Logo
image

‘আমাৰ অসম’- ১৯৯৭ৰ পৰা ২০২২লৈ

কুৰি শতিকাৰ বিশ্বৰ ৰাজনীতি,অৰ্থনীতি,সাহিত্য,সাংবাদিকতা,ক্ৰীড়া আৰু বিজ্ঞানৰ পথাৰত আলোড়ন সৃষ্টি কৰা অন্যতম ঘটনাবহুল তথা স্মৰণীয় বৰ্ষটো হ’ল ১৯৯৭ খ্ৰীষ্টাব্দ৷ বিংশ শতিকাৰ এক যুগান্তকাৰী বৰ্ষ হিচাপে ১৯৯৭ খ্ৰীষ্টাব্দটো চিহ্নিত হোৱাৰ কেতবোৰ বিশিষ্ট কাৰক আৰু ঘটনা ইতিমধ্যে বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈছে৷ ১৯৯৭ খ্ৰীষ্টাব্দটো আমাৰ বাবে এইবাবেই গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক, কিয়নো সেই বছৰতেই ভাৰতে গ্ৰেট ব্ৰিটেইনৰ পৰা লাভ কৰা  স্বাধীনতাৰ সোণালী জয়ন্তী উদ্‌যাপন কৰিছিল আৰু চীনে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা এশ বছৰ পাছত হংকং উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ শান্তিৰ নোবেল বঁটাপ্ৰাপক মাদাৰ টেৰেছা,আধুনিক চীনৰ ৰূপান্তৰকাৰী নেতা ডেং জিয়াও পিং,অসমীয়া সাহিত্যৰ প্ৰথমজন জ্ঞানপীঠ বঁটাপ্ৰাপক সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বৰ্ণাঢ্য জীৱনৰ সামৰণি পৰাৰ লগতে ইউনাইটেড কিংডমৰ কনিষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে টনী ব্লেয়াৰ নিৰ্বাচিত হয় ১৯৯৭ত৷ ইটালীৰ বাঁওপন্থী সাহিত্যিক দাৰিঅ’ ফ’ক সেই বৰ্ষতেই নোবেল বঁটাৰে  সন্মানিত কৰা হৈছিল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশ যান পাথ ফাইণ্ডাৰে মংগল গ্ৰহত পদাৰ্পণ কৰিবলৈ সক্ষম হৈছিল৷ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ বিধবংসী বেটছমেন ছঈদ আনোৱাৰে ১৯৪ ৰান সংগ্ৰহ কৰি অভিলেখ ৰচনা কৰিছিল ১৯৯৭ত৷ বিশ্ববিখ্যাত মাজুলীত আলফাই ১৯৯৭ সেই বছৰতে সঞ্জয় ঘোষক হত্যা কৰি আন্তৰ্জাতিক মহলত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু সেই চনতেই ৰাছিয়া আৰু নাটো গোষ্ঠীৰ মাজত নিৰাপত্তা আৰু সহযোগিতাৰ প্ৰথমখন আনুষ্ঠানিক চুক্তি ফ্ৰান্সত স্বাক্ষৰিত হৈছিল৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ে প্ৰদান কৰা বিশ্ববিখ্যাত পুলিৎজাৰ বঁটা ১৯৯৭ খ্ৰীষ্টাব্দত অৰ্পণ কৰা হৈছিল আইৰিছ-আমেৰিকান  মূলৰ লেখক ফ্ৰাংক মেক কোৰ্টক৷

