দেৱালৰ লিখন আৰু আছুৰ ভৱিষ্যৎ
... আমাৰ ভৱিষ্যৎ প্ৰজন্মক সংস্থাপন লাগে৷ আছুৱে এইক্ষেত্ৰত চিন্তা-চৰ্চা কৰি পদক্ষেপ লওক৷ আছুৱে অসমত সুদক্ষ মানৱ সম্পদ গঠনৰ বাবে বিশেষ ভূমিকা লওক৷ তাৰ লগতে অসমৰ অস্তিত্ব ৰক্ষাৰ কাম, এখন শুদ্ধ এন আৰ চিৰ বাবে ধাৰাবাহিকভাৱে লাগি থাকক৷ ৬নং দফাৰ বাবে ধাৰাবাহিকভাৱে লাগক৷ আৰু ‘কা’বিৰোধী আন্দোলনৰ আইনী যুঁজখন কঢ়িয়াই নিয়ক৷ অসমৰ স্বাৰ্থত আপোচবিহীনভাৱে কথা পাতক৷ ৰাজনৈতিক দল গঠন হৈ থাকিব, কিন্তু আছু শক্তিশালীৰূপে থাকক৷ আমাক, অসমীয়া জাতিক, অসমীয়া খিলঞ্জীয়াৰ হৈ কথা ক’ব পৰা এটা অৰাজনৈতিক শক্তি লাগে৷ সেইটো হৈছে আছু ...
সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আছুত দীপাংক নাথ সভাপতি পদত বাহাল থাকিল আৰু শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হ’ল৷ খবৰ অনুসৰি সমুজ্জ্বল ভট্টাচাৰ্য মুখ্য উপদেষ্টা পদত পুনৰ থাকিব৷ সমান্তৰালভাৱে লুৰিণজ্যোতি গগৈয়ে আছুৰ পৰা বিদায় ল’লে৷ ইয়াকে লৈ বিভিন্ন মহলত বিভিন্ন চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷ বহুতে সমুজ্জ্বল ভট্টাচাৰ্যকো সমালোচনা কৰিছে৷ লুৰিণজ্যোতিয়ে বিদায়ৰ সময়ত দিয়া মন্তব্যই সমুজ্জ্বল ভট্টাচাৰ্যৰ লগত নতুন দল গঠনক লৈ হোৱা শীতল যুদ্ধ ৰাজহুৱা হ’ল বুলি ক’ব পাৰি৷
প্ৰথমতে মই লুৰিণজ্যোতি গগৈৰ ভৱিষ্যৎ জীৱনৰ উন্নতি কামনা কৰিলোঁ৷ মোৰ দৃষ্টিত লুৰিণজ্যোতিৰ ভৱিষ্যতে এজন ভাল নেতা হোৱাৰ সকলো লক্ষণ আছে৷ আশাকৰোঁ অনাগত দিনত তেওঁ আৰু আগবাঢ়ি যাব৷
সমুজ্জ্বল ভট্টাচাৰ্যই আছু এৰিব বিচাৰিছিল৷ আছুৰ অধিৱেশনত প্ৰতিনিধি সভাৰ গৰিষ্ঠসংখ্যকেই তেওঁ আছুত থকাটো বিচাৰিলে৷ ইয়াৰ কাৰণ যদি অধ্যয়ন কৰা যায়, হয়তো আছুৱে ৰাজনৈতিক দল গঠন কৰাৰ কথাটো বহু প্ৰতিনিধিয়ে সহজভাৱে ল’ব পৰা নাই, হয়তো বহুতে যোৱা কেইদিনমানৰ পৰিস্থিতি চাই অনুমান কৰিছে যে নতুন ৰাজনৈতিক দল এটাৰ আজিৰ সময়ত ভৱিষ্যৎ খুব ভাল নহয়৷
অলপতে ‘আমাৰ অসম’ত মই এই বিষয়ে পৰ্যালোচনা কৰিছিলোঁ– এইবাৰ নিৰ্বাচন কংগ্ৰেছ-এ আই ইউ ডি এফ আৰু অগপ-বিজেপিৰ মিত্ৰজোঁটৰ মাজতে হ’ব আৰু অনাগত দিনত প্ৰচণ্ড ধৰ্মীয় মেৰুকৰণ হ’বলৈ গৈ আছে৷ এফালে বিজেপিৰ মিত্ৰজোঁটৰ লগত হিন্দু বেংগলী, চাহ জনগোষ্ঠীয় লোক, বিভিন্ন জনগোষ্ঠীয় লোক, হিন্দীভাষী ভোটাৰৰ বেছিভাগকেই লৈ এটা বৃহৎ ভোটবেংক; আনহাতে কংগ্ৰেছ মিত্ৰজোঁটৰ হাতত সংখ্যালঘুসকলৰ বেছিভাগকেই লৈ এটা বৃহৎ ভোটবেংক৷
