
প্ৰতিবাদৰ নতুন ধাৰা আৰু দেৱাল শিল্প
...দেৱাল শিল্পৰ আৰম্ভণিয়েই চলিত অৱস্থাৰ প্ৰতি এক তীব্ৰ বিষোদগাৰ৷ আমেৰিকাৰ বিখ্যাত সংগীত যুটি পল ছিম’ন আৰু আৰ্ট গাৰফুংকেলে তেওঁলোকৰ অতি জনপ্ৰিয় গীত ‘দ্য ছাউণ্ড অৱ ছাইলেঞ্চ’ত দেৱাল শিল্পৰ শক্তিক স্বীকাৰ কৰি গীত গাইছে৷ এলেন ছোৱাটছ্মেনে তেওঁৰ ‘ষ্ট্ৰীট আৰ্ট’ গ্ৰন্থখনত লিখিছে যে দেৱাল শিল্পৰ শিল্পীসকলৰ শিল্পৰ প্ৰচলিত ধাৰণাক সলনি কৰাৰ কোনো উদ্দেশ্য নাছিল যদিও স্থিতাৱস্থাক প্ৰশ্ন কৰাৰ এক প্ৰয়াস নিশ্চয়কৈ কৰিছিল৷ দৈনন্দিন জীৱন যাপন কৰা সাধাৰণ মানুহক সামাজিক গুৰুত্ব থকা বিষয় সম্পৰ্কে কলাত্মকভাৱে অৱগত কৰাও এই শিল্পৰ অন্যতম মুখ্য উদ্দেশ্য আছিল৷ কলাৰ আকৰ্ষণীয়তা, সৰ্বগ্ৰহণযোগ্যতা আৰু বিশ্বজনীনতা তথা দেৱাল শিল্পৰ অভিনৱত্বৰ বাবে এই শিল্পৰ জৰিয়তে দিব খোজা বাৰ্তা আছিল সুদূৰপ্ৰসাৰী...
গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ এখন ফ্লাইঅভাৰৰ দেৱালত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰসম্বলিত এক দেৱাল শিল্পৰ অংকনৰ বাবে কেইজনমান শিল্পীক আৰক্ষীয়ে আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে তেওঁলোকক এই শিল্পকৰ্ম দেৱালৰ পৰা আঁতৰ কৰিবৰ বাবেও বাধ্য কৰায়৷ ঘটনাটোৱে জনমানসত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে এক বৌদ্ধিক বিতৰ্কৰো সৃষ্টি কৰে৷ এই ঘটনাটোৱে শিল্পকলা আৰু বিশেষকৈ দেৱাল শিল্পৰ সমকালীন প্ৰভাৱৰ বহু দিশ আঙুলিয়াই দিলে৷ একে সময়তে কিন্তু দেৱাল শিল্পৰ অন্তৰালৰ শৈল্পিক দিশটোৰ ইতিহাস, গতিচক্ৰ, বিকাশ আদি দিশৰ চৰ্চা হোৱা দেখা নগ’ল৷
কংক্ৰিটেৰে নিৰ্মাণ কৰা দেৱাল এখন যেতিয়া এখন সজীৱ কেনভাছলৈ পৰিৱৰ্তিত হয়, ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু সেই দেৱালশিল্পই যদি আমাৰ সামগ্ৰিক সাংস্কৃতিক পৰিৱেশ বা ৰাজনৈতিক অৱস্থাৰ বিভিন্ন দিশক লৈ এক শক্তিশালী মেছেজ দিবলৈ সক্ষম হয়, তেন্তে এই দেৱালৰ সন্মুখেৰে পাৰ হৈ যোৱা প্ৰতিজন লোকে এই শিল্পৰ প্ৰতি এবাৰ হ’লেও দৃষ্টি দিবলৈ বাধ্য আৰু এয়াই দেৱাল শিল্পৰ জনপ্ৰিয়তা আৰু সাফল্য৷