১৯৯৭ খ্ৰীষ্টাব্দৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰণিধানযোগ্য বিষয়টো হ’ল– ১৮৬ বছৰীয়া অসমীয়া সংবাদপত্ৰৰ ইতিহাসৰ এক বিশেষ সন্ধিক্ষণত নতুনকৈ সংযোজিত হ’ল এখন সংবাদপত্ৰ,যাৰ নাম ‘আমাৰ অসম’৷ ১৯৮৭ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হোৱা জি এল পাব্লিকেশ্বনছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ আন্তৰিক প্ৰচেষ্টাত ১৯৯৭ চনৰ ২১ এপ্ৰিলত জন্মলাভ কৰে ‘আমাৰ অসম’ কাকতে৷ সেই সময়ৰ অসমৰ অশান্ত আৰু অস্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু অসমীয়া আন সংবাদপত্ৰৰ কোলাহলৰ মাজত জন্মলাভ কৰা সত্যনিষ্ঠ সাংবাদিকতাত উৎসৰ্গিত ‘আমাৰ অসম’-এ ৰাইজৰ মৰম আৰু আশীৰ্বাদ বুটলি বস্তুনিষ্ঠ সাংবাদিকতাৰ নীতি-আদৰ্শ অক্ষুণ্ণ ৰাখি সফলতাৰে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে৷ ‘আমাৰ অসম’ৰ এই জয়যাত্ৰাৰ প্ৰধান বুনিয়াদ ৰচনা কৰিছিল কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বিশিষ্ট বুদ্ধিজীৱী প্ৰয়াত হোমেন বৰগোহাঞিয়ে৷ ‘আমাৰ অসম’ৰ এই ২৫ বছৰীয়া যাত্ৰাৰ এশ শতাংশ কৃতিত্ব গাইগুটীয়াকৈ কোনো এক নিৰ্দিষ্ট পক্ষক অৰ্পণ কৰিব পৰা নাযায় যদিও কাকতখনৰ স্বত্বাধিকাৰ জি এল আগৰৱালাৰ বিচক্ষণতা, প্ৰতিষ্ঠাপক সম্পাদক হোমেন বৰগোহাঞিৰ পাণ্ডিত্য,ড॰ নগেন শইকীয়াৰ সৃষ্টিশীলতাৰ লগতে নতুন প্ৰজন্মৰ সাংবাদিক তথা ‘আমাৰ অসম’ৰ পূৰ্বৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ নতুনত্ব আৰু বৰ্তমানৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ বলিষ্ঠ ভূমিকাই হৈছে ইয়াৰ আচল ইন্ধন৷ প্ৰথম অসমীয়া বাৰ্তালোচনী ‘অৰুনোদই’তকৈ ১৫১ বছৰ কনিষ্ঠ তথা প্ৰথম অসমীয়া দৈনিক কাকত ‘দৈনিক বাতৰি’তকৈ ৬২ বছৰ পাছত জন্মলাভ কৰা ‘আমাৰ অসম’এ অসমীয়া সংবাদপত্ৰ আৰু সাংবাদিকতাৰ জগতলৈ বহু নতুন উপাদান আৰু ধাৰা কঢ়িয়াই আনিছে৷

‘আমাৰ অসম’খন অসমৰ এখন উচ্চ বৌদ্ধিক মানসম্পন্ন কাকত৷ অসমীয়া সাহিত্যৰ অমূল্য ৰত্নস্বৰূপ ‘জোনাকী’ৰ একত্ৰ সংকলন বিনামূলীয়াকৈ ছপা কৰি অসম সাহিত্য সভাক অৰ্পণ কৰাৰ ‘অপৰাধত’ অভিযুক্ত হৈ বহু গণ্য-মান্য অসমীয়াৰ হাতত মানসিকভাৱে কিমান যে লাঞ্ছিত হ’বলগীয়া হৈছিল ‘আমাৰ অসম’ৰ স্বত্বাধিকাৰ জি এল আগৰৱালা তাৰ উদাহৰণ পাবলৈ নাই৷ আৰু অসম আন্দোলনৰ সময়ত কিছুমান উগ্ৰ জাতীয়তাবাদী ‘দেশপ্ৰেমিক’ অসমীয়াই সামাজিকভাৱে অস্পৃশ্য জ্ঞান কৰা হোমেন বৰগোহাঞি ‘আমাৰ অসম’ৰ  