এই প্ৰেক্ষাপটত বৰ্তমান কৰ’না মহামাৰীৰ এই সংকট কালত আঞ্চলিক দল খুলি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাটো ইমান সহজ নহয়৷ আৰু হয়তো বহুলোকে জানিছে যে ৰাজনৈতিক দলত সম্পূৰ্ণ ভৰি থৈ দল বিফল হ’লে সকলো দোষ আছুৰ ওপৰতে পৰিব৷ এটা সম্পূৰ্ণ ৰাজনৈতিক দললৈ পৰিণত হৈ যদি আছুয়ে বেয়া ফলাফল দেখুৱায়, তেন্তে আছুৰ ভাবমূৰ্তিক লৈ তথা ভৱিষ্যতৰ কাৰ্যপন্থাক লৈ প্ৰশ্নবোধক আহিব৷
মোৰ দৃষ্টিত প্ৰতিনিধি সভাত আছুৰ বহুলোকে সমুজ্জ্বল ভট্টাচাৰ্য থকাটো বিচাৰিলে, যাতে একধৰণৰ সমতা বৰ্তি থাকে৷ লুৰিণজ্যোতি গগৈ হয়তো তেওঁলোকৰ অপছন্দ নহয়, কিন্তু আছু ৰাজনৈতিক দল হোৱাটো বেছিভাগেই পছন্দ নকৰে৷
ব্যক্তিগতভাৱে ময়ো নিবিচাৰোঁ৷ মই বিচাৰোঁ– আছু এক শক্তিশালী সত্তাৰূপে অসমৰ হৈ যিকোনো বিষয়ত মাত মাতিব পৰাকৈ থিয় হৈ থাকক৷ ৰাজনৈতিক দল এটালৈ সম্পূৰ্ণ আনুগত্য থাকিলে আছুৰ বহু বাধ্যবাধ্যকতা থাকিব৷
সমুজ্জ্বল ভট্টাচাৰ্যই হয়তো দেখিলে– যিটো আছুক তেওঁলোকে বহু বছৰ ধৰি লগত লৈ আগুৱাই নিছে, সেই আছুক একেবাৰে ত্যাগ কৰিলে ক’ৰবাত নহয় ক’ৰবাত আছুৰ চৰিত্ৰত আঘাত হনা হ’ব৷ সেইবাবেই হয়তো তেওঁ আছুত থকাৰ সিদ্ধান্ত ল’লে৷
সমুজ্জ্বল ভট্টাচাৰ্য আৰু দীপাংক নাথে আছুক খামুচি আছে বুলি কিছু মহলত যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াও হৈছে৷ কিন্তু আছুৰ মজিয়া বা আছুৰ লগত থকা বহুলোকে কথাটো সমৰ্থনো কৰিছে৷ মই ব্যক্তিগতভাৱে ভাবোঁ যে সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ সৈতে কিছুদিন থাকি এটা নতুন দলক প্ৰশিক্ষণ দি সবল কৰি তেওঁ বেলেগ কামত মন দিব লাগে৷ এটা কথা প্ৰমাণ হ’ল যে সমুজ্জ্বল ভট্টাচাৰ্য এক অবিসম্বাদী সত্তা৷ অসমৰ ৰাইজে তেওঁক বিশ্বাস কৰে৷ তেওঁৰ দায়িত্ব আছে, আছুত নতুন নেতৃত্ব তৈয়াৰ কৰাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, যাতে নতুনচামে আছুক আগুৱাই লৈ যাব পাৰে৷
দেৱালৰ লিখন পঢ়াটো এক দৰকাৰী কথা৷ মই ভাবোঁ আৱেগিকভাৱে টেলিভিছনত বক্তৃতা দি বহু ব্যক্তিয়ে উচটাই অসমীয়া খিলঞ্জীয়া সত্তাটোক দুৰ্বল কৰিব বিচাৰিছে৷ মোৰ দৃষ্টিত অসমত এটাই ৰাজনৈতিকভাৱে শক্তিশালী আঞ্চলিক দলৰ স্থান আছে বিটিআৰক বাদ দি৷