ষ্ট্ৰীট আৰ্ট বা গ্ৰাফিটি হিচাপে পশ্চিমীয়া দেশবোৰত জনাজাত, যি ৰাজহুৱা বা ব্যক্তিগত মালিকানাৰ বিভিন্ন স্থানত [মূলতঃ দেৱালসমূহত] অংকন কৰা হয় আৰু অধিক সময়ত অনুমতিবিহীনভাৱে৷ অসমীয়া সঠিক প্ৰতিশব্দ এটা থাওকতে নাই যদিও এই লেখাত ‘দেৱাল শিল্প’ শব্দটো ব্যৱহাৰ কৰা হ’ব আৰু ই এই পদ্ধতিৰ সকলো কলাক সামৰি ল’ব৷
দেৱাল শিল্পৰ মূল ধাৰাটোৱেই প্ৰতিবাদী ধাৰা৷ পৰম্পৰাগত শিল্পকলাৰ ধাৰাসমূহৰ ঊধবৰ্ত এক ব্যাকৰণবিহীন মুক্তধাৰাৰ শিল্প এই দেৱাল শিল্প৷ সেইবাবে কোৱা হয় যে দেৱাল শিল্পই সমাজ আৰু ভৱিষ্যতৰ সামগ্ৰিক ভালৰ বাবে, প্ৰশ্ন কৰাৰ আৰু চলিত ব্যৱস্থাক প্ৰত্যাহ্বান কৰাৰ সাহস কৰে৷
সামাজিক, ৰাজনৈতিক আৰু ব্যক্তিগত মত প্ৰকাশৰ এক সফল ব্যৱস্থা হৈছে দেৱাল শিল্প৷ ইতিহাসৰ বহু বিপ্লৱৰ জনপ্ৰিয়তাত বিশেষ অৱদান আগবঢ়োৱা দেৱাল শিল্প যোৱা কেইটামান দশকত হৈ পৰিছে প্ৰতিবাদৰ নতুন আৰু জনপ্ৰিয় স্থান, মাধ্যম আৰু মেছেজ৷
লগতে পঢ়কঃ https://aamarasom.com/detail-news/381
ইটালীয়ান ভাষাৰ graffiare শব্দৰ পৰা ইংৰাজী গ্ৰাফিটি শব্দটো আহিছে আৰু তাৰ সমাৰ্থক হ’ব আঁকমৰা, আঁচ টনা ইত্যাদি৷ প্ৰাচীনকালৰে পৰা ইতিহাসত এই কলাৰ ব্যৱহাৰৰ বিষয়ে জনা যায়৷ ফ্ৰান্সৰ বিখ্যাত লেছক’ গুহাত অংকিত চিত্ৰসমূহ আৰু প্ৰাচীন গ্ৰীচ আৰু ৰোমান চহৰসমূহত এনে চিত্ৰৰ ব্যৱহাৰ জনা যায়৷ প্ৰাচীন ইজিপ্তৰ আবু ছিম্বেল চহৰ আৰু ইটালীৰ পম্পেই চহৰৰ বিভিন্ন শিলত এনে শিল্প পোৱা গৈছিল৷ প্ৰাচীন কালত খাদ্যৰ পৰা পোৱা আনন্দ আৰু বন্ধুত্ব আৰু প্ৰেমৰ বিভিন্ন বাণীক এই গ্ৰাফিটিৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল৷ ভাৰতৰ অজন্তাৰ গুহাচিত্ৰও এনে কলা পদ্ধতিৰ উৎকৃষ্ট নিৰ্দশন৷ এই বিষয়ক লৈ লিখা নিক’লাছ গেঞ্জ আৰু ট্ৰিষ্টান মেনক’ৰ গ্ৰন্থ In Graffiti World : Street Art from Five Continentsত উল্লেখ আছে যে, যদিও হাড় আৰু শিলৰ টুকুৰাৰ দ্বাৰা এই চিত্ৰসমূহ অংকন কৰা হৈছিল, প্ৰাচীন চিত্ৰকৰৰ ৰং ছটিয়াই দেৱালত চিত্ৰ অংকনৰো সম্যক জ্ঞান আছিল৷ ৰংবোৰ গুড়ি কৰি জুলীয়া ৰূপ দি দীঘলীয়া হাড়ৰ খোলাৰ মাজেদি ইয়াক দেৱালত ছিটিকাই শিল্প নিৰ্মাণ কৰা হৈছিল৷ পম্পেইৰ খননত বহু চিত্ৰত অনাগত নিৰ্বাচনৰ শ্লোগানৰ লগতে বহু যৌন উত্তেজক চিত্ৰও পোৱা গৈছিল৷ আনহাতে, ৰোমান সাম্ৰাজ্যত এই গ্ৰাফিটি ৰাজনৈতিক বাণী আৰু অভিমত প্ৰকাশৰ বাবে ব্যৱহাৰ হৈছিল৷ চহৰৰ দেৱালসমূহ জনসাধাৰণৰ সমস্যা আৰু ক্ষোভ প্ৰকাশৰ ঠাই হিচাপে ব্যৱহাৰ হৈছিল৷ এইবিষয়ক আন এখন প্ৰসিদ্ধ গ্ৰন্থ ছিদাৰ লিউছনৰ Street Art: The Graffiti Revolutionত কোৱা হৈছে যে শেইক্সপীয়েৰৰ সময়তো এই দেৱাল শিল্পৰ প্ৰাধান্য আছিল, কিন্তু ঊনৈছ শতিকাৰ শেষৰফালে এই কলাই ইয়াৰ গুৰুত্ব হেৰুৱায়৷ ইয়াৰ মূল কাৰণ হিচাপে লিউছনে শ্ৰমিকবৰ্গ আৰু ধনিক শ্ৰেণীৰ সংঘাত মুখ্য কাৰণ হিচাপে ব্যাখ্যা কৰিছে৷ সাংকৃতিক উৎপাদনৰ নিয়ন্ত্ৰণ ধনিক শ্ৰেণীৰ হাতত আছিল আৰু দেৱাল শিল্পক নিম্ন আয়ৰ লোকৰ কলা বুলি উৎসাহ দিয়া হোৱা নাছিল৷ পুঁজিবাদৰ নব্য আগ্ৰাসনে সাধাৰণ মানুহৰ চিন্তা আৰু সমস্যাক প্ৰতিফলিত কৰা এই দেৱাল শিল্পৰ জনপ্ৰিয়তাৰ প্ৰতি কঠোৰ দৃষ্টি দিছিল আৰু ই এই দেৱাল শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰক ৰুদ্ধ কৰিছিল৷
দ্বিতীয় মহাসমৰৰ সময়ছোৱাত জাৰ্মান নাজী বাহিনীয়ে নিজৰ মতামত প্ৰকাশৰ বাবে আৰু নাজী আদৰ্শ প্ৰচাৰৰ বাবে দেৱাল শিল্পৰ সহায় লৈছিল৷ আনহাতে, নাজীবিৰোধী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা অগণন গোপন সংস্থাই এই দেৱাল শিল্পৰ জৰিয়তে সমগ্ৰ ইউৰোপতে নাজীবিৰোধী জনতাৰ সমৰ্থন লাভৰ প্ৰয়াস কৰিছিল৷