সম্পাদক হৈ থকা সময়ত আলফাৰ নৈৰাজ্যবাদী কামকাজক  কৰা সমালোচনাৰ বাবে আলফাই তেওঁক আনকি ভাবুকিও দিছিল৷ ‘আমাৰ অসম’ৰ এই ২৫ বছৰীয়া যাত্ৰাপথত পাঠকে দুজন বয়োজ্যেষ্ঠ তথা স্বনামধন্য সম্পাদকৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হয়৷ তাৰ এজন হোমেন বৰগোহাঞি আৰু আনজন ড॰ নগেন শইকীয়া৷ দুয়োজন সম্পাদকৰ ৰাজনৈতিক চিন্তাধাৰা আৰু দৃষ্টিভংগী তেল আৰু পানীৰ সংমিশ্ৰণৰ দৰে পৃথক আছিল যদিও এক অদ্ভুত সাদৃশ্য সেই সময়ত পাঠকে লক্ষ্য কৰিছিল, যিটো হ’ল– দুয়োজন প্ৰাক্তন সম্পাদকে ‘আমাৰ অসম’ত ব্যৱহাৰ কৰা মাৰ্জিত ভাষা আৰু পৰিশীলিত সংবাদ শিৰোনাম৷  ‘আমাৰ অসম’ৰ প্ৰাক্তন সম্পাদক ড॰ নগেন শইকীয়াৰ ‘একবচন’ শিতানে এক বিশেষ শ্ৰেণীৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ ড॰ নগেন শইকীয়াই কাকতখনৰ একঘেয়ামি চৰিত্ৰ বিসৰ্জন দিয়াইছিল, যিটো আছিল তেওঁৰ সম্পাদনা ৰীতিৰ আন এক উজ্জ্বল চানেকি৷ ‘আমাৰ অসম’ৰ প্ৰাক্তন সম্পাদক হোমেন বৰগোহাঞিৰ দিনত এটা কথা খুব সঘনাই দেখিবলৈ পোৱা গৈছিল যে তেওঁৰ লেখাক প্ৰয়োজনতকৈ অধিক প্ৰশংসা কৰা অগণন পত্ৰলেখক আৰু লেখিকাৰ অভিমতে ভৰি পৰিছিল সম্পাদকীয় পৃষ্ঠাৰ মূল্যৱান অংশ৷ কিন্তু ড॰ নগেন শইকীয়াই  ‘আমাৰ অসম’ৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিয়েই এই বিৰক্তিদায়ক উগ্ৰ প্ৰশংসামূলক  চিঠিপত্ৰৰ প্ৰকাশৰ হাৰ সীমিত কৰি নতুন নিদৰ্শন দাঙি ধৰে৷

‘আমাৰ অসম’ৰ এক দশক পূৰ্তি উপলক্ষে ২০০৭ খ্ৰীষ্টাব্দত সেই সময়ৰ সম্পাদক হোমেন বৰগোহাঞিয়ে এনেদৰে উল্লেখ কৰিছিল– ‘আমাৰ অসম’ৰ মূলমন্ত্ৰ হ’লঃ সততা,শালীনতা আৰু সবল আদৰ্শবাদ৷ কাৰোবাক কঠোৰতম ভাষাৰে আক্ৰমণ কৰিব লগা হ’লেও ‘আমাৰ অসম’এ কদাপি অশালীন ভাষা ব্যৱহাৰ নকৰে৷ কাৰণ ‘আমাৰ অসম’এ বিশ্বাস কৰে যে ভাষাৰ শালীনতা ৰক্ষা কৰি সামাজিক শিষ্টাচাৰৰ মান উন্নত কৰাটোও বাতৰিকাকতৰ অন্যতম প্ৰধান কৰ্তব্য৷ গ্ৰাহক বৃদ্ধিৰ প্ৰয়োজনত বা আৰ্থিক লাভৰ আশাত ‘আমাৰ অসম’এ কেতিয়াও নিজৰ চৰিত্ৰ বিসৰ্জন নিদিয়ে৷’ প্ৰসংগক্ৰমে হোমেন বৰগোহাঞিয়ে পুনৰ উল্লেখ কৰিছে,‘আমাৰ অসম’এ আটাইতকৈ বেছি গ্ৰাহক নিবিচাৰে,‘আমাৰ অসম’এ বিচাৰে আটাইতকৈ বেছি চিন্তাশীল পাঠক– পৃথিৱীৰ সকলো শ্ৰেষ্ঠ বাতৰিকাকতেই যিটো বিচাৰে৷ ‘আমাৰ অসম’ক আপুনি আজি যিটো ৰূপত দেখিছে, আজিৰ পৰা