Logo
image

জীৱনৰ খেল সামৰি গ’লগৈ ফুটবলৰ ৰাজপুত্ৰ

আমাৰ অসম, ২৬ নৱেম্বৰঃ ফুটবল বিশ্বক শোকস্তব্ধ কৰি জীৱনৰ খেল সামৰিলে ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাই৷ হূদৰোগত আক্ৰান্ত হৈ ৬০ বছৰ বয়সত বুধবাৰে মৃত্যু হয় বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈজনৰ৷ বিগত কেইবামাহ ধৰি অসুস্থ হৈ আছিল মাৰাডোনা৷ ৩০ অক্টোবৰত ৬০সংখ্যক জন্মদিৱস উদ্‌যাপনৰ পাছত মগজুৰ ৰক্তক্ষৰণৰ বাবে নৱেম্বৰৰ দ্বিতীয় সপ্তাহত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিল৷ অস্ত্ৰোপচাৰ কৰা হৈছিল মস্তিষ্কৰ৷ সফল অস্ত্ৰোপচাৰৰ পাছত আঠ দিন পূৰ্বে মাৰাডোনাক স্বগৃহলৈ অনা হৈছিল যদিও চিকিৎসা চলোৱা হৈছিল সুৰাৰ প্ৰতি থকা আসক্তি দূৰ কৰাৰ৷ সেই সময়ত চিকিৎসকেও আশংকা কৰিছিল মাৰাডোনা স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো বৰ সহজ নহ’ব৷ সেই আশংকাই সত্য হ’ল৷ ১৯৮৬ চনৰ মেক্সি’কো বিশ্বকাপত মাৰাডোনাৰ ভৰিৰ যাদুৱে মন্ত্ৰমুগ্ধ কৰিছিল ফুটবল বিশ্বক৷ তেওঁৰ নেতৃত্বতে আৰ্জেণ্টিনাই জয় কৰিছিল বিশ্বকাপ৷ ইংলেণ্ডৰ বিৰুদ্ধে সেইবাৰৰ বিশ্বকাপৰ তেওঁৰ ‘হেণ্ড অৱ গড’ এতিয়াও বিশ্ব ফুটবলৰ চৰ্চিত বিষয়৷ চাৰি বছৰ পাছত ইটালী বিশ্বকাপতো মাৰাডোনাৰ নেতৃত্বতে আৰ্জেণ্টিনাই খেলিছিল ফাইনেল৷ আৰ্জেণ্টিনাৰ হৈ ৯১খন খেলত মাৰাডোনাই কৰিছিল ৩৪টা গ’ল৷ চাৰিবাৰ তেওঁ বিশ্বকাপত প্ৰতিনিধিত্ব কৰিছিল ৰাষ্ট্ৰীয় দলক৷ ১৯৯৭ চনত ফুটবল কেৰিয়াৰ সামৰি আৰম্ভ কৰিছিল প্ৰশিক্ষকৰ জীৱন৷ ২০০৮ৰ পৰা ২০১০লৈ তেওঁ আছিল আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰশিক্ষকৰ দায়িত্বত৷ মৃত্যুৰ আগলৈকে তেওঁ আছিল আৰ্জেণ্টিনাৰ জিমনাছিয়া লা প্লাটাৰ প্ৰশিক্ষক৷ ইটালীৰ নেপ’লি ক্লাবক সফলতাৰ উচ্ছ শিখৰলৈ লৈ যোৱা মাৰাডোনাই খেলিছিল বাৰ্চিলোনা, বোকা জুনিয়ৰ্ছৰ দৰে আগশাৰীৰ ক্লাবত৷ বিতৰ্ক আছিল মাৰাডোনাৰ আজীৱন সংগী৷ ১৯৯৪ চনৰ আমেৰিকা বিশ্বকাপত ড’প টেষ্টত ধৰা পৰি স্বদেশলৈ উভতিবলগীয়া হৈছিল তেওঁ৷ ড্ৰাগ্‌ছৰ প্ৰতি থকা আসক্তিয়ে তেওঁৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল৷ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল শৰীৰৰ ওজন৷ সুৰাৰ প্ৰতি থকা আসক্তিও হৈ পৰিছিল সমস্যা৷ স্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈ পৰিয়াল আৰু বন্ধুবৰ্গই প্ৰায়েই মাৰাডোনাক সতৰ্ক কৰি দিছিল৷ কিন্তু সুৰাৰ প্ৰতি থকা আসক্তি দূৰ কৰাৰ চিকিৎসা চলি থকাৰ সময়তে বিদায় ল’লে বিশ্ব ফুটবলৰ কিংবদন্তী ফুটবলাৰজনে৷

পেলে আৰু মাৰাডোনাৰ শ্ৰেষ্ঠ কোন? দীৰ্ঘ সময় ধৰি ফুটবল বিশ্বত চলি আছে এই চৰ্চা৷ মাৰাডোনাৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে পেলেকো৷ মাৰাডোনাৰ প্ৰতি পেলেৰ আছিল আগাধ  শ্ৰদ্ধা৷ আৰ্জেণ্টাইন ছুপাৰষ্টাৰজনৰ মৃত্যুত শোক প্ৰকাশ কৰি পেলেই আৱেগিক হৈ কয়– ইহলোকত বন্ধুক হেৰুৱালেও পৰলোকত পুনৰ তেওঁক প্ৰতিদ্বন্দ্বীৰ ৰূপত পাব বিচাৰো৷