বৰ্তমান আধুনিককালৰ দেৱাল শিল্প হৈছে সমকালীন পৰিৱেশ আৰু পৰিস্থিতিক প্ৰতিফলিত কৰা মুক্ত প্ৰকাশভংগীত বিশ্বাসী এক প্ৰতিবাদী শিল্পমাধ্যম৷ এই ধাৰাৰ দেৱাল শিল্প ষাঠিৰ দশকত প্ৰথমতে ফিলাডেলফিয়া আৰু তৎকালীনভাৱে নিউয়ৰ্ক চহৰত আৰম্ভ হয়৷ কিছু প্ৰতিবাদী যুৱকে চহৰৰ দেৱাল আৰু মেট্ৰ’ৰে’লৰ দবাত ৰং ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰাৰ লগতে নিজৰ ছদ্মনাম যেনে BLADE, DAZE, CRASH আদি খোদিত কৰিছিল৷ চহৰীয়া দৰিদ্ৰতা, শোচনীয় জীৱন নিৰ্বাহৰ পৰিৱেশ, মাদক দ্ৰব্যৰ প্ৰসাৰ লগতে চৰকাৰী জনকল্যাণকামী আঁচনিৰ বিফলতা আদি বহু কাৰকে এই অখ্যাত শিল্পীক নিজৰ ক্ষোভ দেৱাল শিল্পৰ জৰিয়তে প্ৰকাশৰ বাবে প্ৰেৰিত কৰিছিল৷ আনহাতে, নিউয়ৰ্কৰ শিল্পী যেনে কেইথ’ হেৰিং আৰু জ’ মাইকেল বাছ্কুৱে, এই শিল্পক আৰ্ট গেলাৰীতো স্থান দিয়ালে৷ ১৯৮০ দশকলৈ এই কলা পদ্ধতি ইউৰোপৰ মুখ্য চহৰবোৰৰ এক চিনাকি অংগত পৰিগণিত হ’ল৷ নিউয়ৰ্ক চহৰৰ প্ৰায়বোৰ মেট্ৰ ট্ৰেইন এই শিল্পৰে ‘আক্ৰান্ত’ হ’ল আৰু ১৯৮৬ চনৰ শেষৰফালে কতৃৰ্পক্ষই ফেঞ্চিং দি ট্ৰেইনসমূহত চিত্ৰ অংকন ৰোধ কৰিবলগা পৰিস্থিতি হৈছিল৷ ক্ৰমান্বয়ে জনতাৰ মনত এই শিল্পই গভীৰভাৱে ৰেখাপাত কৰিবলৈ আৰম্ভ কৰিছিল৷ ৯০ দশকলৈ জনসাধাৰণৰ চিন্তা-চেতনাক আলোড়িত কৰিব পৰা ৰাজনৈতিক পৰিৱেশ আৰু বিষয়বস্তুৰ বাবে এই দেৱাল শিল্পক বুদ্ধিজীৱী সমাজেও কিছু গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আৰম্ভ কৰিলে৷ কোনো নিৰ্দিষ্ট ধাৰা বা সংজ্ঞাত আবদ্ধ হ’ব নোখোজা এই দেৱাল শিল্প আছিল শক্তিশালী মতাদৰ্শী, বিপ্লৱী চেতনাৰ, বৌদ্ধিক উৎকৃষ্টতাসম্পন্ন, স্থিতাৱস্থাবিৰোধী, শ্লেষাত্মক কলা, যি জনতাৰ দ্বাৰা নিৰ্মিত সহজবোধ্য শিল্প৷ কম সময়তে এই শিল্প এক আন্দোলনত পৰিণত হ’ল৷ দেৱাল শিল্পই ‘শিল্প’তকৈও শিল্পৰ স্ৰষ্টাৰ লগতে তেনে লাখ লাখ আন লোকৰ জীৱন, আদৰ্শ আদিক সফলভাৱে প্ৰতিফলিত কৰিব পাৰিছিল৷
দেৱাল শিল্পৰ আৰম্ভণিয়েই চলিত অৱস্থাৰ প্ৰতি এক তীব্ৰ বিষোদগাৰ৷ আমেৰিকাৰ বিখ্যাত সংগীত যুটি পল ছিম’ন আৰু আৰ্ট গাৰফুংকেলে তেওঁলোকৰ অতি জনপ্ৰিয় গীত ‘দ্য ছাউণ্ড অৱ ছাইলেঞ্চ’ত দেৱাল শিল্পৰ শক্তিক স্বীকাৰ কৰি গীত গাইছে৷ এলেন ছোৱাটছ্মেনে তেওঁৰ ‘ষ্ট্ৰীট আৰ্ট’ গ্ৰন্থখনত লিখিছে যে দেৱাল শিল্পৰ শিল্পীসকলৰ শিল্পৰ প্ৰচলিত ধাৰণাক সলনি কৰাৰ কোনো উদ্দেশ্য নাছিল যদিও স্থিতাৱস্থাক প্ৰশ্ন কৰাৰ এক প্ৰয়াস নি(য়কৈ কৰিছিল৷ দৈনন্দিন জীৱন যাপন কৰা সাধাৰণ মানুহক সামাজিক গুৰুত্ব থকা বিষয় সম্পৰ্কে কলাত্মকভাৱে অৱগত কৰাও এই শিল্পৰ অন্যতম মুখ্য উদ্দেশ্য আছিল৷ কলাৰ আকৰ্ষণীয়তা, সৰ্বগ্ৰহণযোগ্যতা আৰু বিশ্বজনীনতা তথা দেৱাল শিল্পৰ অভিনৱত্বৰ বাবে এই শিল্পৰ জৰিয়তে দিব খোজা বাৰ্তা আছিল সুদূৰপ্ৰসাৰী৷
প্ৰতিবাদৰ এক ধাৰাল, অভিনৱ আৰু নব্য মাধ্যম হিচাপে দেৱাল শিল্পই সমগ্ৰ ইউৰোপ, দক্ষিণ আমেৰিকা আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত দ্ৰুত জনপ্ৰিয়তা লাভ কৰিলে৷ ফ্ৰান্সৰ ব্লিক লা’ ৰেট, যাৰ প্ৰকৃত নাম জেভিয়’ৰ প্ৰ’, তেওঁৰ অসংখ্য নিগনিৰ চিত্ৰই পেৰিছ চহৰৰ দেৱালত তোলপাৰ লগাইছিল৷ সমগ্ৰ বিশ্বৰ প্ৰধান চহৰসমূহৰ এক মানৱীয় সমস্যা গৃহহীনসকলক লৈ এইজন শিল্পীৰ ২০০৬ চনত কৰা শিল্পকৰ্মই সমগ্ৰ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিছিল৷ এইজন শিল্পীৰ দ্বাৰা ঘাইকৈ প্ৰভাৱিত হোৱা তথা বৰ্তমান বিশ্বৰ অন্যতম জনপ্ৰিয় অথচ লোকচক্ষুত অপৰিচিত হৈ থাকি ভালপোৱা শিল্পীজন হৈছে বেংকছী৷ প্ৰকৃতাৰ্থত দেৱাল শিল্পৰ বৰ্তমানৰ জনপ্ৰিয়তা, গুৰুত্ব আৰু কলাত্মক গ্ৰহণযোগ্যতাৰ মূল কৃতিত্ব হৈছে বেংকছীৰ অভূতপূৰ্ব সৃজনশীলতা, শক্তিশালী মেছেজ আৰু অভিনৱ থীমৰ অথচ সহজবোধ্য দেৱাল শিল্প৷
ইংলেণ্ডৰ ব্ৰিষ্টল চহৰত নব্বৈ দশকৰ আৰম্ভণিতে কিছু অভিনৱ দেৱাল শিল্পই জনতাৰ মন আকৰ্ষণ কৰিছিল৷ ‘ব্ৰিষ্টল আণ্ডাৰগ্ৰাউণ্ড ছিনছ’ নামে জনাজাত এইলানি শিল্পই বেংকছীক চিনাকি কৰাই দিয়ে৷ সমকালীন বিশ্বৰ অতিশয় প্ৰতিভাৱান আৰু প্ৰভাৱশালী ষ্ট্ৰীট আৰ্ট শিল্পীজন হৈছে ইংলেণ্ডৰ বেংকছী৷ অতি অভিনৱ ধাৰণা, ৰঙৰ উচিত প্ৰয়োগ, ঠাইৰ পৰিপক্ব ব্যৱহাৰ আৰু আকৰ্ষণীয় শিল্পকৰ্মৰ বাবে তেওঁৰ জনপ্ৰিয়তা তুংগত৷ তেওঁৰ দেৱাল শিল্পৰ প্ৰতিবাদী ভাষা আৰু ৰাজনৈতিক ‘নেৰেটিভ’এ শাসক-জনতাৰ চিন্তাচৰ্চাক আলোড়িত কৰি আহিছে৷ বেংকছীৰ শিল্পকৰ্মৰ সফলতাৰ গুৰিতে হ’ল শক্তিশালী ৰাজনৈতিক অভিব্যক্তিসম্পন্ন, স্পষ্টবাদী, যুদ্ধ, ফেচীবাদ, ভোগবাদ, বিশ্বায়নবিৰোধী অভিনৱ শিল্প কৰ্ম৷ বেংকছীৰ শিল্পৰ ভাষা হৈছে তিৰ্যক শ্লেষযুক্ত কঠোৰ মূল্যায়ন৷ সমকালীন সময়ৰ সামাজিক, ৰাজনৈতিক অৱস্থাক বেংকছীয়ে কিদৰে নিজৰ শিল্পৰে প্ৰকাশ কৰে, সেয়া বহু শিল্পৰসিকে আগ্ৰহেৰে বাট চাই থাকে৷
কলা আৰু ৰাজনীতিৰ এক গভীৰ সম্পৰ্ক আছে আৰু এই কথা অবিশ্বাস্য যে কলাজগত ৰাজনৈতিক পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱান্বিত নহয়, বহু সময়ত পৰিৱৰ্তনৰ আৰম্ভণি ৰঙৰ ব্ৰাছ আৰু তুলিকাৰ পৰাই হয়৷ দেৱাল শিল্পই এই প্ৰতিবাদ আৰু পৰিৱৰ্তনৰ ধাৰাটোৰ সফল বাহক হিচাপে কাম কৰে৷ পশ্চিমীয়া দেশত দেৱাল শিল্পৰ মূল ভাষাটো মূলতঃ প্ৰতিবাদী আৰু কিছু পৰিমাণে সামাজিক ইছ্য়ুভিত্তিক৷
সমকালীন প্ৰতিবাদৰ এক নব্যধাৰা হিচাপে দেৱাল শিল্পৰ প্ৰভাৱক ইজিপ্তত হোৱা চৰকাৰবিৰোধী স্বতঃস্ফূৰ্ত গণ আন্দোলনকালীন সময়ৰ পৰ্যালোচনাৰে বুজিব পাৰি৷ আৰব বিপ্লৱৰ সময়ছোৱাৰ আৰু পাছৰ কালতো কাইৰো চহৰ মধ্যপ্ৰাচ্যৰ দেৱাল শিল্পৰ ৰাজধানীত পৰিণত হয়৷ ইজিপ্তৰ দেৱাল শিল্পই সাধাৰণ জনতাক তেওঁলোকে কি ভবা উচিত সেয়া সদায় নিৰ্ণয় কৰি দিয়া ৰাজনৈতিক গণ্ডীৰ পৰা ওলাই আহি স্বকীয় আৰু মৌলিক দৃষ্টিভংগীৰে স্বাধীনচিতিয়াকৈ পৃথিৱীখন চোৱাৰ এক পৰিৱেশ দিছিল৷
যদিও খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাতে নিৰ্মিত অজন্তাৰ গুহাচিত্ৰই ভাৰতৰ ইতিহাসত এনে দেৱাল শিল্পৰ উপস্থিতিৰ ঐতিহাসিক গুৰুত্বৰ কথা জনায়, তৎসত্ত্বেও কিন্তু বৰ্তমান সময়ত ভাৰতত এই শিল্প ইউৰোপৰ দেশবোৰৰ দৰে এক প্ৰতিবাদী ধাৰা হিচাপে জনপ্ৰিয় নহয়৷ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোককলাৰ চিত্ৰসমূহো মূলতঃ ব্যক্তিগত বাসস্থান বা ৰাজহুৱা স্থানৰ সৌন্দৰ্যবৰ্ধনৰ বাবে চিত্ৰিত কৰা হয়৷ ১৯৬০-৯০ দশকৰ সময়ছোৱাত ৰাজনৈতিক প্ৰতিবাদৰ ধাৰা হিচাপে দেৱাল শিল্পই মূলতঃ পশ্চিমবংগ আৰু কলিকতা চহৰত