ছমাহ বা এবছৰ পাছত তাক সেই একেটা ৰূপত নেদেখিবও পাৰে; কাৰণ নিত্য-নতুন বিষয়ৰ সংযোজন কৰি কৰি ‘আমাৰ অসম’এ নিজকে সলনি কৰি গৈ থাকে৷ ‘আমাৰ অসম’ৰ প্ৰতিটো সংখ্যাই একোটা সৰু পুথিভঁৰাল৷’ হোমেন বৰগোহাঞিৰ সম্পাদনাত ‘আমাৰ অসম’এ ২০০১ চনত অসমীয়া বিশ্বকোষ আন্দোলনক অধিক জনমুখী কৰি তোলাত এক অগ্ৰদূতৰ ভূমিকা পালন কৰিছিল৷ অসমীয়া বিশ্বকোষ আন্দোলনক ত্বৰান্বিত  কৰাত কাকতখন অসম সাহিত্য সভাৰ বিশেষ সহযোগী আছিল৷ ‘আমাৰ অসম’ৰ নিৰপেক্ষ ৰাজনৈতিক ভূমিকাৰ উমান পোৱা গৈছিল ২০০৪ খ্ৰীষ্টাব্দত৷  জি এল আগৰৱালাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে লোকসভাৰ নিৰ্বাচনত যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেতিয়া তেওঁ ‘আমাৰ অসম’ক ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থত কেতিয়াও ব্যৱহাৰ কৰা নাছিল৷

গুৱাহাটী আৰু যোৰহাটৰ পৰা একেটা সময়তে প্ৰকাশিত প্ৰথম অসমীয়া কাকতখনেই হৈছে ‘আমাৰ অসম’৷ প্ৰতিষ্ঠাপক সম্পাদক হোমেন বৰগোহাঞিৰ ‘প্ৰথম কলম’ আৰু ‘টিপ্পনী’সমূহে অসমৰ শিক্ষিত সমাজ জীৱনত গভীৰ ৰেখাপাত কৰিবলৈ সক্ষম হৈছিল৷ ১৯৯৭ আৰু ১৯৯৮ খ্ৰীষ্টাব্দত হোমেন বৰগোহাঞিয়ে ‘আলফাৰ ভৱিষ্যৎ’আৰু ‘পৰেশ বৰুৱাৰ ভৱিষ্যৎ’ শীৰ্ষক দুটা অতি নিৰ্ভীক আৰু বলিষ্ঠ প্ৰবন্ধ লিখি অসমজুৰি আলোড়ন সৃষ্টি কৰিছিল৷ ‘আমাৰ অসম’ৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সম্পাদক মনোজ কুমাৰ গোস্বামীৰ চিন্তা উদ্ৰেককাৰী ‘অণুবীক্ষণ’শিতানটি আছিল সকলো পাঠকৰ মাজত বৰ জনপ্ৰিয়৷ ১৯৯০ দশকত বহুবাৰ চৰকাৰী বিদেশ ভ্ৰমণৰ সময়ত সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ ৰাজনৈতিক বাতৰি আৰু প্ৰতিবেদন পৰিৱেশন কৰি ‘আমাৰ অসম’ৰ পাঠকক  ইণ্টাৰপ্ৰিটেটিভ জাৰ্নেলিজ্‌মৰ ধাৰাৰ সৈতে নতুনকৈ চিনাকি কৰাই দিছিল৷ তদুপৰি সম্পাদকীয় পৃষ্ঠাত নিয়মীয়াকৈ  প্ৰকাশিত ধ্ৰুৱজ্যোতি বৰাৰ ‘অন্য একলম’আৰু সুনীল নাথৰ ‘বিবেচনাৰ্থে’শিতানে যোগান ধৰিছিল পাঠকক নতুন চিন্তাৰ খোৰক৷ প্ৰায় ১৫ বছৰতকৈ অধিক কাল ‘আমাৰ অসম’ৰ লগত জড়িত হৈ কাৰ্যবাহী সম্পাদকৰ পৰা সম্পাদকৰ পদ অলংকৃত কৰা প্ৰশান্ত ৰাজগুৰুৱে কাকতখনৰ সুস্থ সাংবাদিকতা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে হাতত লোৱা প্ৰচেষ্টা আছিল আদৰণীয়৷ কেৱল গ্ৰাহকৰ সংখ্যা আৰু