Logo
image

পাকিস্তানত এইবাৰ ইন্ধন, বিদ্যুতৰ নাটনি

সঘন বিদ্যুৎ কৰ্তনত অন্ধকাৰত শ্বেহবাজৰ দেশ

আমাৰ অসম,২০ এপ্ৰিলঃ বিত্তীয় সংকটত জুৰুলা পাকিস্তানৰ পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰিছে৷ ‘ভুতৰ ওপৰত দানহ পৰা’ৰ দৰে পাকিস্তানক ইন্ধন আৰু বিদ্যুতৰ নাটনিয়েও জুৰুলা কৰিছে৷ গতিকে এই সময়খিনি শ্বেহবাজ শ্বৰীফৰ নতুন চৰকাৰৰ বাবে ‘অগ্নি পৰীক্ষা’হিচাপে বিবেচিত হৈছে৷ কাৰণ বিত্তীয় সংকটলৈ পাকিস্তানক ঠেলি দিয়াৰ অভিযোগ আনিয়েই শ্বেহবাজৰ নেতৃত্বৰ ঐক্যবদ্ধ বিৰোধীয়ে ইমৰান খান চৰকাৰক গাদীচ্যুত কৰিছিল৷ এতিয়া শ্বেহবাজৰ চৰকাৰে পাকিস্তানৰ বিত্তীয় সংকটৰ মোকাবিলা কেনেকৈ কৰে,তালৈ সকলোৱে চকু ৰাখিছে৷ কিন্তু তেনে সময়তে দেশখনত ইন্ধন আৰু বিদ্যুতৰ ব্যাপক নাটনি সৃষ্টি হোৱাত নতুন চৰকাৰৰ বাবে এয়া ‘মূৰৰ বিষ’হিচাপে পৰিগণিত হৈছে৷ পাকিস্তানত সঘনাই হোৱা বিদ্যুৎ কৰ্তনে দেশখনক অন্ধকাৰৰ মাজলৈ লৈ গৈছে৷ বিদ্যুতৰ নাটনিৰ ফলত সধাৰণ লোকৰ লগতে পাকিস্তানৰ উদ্যোগবোৰো লোকচানৰ সন্মুখীন হৈছে৷ বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ফলত বিশ্বৰ বজাৰত কয়লা আৰু প্ৰাকৃতিক গেছৰ দাম আকাশচুম্বী হৈ পৰিছে৷ যাৰ ফলত পকিস্তানে বিশ্বৰ বজাৰৰ পৰা কয়লা আৰু গেছ ক্ৰয় কৰিবলৈ অপাৰগ হৈছে৷ গতিকে পাকিস্তানৰ শক্তি প্ৰকল্পৰ কাম প্ৰায় অচল হৈ পৰিছে৷ ৰাছিয়া-ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলত পাকিস্তান প্ৰায় ১৫ বিলিয়ন মাৰ্কিন ডলাৰ লোকচানৰ সন্মুখীন হৈছে৷ এই কথা প্ৰকাশ কৰে পাকিস্তানৰ নতুন বিত্তমন্ত্ৰী মিফতাহ ইছমাইলে৷ তেওঁ আৰু কয় যে ইন্ধনৰ নাটনি আৰু কাৰিকৰী বিজুতিৰ ববেই ১৩ এপ্ৰিললৈকে ৭১৪০ মেগাৱাট বিদ্যুৎ উৎপাদন হ্ৰাস পায়৷ এই সমস্যা অতি সোনকালেই সমাধান হোৱাৰ লক্ষণ নাই৷