দিল্লী চলো! ৰাজধানীত লক্ষাধিক বিদ্ৰোহী কৃষক, ষ্টেডিয়ামক জে’ল বনোৱাত বাধা কেজৰিৱালৰ
আমাৰ অসম, ২৮ নৱেম্বৰঃ অৱশেষত দিল্লী অভিমুখে আগবঢ়া হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল ৰাজধানী চহৰখনৰ আৰক্ষী প্ৰশাসন৷ যোৱা তিনিটাদিন ধৰি পঞ্জাব, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, ৰাজস্থান আৰু কেৰালাৰ পৰা পদব্ৰজে দিল্লী অভিমুখে অহা কৃষকসকলৰ ওপৰত পানীহিলৈ, কন্দুৱা গেছ আৰু লাঠিচালনা কৰাৰ পাছতো তেওঁলোকৰ দৃঢ়তাৰ ওচৰত সেও মানি শান্তিপূৰ্ণভাৱে ৰাজধানী চহৰখনত প্ৰৱেশৰ বাবে আৰক্ষীয়ে শুকুৰবাৰে বিয়লি অনুমতি প্ৰদান কৰিবলৈ বাধ্য হয়৷ অৱশ্যে দিল্লীত প্ৰৱেশৰ সময়ত প্ৰতিবাদী কৃষকসকলক আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সুৰক্ষা প্ৰদান কৰি লৈ যাব বুলি প্ৰকাশ কৰা হয়৷ কিন্তু ইয়াৰ মাজতো একাংশ প্ৰতিবাদীৰ ওপৰত ঠায়ে ঠায়ে আৰক্ষীৰ লাঠিচালনা অব্যাহত থাকে৷ ফলত কেইবাজনো প্ৰতিবাদী আহত হৈ চিকিৎসাধীন হ’ব লগা হয়৷ এই সময়ছোৱাত আৰক্ষীৰ ওপৰতো চলে শিলাবৰ্ষণ৷ ৰাজধানী চহৰখনত এনে কৃষক বিদ্ৰোহৰ ফলত বিৰাজ কৰা যুদ্ধসদৃশ পৰিস্থিতিত কাৰ্যতঃ বৃহস্পতিবাৰৰ পৰা আজিৰ দিনটোলৈ একপ্ৰকাৰ জনজীৱন বিপৰ্যস্ত হৈ পৰে৷ বন্ধ হৈ পৰে যাত্ৰীবাহী বাছ আৰু মেট্ৰ’ৰ চলাচল৷ উল্লেখ্য যে প্ৰতিবাদী কৃষকসকলে ‘দিল্লী চলো’ কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজধানী চহৰখনৰ ৰামলীলা ময়দানত সমবেত হৈ শেহতীয়া কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল৷ কিন্তু দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰৰে পৰা কেইবা ঘণ্টাধৰি প্ৰতিবাদীসকলক বাধাপ্ৰদান কৰা আৰু ইয়াৰ ফলত সৃষ্টি হোৱা সংঘৰ্ষময় পৰিস্থিতিৰ অন্তত অৱশেষত ৰামলীলা ময়দানৰ সলনি বুৰাৰীৰ ওচৰত প্ৰতিবাদ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে ৰূপায়ণ কৰাৰ অনুমতি প্ৰদান কৰে৷ স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে বহু বিতৰ্কিত আইনখন গৃহীত কৰাৰ দিনৰে পৰা দেশজুৰি ইয়াৰ প্ৰতিবাদ আৰম্ভ হৈছিল৷ কিন্তু ইয়াৰ পাছতো চৰকাৰ নিজৰ স্থিতিত অটল হৈ থকাত অৱশেষত পঞ্জাব, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, ৰাজস্থান আৰু কেৰালাৰ পৰা হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদী সমদল উলিয়াই ‘দিল্লী চলো’ অভিযান আৰম্ভ কৰে৷ উক্ত ৰাজ্যকেইখনৰ কৃষক সংগঠনসমূহৰ আহ্বানক্ৰমে ‘দিল্লী চলো’ কাৰ্যসূচী আৰম্ভ কৰা হয় বৃহস্পতিবাৰে