বিশেষ প্ৰভাৱ পেলাইছিল৷ কিন্তু, নব্বৈ দশকৰ আৰম্ভণিৰ অৰ্থনৈতিক সংস্কাৰ আৰু বিশ্বায়নৰ ক্ষিপ্ৰ সম্প্ৰসাৰণে কলিকতাকেন্দ্ৰিক এই ৰাজনৈতিক প্ৰতিবাদী ধাৰাৰ দেৱাল শিল্পক ম্লান পেলায় আৰু ক্ৰমান্বয়ে ই কলিকতাৰ দেৱালসমূহৰ পৰা হেৰাই যায়৷ একবিংশ শতিকাৰ আৰম্ভণিৰ বছৰসমূহত এই দেৱাল শিল্পই পুনৰ কিছু পৰিমাণে দিল্লী, মুম্বাই আদি চহৰত য়ন্ত্ৰ, জাইন, ডাকু আদি শিল্পীৰ হাতত কিছু পৰিমাণে ঠন ধৰি উঠে৷ ইয়াৰ সমান্তৰালভাৱে কিছু শিল্পকলাৰ অনুষ্ঠান আদিয়েও এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে৷ ভাৰতৰ কেইবাখনো চহৰত দেৱাল শিল্পৰ বাৰ্ষিক অনুষ্ঠান হয়৷ কিন্তু, মন কৰিবলগীয়া কথা এইটো যে ভাৰতত এই শিল্পকলাৰ সেই প্ৰতিবাদী সত্তাটোৰ উপস্থিতি নগণ্য৷ শিল্পী ডাকুৰ কিছু শিল্পকৰ্মক বাদ দিলে ভাৰতৰ এই দেৱাল শিল্পৰ ধাৰাটো মূলতঃ নান্দনিক সৌন্দৰ্য আৰু সৃজনীশীলতাৰ সমাহাৰ৷
দেৱাল শিল্পক লৈ কিছু অভিযোগো আছে৷ যদিও বহুলভাৱে জনপ্ৰিয় আৰু ‘ৰাজহুৱা কলা’ হিচাপে সমাদৃত, কিন্তু বহু সমালোচকৰ মতে দেৱাল শিল্প হৈছে ৰাজহুৱা সম্পত্তিৰ ধবংসকাৰী এক প্ৰক্ৰিয়া৷ কলাৰ মূলসুঁতিৰ ধাৰাসমূহেও ব্যাকৰণবিহীন অনিয়ন্ত্ৰিত এই কলাপদ্ধতিক মান্যতা দিবলৈ ইতস্ততবোধ কৰে৷ সকলো প্ৰক্ৰিয়াৰ কিছু ত্ৰুটি-বিচ্য়ুতি থকাৰ দৰে দেৱাল শিল্পৰো এনে কিছু দিশ থাকিব পাৰে, একে সময়তে কিন্তু এই কলাৰ গ্ৰহণযোগ্যতা আৰু সাৰ্বজনীনতাক অগ্ৰাহ্য কৰিব পৰা নাযায়৷
সৃজনীশীল অভিনৱ শিল্পই স্ৰষ্টাৰ মানসিক উৎকৰ্ষৰ পৰিচয় দিয়াৰ লগতে ৰসিকসকললৈ আগবঢ়ায় চিন্তাৰ খোৰাক৷ সেই শিল্পই যদি ৰাজনৈতিক দৃষ্টিভংগীৰে এক ‘মেছেজ’ দিয়াৰ প্ৰয়াস কৰে, সি হৈ পৰে এক অব্যৰ্থ শক্তিশালী শিল্পকৰ্ম৷
শিল্পৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা থাকে আৰু দেৱাল শিল্পৰ দৰে ‘কমন মেন’ৰ শিল্প তৎকালীনভাৱে জনপ্ৰিয় হয়৷ জনতা আৰু ৰসিকৰ মনত ই ছাঁপ থৈ যায়৷ যি নিৰৱচ্ছিন্নভাৱে চিন্তাৰ সমল দি থাকে৷
পংকজ প্ৰতিম বৰদলৈ, ফোনঃ ৮৮০০৯-৪৮৮০৮