নিৰ্বাচন সদায় সংখ্যাৰ খেলা৷ এজন জনপ্ৰিয় ব্যক্তি নিৰ্বাচনত নিজিকিবও পাৰে৷ এইবাবে নিজিকিব পাৰে যে তেওঁৰ অনুগামীসকল একেটা সমষ্টিৰ নহ’বও পাৰে৷ ইয়াত প্ৰথম কথা, এজন ব্যক্তিৰ এটা সমষ্টিত কিমান প্ৰভাৱ আছে৷ দ্বিতীয় কথা, জাতি-জনগোষ্ঠীৰে বৈচিত্ৰ্যময় অসমখনত আমি বেয়া পালেও জাতি-জনগোষ্ঠী, সম্প্ৰদায়, ধৰ্ম, ধনবলে সাংঘাতিকভাৱে অসমৰ নিৰ্বাচনত প্ৰভাৱ পেলায়৷ যি দলে সেই অংক লৈ নিৰ্বাচন খেলিব জানে, তেওঁলোকেই নিৰ্বাচনত ভাল ফল দেখুৱায়৷ নতুন দলসমূহৰ বাবে নিৰ্দিষ্ট ভোটবেংক নাই৷ সেই কাৰণে এইটো দৰকাৰী যে অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত সকলোকে একেলগ কৰি এক আঞ্চলিক শক্তি থিয় কৰাব পাৰিলেহে ভাল ফলাফল আহিব৷ তেওঁলোকে হয়তো মুছলমান সমাজৰ কিছু ভোট আকৰ্ষণ কৰিব পাৰিব; কিন্তু এটা শক্তিয়ে একেলগ হৈহে এয়া পাৰিব, ইমান ভাগ ভাগ হৈ নোৱাৰে৷
আজিৰ প্ৰেক্ষাপটত সম্ভৱ নহ’লেও অনাগত দিনত মই নিশ্চিতভাৱে সমুজ্জ্বল ভট্টাচাৰ্য, অতুল বৰা, লুৰিণজ্যোতি গগৈক একেলগে একেখন মঞ্চতে বিচাৰোঁ৷ এই কথাখিনি মই বহুদিন কৈ আহিছোঁ, প্ৰথমতে অলীক কল্পনা বুলি কিছুৱে হাঁহিলেও অসমত এটা আঞ্চলিক শক্তি জীয়াই থকাৰ স্বাৰ্থত আৰু সংখ্যাৰ খেলত এনেকুৱা সমীকৰণ অহা কেইবছৰমানত হ’ব পাৰে৷
কোনোবা এজন লোক নেতা হোৱাৰ স্বাৰ্থত, নিজৰ ভৱিষ্যতৰ বা কিছুদিনৰ খৰচ মোকলোৱাৰ স্বাৰ্থত উচটাই উচটাই বহু দল গঠন কৰাৰ প্ৰক্ৰিয়াটোৱে অসমৰ আঞ্চলিক শক্তিলৈ ভৱিষ্যতে বিপদ আনিব৷ সকলো একেলগ হৈ শক্তিশালী ভোটবেংক সৃষ্টি কৰা উচিত৷ অসমত অসমীয়াৰ ভৱিষ্যতৰ কথা কোৱা উচিত, অসমীয়া অৰ্থনীতিৰ কথা কোৱা উচিত৷ ৰাজনৈতিক সুৰক্ষাৰ কথা কোৱা উচিত৷ আৰু সকলো ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি একেলগ হোৱা উচিত৷ সেয়াই হৈছে বাস্তৱ, জাতিৰ স্বাৰ্থত এটা শক্তিশালী ৰাজনৈতিক সত্তা৷
আছুৰ ক্ষেত্ৰত মই ভাবোঁ যে আছুৱে বাস্তৱভিত্তিক কথা কওক৷ ৬নং দফাৰ কথা নিৰৱচ্ছিন্নভাৱে কওক৷ ‘কা’ আন্দোলনৰ বিপক্ষে আইনী যুঁজ চলাওক৷ অসমৰ কিছুজ্ব লন্ত সমস্যা, অৰ্থনৈতিক অনগ্ৰসৰতা, বান-খহনীয়াৰ স্থায়ী সমাধান, কৰ্মসংস্থাপনৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰক, চৰকাৰক হেঁচা দিয়ক৷ অসমৰ ছাত্ৰ সমাজক আছুৱে নতুন ৰূপত আগুৱাই নিয়ক৷
এতিয়া নতুনচামক কৰ্মসংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা উচিত৷ সজাগতামূলক অনুষ্ঠান কৰা উচিত– সেয়া শিক্ষামূলক হ’ব পাৰে, তেওঁলোকে ইণ্টাৰনেটৰ জৰিয়তে শিক্ষাৰ নতুন নতুন ব্যৱস্থা কৰিব পাৰে, কেনেকৈ ব্যৱসায় কৰিব পাৰি তাৰ বিষয়ে সজাগ হওক৷ জাতিৰ উন্নতিৰ বাবে থলুৱা বজাৰৰ কথাটো আহে৷ খেতিয়কক উৎসাহিত কৰি বৃহত্তৰভাৱে খেতি কৰা, বজাৰৰ বাবে যোগাযোগ স্থাপন কৰা– এইখিনি কাম আছুৱে কৰিব লাগে৷ ইমানদিনে বহু আন্দোলন হ’ল, বহু বন্ধ হ’ল, কিন্তু ফলাফল নোলাল৷ এতিয়া নতুন ষ্ট্ৰেটেজীৰ দৰকাৰ৷
