Logo
image

এছিয়ান গেম্‌ছ বাতিল

চীনত কৰ’নাৰ দ্ৰুত সংক্ৰমণ

হাত দাঙিলে হাংঝৌৱে

আমাৰ অসম, ৭ মে’: চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছ ক’ভিডৰ নতুন সংক্ৰমণৰ বাবে কমেও এবছৰৰ বাবে স্থগিত ৰখা হৈছে৷ চীনৰ হাংঝৌত চলিত বছৰৰ ১০-২২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ শুকুৰবাৰে চীন অলিম্পিক কমিটীয়ে এই নিৰ্দিষ্ট দিনত এছিয়াৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতাখন ক’ভিডৰ বদ্ধিৰ্ত সংক্ৰমণৰ বাবে আয়োজন কৰিব নোৱাৰে বুলি ঘোষণা কৰিছে৷ চীন অলিম্পিক কমিটী আৰু হাংঝৌ এছিয়ান গেমছ আয়োজক কমিটীৰ মাজত অনুষ্ঠিত দীৰ্ঘ আলোচনাৰ অন্তত শুকুৰবাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ প্ৰথমে চীনৰ স্থানীয় সংবাদ মাধ্যমে আৰু সেই তথ্য উদ্ধৃত কৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰিটো প্ৰকাশ কৰাৰ লগে লগে ক্ৰীড়া ক্ষেত্ৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ অৱশ্যে কিছু সময়ৰ পাছতে চীন অলিম্পিক কমিটীয়ে হাংঝৌ এছিয়াড স্থগিত কৰা বুলি ঘোষণা কৰাত সকলোৱেই বিষয়টো সম্পৰ্কে নিশ্চিত হয়৷ ১৯ সংখ্যক এছিয়ান গেমছ একে স্থানতে আৰু পূৰ্ব নিৰ্ধাৰিত একেই প্ৰতীকেৰে ২০২৩ চনত আয়োজন কৰা হ’ব৷ নতুন দিন ঘোষণা কৰাৰ পূৰ্বে চীন অলিম্পিক কমিটী, হাংঝৌ এছিয়ান গেমছ আয়োজক কমিটী আৰু অলিম্পিক কমিটী অব্‌ এছিয়াৰ মাজত আলোচনা হ’ব আৰু তেওঁলোকেই সিদ্ধান্ত গ্ৰহণ কৰিব৷ চীনত আবিৰ্ভাৱ হোৱা ন’ভেল কৰ’না ভাইৰাছ বা ক’ভিডৰ এতিয়াও অৱসান ঘটা নাই৷ শেহতীয়াকৈ বিগত দুমাহমানত চীনৰ কেইবাখনো ডাঙৰ চহৰত ক’ভিডৰ সংক্ৰমণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ দেশখনৰ বিত্তীয় ৰাজধানী হিচাপে পৰিচিত ছাংহাই চহৰ যোৱা এমাহ ধৰি লকডাউনৰ কবলত আছে৷ কঠোৰ হাতেৰে ক’ভিড নিয়ন্ত্ৰণ কৰাৰ বাবে চীনৰ চৰকাৰে প্ৰথমৰে পৰা চলাই অহা প্ৰচেষ্টা অনুকৰণ কৰিয়েই ছাংহাই চহৰত লকডাউন বলৱৎ কৰা হৈছে৷ ছাংহাইৰ ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱাৰ পূৰ্বেই এতিয়া দেশখনৰ ৰাজধানী বেইজিঙত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ চীনৰ চৰকাৰে বেইজিঙতো ছাংহাইৰ দৰে লকডাউন অথবা তাতকৈ সামান্য শিথিল ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰিকল্পনা কৰিছে৷ কেৱল এই দুখন বৃহত্তম চহৰতে নহয় এছিয়ান গেমছ অনুষ্ঠিত হ’বলগীয়া হাংঝৌকে ধৰি আৰু নানা চহৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ ইয়াৰ ফলত চীনৰ চৰকাৰে এনে এক অনাকাংক্ষিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ ক’ভিডৰ বলি কেৱল হাংঝৌ এছিয়ান গেমছেই হোৱা নাই, ২০২০ চনত পৃথিৱীৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতা টকিঅ’ অলিম্পিক