত সামগ্ৰী ক্ৰয় কৰে৷ অথচ দেশত তেনে মানৰ সামগ্ৰী আন ভাৰতীয় বিখ্যাত কোম্পানীয়ে বহু কম মূল্যত গ্ৰাহকৰ যোগান ধৰি আহিছে৷ সামগ্ৰিকভাৱে এয়া উচ্চহাৰত সামগ্ৰী বিক্ৰীৰ জৰিয়তে বিত্তীয় লেনদেন আৰু সেই লেনদেন কৰা হৈছে অবৈধ মাল্টি লেভেল মাৰ্কেটিঙৰ জৰিয়তে৷ তদুপৰি ভুৱা ভাষণ আৰু প্ৰলোভনসূচক কথাৰে কোম্পানীটোৰ শীৰ্ষ স্থানত থকা এজেণ্ট সদৃশ বিষয়াই এমৱেৰ জৰিয়তে কেনেকৈ অভাৱনীয়ভাৱে চহকী হ’ব পাৰি সেয়া বুজাই বঢ়াই ইজনৰ পাছত সিজনক কোম্পানীটোত যোগদান কৰোৱায়৷ অথচ, তেনে লাখ লাখ লোকে যোগদান কৰি সামগ্ৰী ক্ৰয় কৰি থাকে আৰু তেওঁলোকৰ ওপৰত থকাবোৰে বিশাল পৰিমাণত ধন সংগ্ৰহ কৰে৷ অথচ নতুনকৈ যোগদান কৰি সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হোৱা অনেকেই বিক্ৰী কৰিব নোৱাৰি সেই সামগ্ৰী নিজেই ৰাখিবলগীয়াত পৰে৷ এনেদৰে সৰ্বস্বান্ত হোৱা প্ৰত্যক্ষ বিক্ৰেতা দেশত লাখ লাখ আছে৷’ইডিৰ এই আকস্মিক পদক্ষেপৰ ফলত সোমবাৰে দেশজুৰি হাহাকাৰৰ সৃষ্টি হৈছে৷ কিয়নো এমৱে ইণ্ডিয়াৰ অধীনত সমগ্ৰ দেশত আজিৰ দিনটোত ৫,৫০,০০০ সক্ৰিয় ডাইৰেক্ট ছেলাৰ বা প্ৰত্যক্ষ বিক্ৰেতা আছে৷ তেওঁলোকে এই কাম কৰিয়েই জীৱিকা আহৰণ কৰে৷ তদুপৰি দেশত এমৱে ইণ্ডিয়াৰ আছে ২,৭০০ জন নিজা বিষয়া-কৰ্মচাৰী৷ ১৯৯৫ চনত প্ৰতিষ্ঠা হোৱা এমৱেই ১৯৯৮ চনৰ পৰা ভাৰতত ব্যৱসায় আৰম্ভ কৰি ইতিমধ্যে দেশৰ ভিতৰত বৃহত্তম এফ এম চি জি কোম্পানীত পৰিগণিত হৈছে৷ দেশৰ ১১৯ স্থানত আছে এমৱেৰ ১৩০ খন দোকান আৰু ২৮টা ৱেৰহাউছ৷ আমেৰিকাৰ মিছিগানত মুখ্য কাৰ্যালয় থকা কোম্পানীটোৱে ভাৰতত ব্যৱসায়ৰ বাবে ১০০০ কোটি টকা আৰু সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ৬০০ কোটি টকা বিনিয়োগ কৰিছে৷ ইডিয়ে হঠাতে এমৱেৰ সকলো সম্পত্তি জব্দ কৰি দিয়াৰ লগে লগে কোম্পানীটোৰ সৈতে জড়িত ৫,৫০,০০০ ৰো অধিক লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ কৰ্ম সংস্থাপন আৰু জীৱিকা হেৰুওৱাৰ আশংকাতে দেশজুৰি এমৱেৰ সৈতে জড়িত প্ৰত্যেকেই সম্প্ৰতি বিবুধিত পৰিছে৷