লগতে পঢ়কঃ https://aamarasom.com/detail-news/382
অসমত ব্যৱসায়, বাণিজ্য, বিনিয়োগৰ বাবে পৰিৱেশ লাগে৷ ইয়াৰ ওপৰতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ বহুগুণে নিৰ্ভৰ কৰে৷
অসম অশান্ত বুলি ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত ইমান প্ৰসাৰ পায় যে অসমত বিনিয়োগ কৰিবলৈ বহুলোক আহিবলৈ ভয় কৰা হ’ল৷ বিনিয়োগকাৰীক লুণ্ঠনকাৰী সজোৱাৰ মানসিকতা আমি সকলোৱে এৰিব লাগিব৷ অসমৰ আৰ্থ-সামাজিক অৱস্থা, পৰিৱেশৰ উন্নয়ন নহ’লে অসমীয়াৰ ভৱিষ্যৎ অতি বেয়া৷
আন্দোলনৰ ন্যায্যতা মই নুই কৰিব খোজা নাই, কিন্তু ই ধবংসাত্মক চৰিত্ৰৰ হ’ব নালাগে৷ আন্দোলন এটাক ধবংসাত্মক ৰূপ দিবলৈ বহুতে প্ৰয়াস কৰে৷ আমাৰ একোটা প্ৰজন্মৰ ভৱিষ্যৎ হিংসাত্মক আন্দোলনে ধবংস কৰি পেলালে৷ অসমত উদ্যোগ, বাণিজ্য লাগিব৷ অসমত বিনিয়োগ লাগিব৷ সমগ্ৰ দেশতে চাকৰি অধিক হাৰত ব্যক্তিগত খণ্ডই দি আছে৷ চৰকাৰী খণ্ডলৈ দিনে দিনে সীমাবদ্ধতা আহিছে৷ ব্যক্তিগত খণ্ডলৈ বিনিয়োগ আহিলেহে চাকৰি ওলাব৷ আৰু ল’ৰা-ছোৱালীৰ জীৱন সুস্থিৰ হ’ব৷ বিনিয়োগৰ বাবে পৰিৱেশ লাগে৷ এতিয়া বিনিয়োগকাৰী অসমলৈ নাহে, কাৰণ অসমত বজাৰ নাই৷ অসমত ইমান কেঁচামাল নাই৷ তেলেংগানা, মধ্যপ্ৰদেশ, উৰিষ্যালৈ যায়, ঝাৰখণ্ডলৈ যায়৷ অসমলৈ আনিবলৈ হ’লে আমি তেওঁলোকক আকৰ্ষণ কৰিব পাৰিব লাগিব৷ এতিয়া দক্ষিণ-পূব এছিয়াৰ বজাৰ সৃষ্টি হ’লে সেয়া আমি বিনিয়োগকাৰীক দেখুৱাব পাৰোঁ৷ আটাইতকৈ ডাঙৰ কথা হৈছে– তেওঁলোকক আমি পৰিৱেশ দিব লাগিব৷
আমাৰ ভৱিষ্যৎ প্ৰজন্মক সংস্থাপন লাগে৷ আছুৱে এইক্ষেত্ৰত চিন্তা-চৰ্চা কৰি পদক্ষেপ লওক৷ আছুৱে অসমত সুদক্ষ মানৱ সম্পদ গঠনৰ বাবে বিশেষ ভূমিকা লওক৷ তাৰ লগতে অসমৰ অস্তিত্ব ৰক্ষাৰ কাম, এখন শুদ্ধ এন আৰ চিৰ বাবে ধাৰাবাহিকভাৱে লাগি থাকক৷ ৬নং দফাৰ বাবে ধাৰাবাহিকভাৱে লাগক৷ আৰু ‘কা’বিৰোধী আন্দোলনৰ আইনী যুঁজখন কঢ়িয়াই নিয়ক৷ অসমৰ স্বাৰ্থত আপোচবিহীনভাৱে কথা পাতক৷
ৰাজনৈতিক দল গঠন হৈ থাকিব, কিন্তু আছু শক্তিশালীৰূপে থাকক৷ আমাক, অসমীয়া জাতিক, অসমীয়া খিলঞ্জীয়াৰ হৈ কথা ক’ব পৰা এটা অৰাজনৈতিক শক্তি লাগে৷ সেইটো হৈছে আছু৷
দেৱালৰ লিখন সকলোৱে পঢ়ক আৰু খিলঞ্জীয়াৰ স্বাৰ্থত কিছু বাস্তৱসন্মত পদক্ষেপ লওক৷
শ্যামকানু মহন্ত, টুইটাৰঃ skmahanta2013