ক’ভিডৰ বাবেই এবছৰৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল৷ ২০২০ চনত উইম্বলডনকে ধৰি চাৰিখন গ্ৰেণ্ডশ্লাম টেনিছ প্ৰতিযোগিতা আৰু আগশাৰীৰ প্ৰায় সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা বাতিল কিম্বা স্থগিত হৈছিল৷ তাৰে বাৰ্ষিক প্ৰতিযোগিতাসমূহ সম্পূৰ্ণৰূপে বাতিল হ’ল আৰু ২ কিম্বা ৪ বছৰৰ ব্যৱধানত হোৱা ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ কিছু সংখ্যক পৰৱৰ্তী সময়ত সুবিধা বুজি অনুষ্ঠিত কৰা হয়৷ যোৱা ফেব্ৰুৱাৰীত চীনৰ বেইজিঙত সুকলমে শীতকালীন অলিম্পিক প্ৰতিযোগিতা আয়োজন কৰা হৈছিল৷ অৱশ্যে সেই প্ৰতিযোগিতাখন আছিল ‘ক্লজড ড’ৰ’, অৰ্থাৎ প্ৰায় দৰ্শকশূন্যভাৱে অনুষ্ঠিত হৈছিল৷ শীতকালীন অলিম্পিক চীনে ক’ভিডৰ ত্ৰাসৰ মাজতে সুকলমে অনুষ্ঠিত কৰালৈ চাই হাংঝৌ এছিয়াডো দেশখনে সময়মতে আয়োজন কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছিল৷ কিয়নো চীনত আন সকলো নিয়ম-নীতিৰ দৰেই ক’ভিড বিধিও চৰকাৰী নিৰ্দেশত কঠোৰভাৱে পালন কৰা হৈছে৷ এনে নিয়মানুৱৰ্তিতা আৰু শৃংখলাৰ বাবেই হাংঝৌ এছিয়াডৰ বাবে সকলো দেশে নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হ’ব বুলি ধৰি লৈ প্ৰস্তুতি চলাই আছিল৷ কিন্তু শুকুৰবাৰে চীন অলিম্পিক কমিটীয়ে কৰা ঘোষণাত অংশগ্ৰহণকাৰী দেশসমূহৰ প্ৰতিযোগীৰ আশাত চেঁচাপানী পৰে৷ হাংঝৌ এছিয়াডত মুঠতে ৬১ বিধ খেলত এছিয়াৰ ১১ হাজাৰ প্ৰতিযোগীয়ে ভাগ লোৱাৰ কথা আছিল৷ তাৰে তিনি-চতুৰ্থাংশ প্ৰতিযোগীয়ে ইতিমধ্যে হাংঝৌ এছিয়াডৰ বাবে যোগ্যতা অৰ্জন কৰিছিল৷ প্ৰতিযোগিতাখন ২০২৩ চনলৈ স্থগিত ৰখাৰ ফলত অনেক প্ৰতিযোগীয়েই ১৯ সংখ্যক এছিয়াডত ভাগ ল’বলৈ অসমৰ্থ হ’ব৷ কিয়নো অনেকৰে বয়স বাঢ়িব আৰু বদ্ধিৰ্ত বয়সে প্ৰদৰ্শনত প্ৰভাৱ পেলাব৷ তদুপৰি অহা এবছৰত বহু প্ৰতিযোগীয়ে আঘাতজনিত সমস্যাৰ বাবে এইখন এছিয়াডত যোগদান কৰিবলৈ সমৰ্থ নহ’বও পাৰে৷ তেনে প্ৰতিযোগীৰ এখন এছিয়াড গেমছত যোগদান কৰাৰ সপোন দিঠকত পৰিণত নোহোৱাকৈ ৰৈ যাব৷ অৱশ্যে ভাৰতীয় এথলেটিক্‌ছ ফেডাৰেশ্বনে এই ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰিছে৷ কিয়নো চলিত বছৰত বিশ্ব এথলেটিক্‌ছ চেম্পিয়নশ্বিপ আৰু কমনৱেল্‌থ গেমছকে ধৰি কেইবাখনো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ উপৰ্যুপৰি এনে উচ্ছ মানৰ প্ৰতিযোগিতাত একে বছৰতে আৰু কেইমাহমানৰ বিৰতিত প্ৰতিদ্বন্দ্বিতা কৰাটো এথলীটৰ বাবে কষ্টসাধ্য৷ ভাৰতীয় এথলেটিক্‌ছ ফেডাৰেশ্বনৰ মতে হাংঝৌ এছিয়াড স্থগিত হোৱাত ভাৰতীয় এথলীটে বিশ্ৰাম লাভ কৰিব আৰু বাকী থকা কেইখন প্ৰতিযোগিতাত পূৰ্ণ সক্ষমতাৰে অংশগ্ৰহণ কৰিব পাৰিব৷ উল্লেখ্য, বিগত ১৮ সংখ্যক জাকাৰ্টা এছিয়ান গেমছত ভাৰতে পোন্ধৰটা সোণৰ পদকসহ মুঠতে ৬৯ টা পদক লাভ কৰি অষ্টম স্থান অধিকাৰ কৰিছিল৷