প্ৰচলন বৃদ্ধি কৰিবলৈ ‘আমাৰ অসম’এ সাংবাদিকতাৰ নীতি বিসৰ্জন দি আন বহু অসমীয়া জনপ্ৰিয় সংবাদপত্ৰৰ দৰে কাহানিও ধৰ্ষিতা ছোৱালীৰ ছবি অথবা ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰা অৰ্ধনগ্ন যুৱতীৰ ৰঙীণ আলোকচিত্ৰ আজিলৈকে প্ৰকাশ কৰা নাই৷ অৱশ্যে,এই কথা অপ্ৰিয় হ’লেও সত্য যে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট আধাৰিত বিশ্লেষণাত্মক প্ৰবন্ধ সীমিতসংখ্যকহে ‘আমাৰ অসম’ত প্ৰকাশত হয়৷ ‘আমাৰ অসম’ৰ আন এক সৌন্দৰ্য হৈছে কাকতখনৰ Opp-ED পৃষ্ঠাটো,য’ত বিভিন্ন মতাদৰ্শত বিশ্বাসী লোকে নিজৰ অভিমত মুক্তকণ্ঠে প্ৰকাশৰ এক সুবিধা লাভ কৰিছে আৰু তৰুণ প্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ বহু লেখক-লেখিকাক আৱিষ্কাৰ কৰাত ই উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে৷

আধুনিক তথ্য-প্ৰযুক্তিৰ দ্ৰুত আগমন আৰু পাঠকৰ ৰুচিবোধৰ পৰিৱৰ্তনে বিশেষকৈ মুদ্ৰণ মাধ্যমৰ সন্মুখত বহু প্ৰত্যাহ্বান সৃষ্টি কৰিছে৷ প্ৰতিযোগিতাৰ বজাৰত সংবাদ হৈছে এক পণ্য৷ New Media আৰু Digital Mediaই মুদ্ৰণ মাধ্যম আৰু বৈদ্য়ুতিন মাধ্যমৰ সন্মুখত বৰ্তমান বিভিন্ন দিশত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ সংবাদ সংগ্ৰহ,সংবাদ প্ৰস্তুত আৰু সংবাদ বিতৰণৰ পৰম্পৰাগত পদ্ধতিৰ এতিয়া আমূল পৰিৱৰ্তন হ’বলৈ ধৰিছে৷ ইমান প্ৰত্যাহ্বান নেওচি আজি ‘আমাৰ অসম’এ ৰূপালী জয়ন্তী বৰ্ষত উপনীত হ’ব পৰাটো স্বাভাৱিকতেই সাধাৰণ কথা নহয়৷ আজি আমাৰ মাজত জি এল আগৰৱালা আৰু হোমেন বৰগোহাঞি নাই৷ কিন্তু তেওঁলোকে নিজ হাতেৰে গঢ়ি  যোৱা এই মহান সাংবাদিকতাৰ অনুষ্ঠানটো আজিও আমাৰ মাজত আছে৷ ‘আমাৰ অসম’ৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হোমেন বৰগোহাঞিয়ে এষাৰ অতি মূল্যৱান কথা উল্লেখ কৰিছিল,“আমি ‘আমাৰ অসম’ৰ এশ বছৰ পূৰ্তি উদ্‌যাপন কৰিব পাৰিব লাগিব৷’হোমেন বৰগোহাঞিৰ সেই আশা আৰু সপোন তেতিয়াহে বাস্তৱায়িত হ’ব,যেতিয়া অসমৰ আন সংবাদপত্ৰৰ তুলনাত ‘আমাৰ অসম’এ ইয়াৰ বস্তুনিষ্ঠ সাংবাদিকতাৰ গৰিমা চিৰদিন অক্ষুণ্ণ ৰাখিব পাৰিব আৰু সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত বিভিন্ন চিন্তাধাৰাৰ উন্নত মানৰ প্ৰবন্ধসমূহে পাঠকক নিত্য-নতুন জ্ঞান আৰু বৌদ্ধিক চিন্তাৰ  খোৰাক যোগান ধৰিবলৈ সক্ষম হ’ব৷