Logo
image

আকাশচুম্বী মূল্য হ’ব খোৱাতেলৰ,ব্যৱসায়ীও হতভম্ব

ইন্ধনৰ পাছতে নতুন সংকট

আমাৰ অসম,২৪ এপ্ৰিলঃ পেট্ৰ’লজাত সামগ্ৰী আৰু ৰন্ধন গেছৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ সময়তে এইবাৰ খোৱাতেলৰ মূল্য আকাশলংঘী হৈ পৰাৰ আশংকা সৃষ্টি হৈছে৷ আনে নহয়,দেশৰ ব্যৱসায়িক সংগঠনে এই আশংকা দেখি কেন্দ্ৰীয় চৰকাৰক অনতিবিলম্বে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ মিঠাতেল,অন্যান্য খোৱাতেলৰ মূল্যই সকলো খাদ্য সামগ্ৰীতকৈ অধিক হাৰত বাঢ়িছিল৷ বিগত দুবছৰৰ ভিতৰত  খোৱাতেলৰ মূল্য সাধাৰণ গ্ৰাহকৰ বাবে স্পৰ্শাতীত হৈ পৰিছিল৷ এনে সময়তে এইবাৰ খোৱাতেলৰ মূল্য দেশত নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি হোৱাৰ আশংকাই দেখা দিয়াত স্বয়ং ব্যৱসায়ীমহলো শংকিত হৈ পৰিছে৷ খোৱাতেলৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি হোৱাৰ আশংকা সৃষ্টিৰ মূল কাৰণ হৈছে অহা ২৮ এপ্ৰিলৰ পৰা ইণ্ডোনেচিয়াই অনিৰ্দিষ্ট কালৰ বাবে ভাৰতলৈ পাম তেলৰ ৰপ্তানি বন্ধ কৰি দিব৷ ইতিমধ্যে ইণ্ডোনেচিয়া চৰকাৰে নতুন দিল্লীত এই বিষয়টো অৱগত কৰিছে৷ উল্লেখ্য,ভাৰতত প্ৰচলিত সকলো খোৱাতেলতে পাম তেলৰ সংমিশ্ৰণ থাকে৷ ভাৰতে প্ৰতিমাহে বিভিন্ন দেশৰ পৰা ১৮ লাখ টন খোৱাতেল আমদানি কৰে৷ তাৰ ভিতৰত সৰ্বাধিক ৭-৮ লাখ টন খোৱাতেল ভাৰতে আমদানি কৰে কেৱল ইণ্ডোনেচিয়াৰ পৰা৷ প্ৰয়োজনীয় বাকী পাম তেল ভাৰতে মালয়েছিয়া,থাইলেণ্ড,পাপুৱা নিউ গিনিৰ পৰা আমদানি কৰে৷  ইণ্ডোনেচিয়াত পাম তেলৰ উৎপাদন বিগত আৰু চলিত বৰ্ষত বৃহৎ পৰিমাণত হ্ৰাস পোৱাৰ বাবেই দেশখনে ভাৰতলৈ অহা ২৮ এপ্ৰিলৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে পাম তেলৰ সৰবৰাহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ ইণ্ডোনেচিয়াই সৰ্বাধিক পাম তেল ভাৰত আৰু চীনলৈ ৰপ্তানি কৰে৷ প্ৰসংগতঃ উল্লেখযোগ্য,ইণ্ডোনেচিয়াই বিশ্বৰ ভিতৰত সৰ্বাধিক পাম তেল উৎপাদন কৰে৷ সেয়ে ইণ্ডোনেচিয়াই পাম তেলৰ ৰপ্তানি বন্ধ কৰি দিয়াৰ ফলত ভাৰতৰ উপৰি চীনো ক্ষতিগ্ৰস্ত হ’ব৷ ইণ্ডোনেচিয়াই জনোৱা অনুসৰি একেৰাহে দুবছৰ ধৰি বিভিন্ন কাৰণত পাম তেলৰ উৎপাদন হ্ৰাস পোৱাত এতিয়া দেশৰ প্ৰয়োজনীয় চাহিদাও পূৰণ কৰাটো কঠিন হৈ পৰিছে৷ পৰিৱেশ বিনষ্ট কৰাৰ বাবেই দেশখনত লাহে লাহে পাম তেলৰ গছৰ ৰোপণ বন্ধ কৰা হৈছে৷ কিয়নো পাম গছে খোৱাতেল যোগান ধৰিলেও পৰিৱেশ ধবংসত ভয়ংকৰ প্ৰভাৱ  পেলায়৷ এজোপা পাম গছে দিনে কমেও ৩০০ লিটাৰ পানী শুহি নিয়ে৷ ফলত পাম গছৰ ওচৰত থকা আন গছ মৰি যায়৷ পাম গছৰ বৃহৎ হাৰত ৰোপনে সমগ্ৰ অঞ্চলটোৰ জৈৱবৈচিত্ৰ্য ধবংস কৰে৷ শেহতীয়াকৈ পাম গছ সন্দৰ্ভত এনে তথ্য প্ৰকাশ পোৱাত আৰু বিশ্বজুৰি পাম খেতিৰ বিৰুদ্ধে জনমত গঢ়ি উঠাৰ বাবে ইণ্ডোনেচিয়াতো পাম খেতিৰ ক্ষেত্ৰত দেশখনৰ নাগৰিকে মুখ ঘূৰাইছে৷ সেয়ে দেশখনত পাম তেলৰ উৎপাদন তীব্ৰগতিত হ্ৰাস পাবলৈ ধৰিছে৷ উল্লেখ্য,পাম তেলক খোৱাতেল হিচাপে ব্যৱহাৰ কৰাৰ উপৰি প্ৰসাধন সামগ্ৰী তৈয়াৰত আৰু ‘প্ৰছেছড ফুড’তৈয়াৰত ব্যৱহাৰ কৰাৰ লগতে জৈৱ ইন্ধন হিচাপেও ব্যৱহাৰ কৰা হয়৷ সামগ্ৰিকভাৱে পাম তেলেই হৈছে সৰ্বাধিকভাৱে ব্যৱহৃত ভোজ্য বা খোৱা ‘ভিজিটেবল অইল’৷ সম্প্ৰতি দেশৰ বিভিন্ন ৰাজ্যৰ পেট্ৰ’লৰ সৈতে ১০ শতাংশ পাম তেল মিশ্ৰিত কৰা হৈছে৷ এতিয়া ইণ্ডোনেচিয়াই ভাৰতলৈ পাম তেলৰ ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ ফলত সেয়ে পেট্ৰ’লৰ মূল্যও বৃদ্ধি পোৱাৰ আশংকা আছে৷ তাৎপৰ্যপূৰ্ণ যে,ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰ পৰা খোৱাতেলৰ মূল্য বৃদ্ধি হোৱাৰ আশংকা আছিল৷ কিয়নো ইউক্ৰেইন আৰু কৃষ্ণসাগৰৰ অঞ্চলৰ দেশসমূহে যুদ্ধৰ ফলত সূৰ্যমুখী তেল ৰপ্তানি বন্ধ কৰি দিছে৷ ভাৰতেও যুদ্ধৰ পাছৰ পৰা ইউক্ৰেইনৰ পৰা বছৰি আনি থকা সূৰ্যমুখী তেল আনিবলৈ সক্ষম হোৱা নাই৷ কৃষ্ণসাগৰীয় অঞ্চলৰ দেশসমূহে সমগ্ৰ বিশ্বৰ প্ৰয়োজনীয় সূৰ্যমুখী তেলৰ ৭৬ শতাংশ যোগান ধৰে৷ ভাৰতে ইউক্ৰেইনৰ পৰা মাহে ১ লাখ টন সূৰ্যমুখী তেল আমদানি কৰে৷ যুদ্ধৰ ফলত সেই যোগান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে৷ এতিয়া ইণ্ডোনেচিয়াই পাম তেলৰ যোগান বন্ধ কৰি দিলে দেশত খোৱাতেলৰ মূল্য নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি পোৱাটো অৱধাৰিত৷ এনে পৰিস্থিতিত ভাৰতৰ ব্যৱসায়িক সংগঠন ‘ছলফেন্ট এক্সট্ৰেকটৰ্ছ এছ’চিয়েশ্বন’ৰ কাৰ্যবাহী সঞ্চালক বিভি মেটাই কৈছে– ‘ইউক্ৰেইনত যুদ্ধ হৈ থকাৰ বাবেই এনেও সূৰ্যমুখী তেলৰ যোগান বন্ধ হৈ পৰিছে৷ এতিয়া পাম তেলৰ যোগান ইণ্ডোনেচিয়াৰ পৰা সম্পূৰ্ণৰূপে ব্যাহত হ’লে ভাৰতত ভোজ্য তেলৰ মূল্য আকাশলংঘী হ’বই৷  এনে পৰিস্থিতিত ভাৰতে আন দেশৰ পৰা পাম তেল আমদানি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়৷ অন্যথা দেশৰ খোৱাতেল উৎপাদনকাৰীয়ে কোনো কাৰণতে কম মূল্যত দেশৰ ক্ৰেতাক তেল যোগান ধৰিব নোৱাৰিব৷ ইণ্ডোনেচিয়া চৰকাৰৰ সৈতে ভাৰত চৰকাৰে সদৰ্থক আলোচনা কৰিলে কিছু পৰিমাণে পাম তেল পোৱাৰ সম্ভাৱনা নথকা নহয়৷ ইণ্ডোনেচিয়াৰ পৰা আমদানিৰ ক্ষেত্ৰত পৰিবহণ ব্যয়ো যথেষ্ট কম৷ সেয়ে আমি বিচাৰিছো চৰকাৰে এই ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰক৷ অন্যথা দেশৰ জনতাই আকাশলংঘী মূল্যৰে খোৱাতেল কিনিবলৈ বাধ্য হ’ব৷’