পুৱা৷ এই সমদলত হাজাৰ হাজাৰ কৃষকে পদব্ৰজে দিল্লী অভিমুখে আগবঢ়াৰ লগতে একাংশই ট্ৰেক্টৰেৰে আহি আছিল৷ কৃষকৰ প্ৰতিবাদী সমদলটো শান্তিপূৰ্ণভাৱেই আগবাঢ়িছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দিল্লী আৰক্ষীয়ে প্ৰতিবাদী কৃষকক পূৰ্ব পৰিকল্পিতভাৱে বাধা প্ৰদান কৰা আৰম্ভ কৰে৷ এটা সময়ত বিশাল সমদলটো আহি দিল্লী-হাৰিয়ানা সীমান্তত উপস্থিত হোৱাত আৰক্ষীয়ে অতি বৰ্বৰতাৰে সমদলকাৰীসকলৰ ওপৰত জঁপিয়াই পৰে৷ এই সময়ছোৱাত দিল্লীৰ হাড় কঁপোৱা শীতৰ মাজতে কৃষকসকলৰ ওপৰত নিক্ষেপ কৰা হয় পানীহিলৈ, প্ৰয়োগ কৰা হয় কন্দুৱা গেছ৷ এনে অৱস্থাত মুহূৰ্তৰ ভিতৰতে দিল্লী-হাৰিয়ানা সীমান্ত একপ্ৰকাৰ ৰণক্ষেত্ৰলৈ পৰিণত হয়৷ প্ৰতিবাদীসকলৰ পৰাও আৰক্ষী আৰু চি আৰ পি এফলৈ নিক্ষেপ কৰা হয় শিলগুটি৷ কেইবাখনো আৰক্ষীৰ গাড়ী ভাঙি পেলায় ক্ষুব্ধ সমদলকাৰীয়ে৷ কিছু সময় পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে৷ কিন্তু সময় যোৱাৰ লগে লগে নিশা পুনৰ প্ৰতিবাদী কৃষকসকলে সমদল কৰি আগবাঢ়ে৷ চি আৰ পি এফ তথা আৰক্ষীৰ বিশাল বাহিনীৰ বাধা সত্ত্বেও সমদলটো আগবাঢ়ি যোৱাত এটা সময়ত শীত-প্ৰবাহৰ মাজতে নিশা ১১ বজাত আৰক্ষীয়ে পুনৰ পানীহিলৈ নিক্ষেপ কৰা আৰম্ভ কৰে৷ ইয়াৰ পূৰ্বে দিল্লী সীমান্তৰ কেইবাটাও পথ সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হয়৷ বন্ধ কৰি দিয়া হয় যাত্ৰীবাহী বাছৰ চলাচল৷ আজি পুৱাৰে পৰা দিল্লীৰ পৰিস্থিতি পুনৰ জটিল কৰি তোলে প্ৰতিবাদীসকলে৷ দিল্লীত প্ৰৱেশৰ লক্ষ্যৰে দৃঢ় হৈ থকা কৃষকসকলে তেওঁলোকক শান্তিপূৰ্ণভাৱে আগবাঢ়িবলৈ দিয়া বাবে আৰক্ষীক অনুৰোধ জনায়৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত চলা দিল্লী আৰক্ষীয়ে পুনৰ প্ৰতিবাদকাৰীসকলক বাধা আৰোপ কৰে৷ পথৰ ওপৰত বহুৱাই দিয়া হয় বেৰিকেডৰ পিছত বেৰিকেড৷ কিন্তু ইয়াৰ পিছতো বাধা নেওচি আগবাঢ়িয়েই থাকে কৃষি আইনৰ বিৰোধিতা কৰা কৃষকসকল৷ এটা সময়ত আৰক্ষীয়ে প্ৰতিবাদী কৃষকসকলক আটক কৰি ৰাখিবলৈ দিল্লীৰ নখন ষ্টেডিয়ামক অস্থায়ী কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে দিল্লী চৰকাৰৰ ওচৰত অনুমতি বিচাৰে৷ কিন্তু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজ্ৰিৱালে আৰক্ষীৰ অনুৰোধ পোনছাটেই নাকচ কৰাত কাৰ্যতঃ আৰক্ষী অসহায় হৈ পৰে৷ ফলত এটা সময়ত প্ৰতিবাদীসকলক শান্তিপূৰ্ণভাৱে দিল্লীত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিবলৈ বাধ্য হৈ পৰে আৰক্ষী প্ৰশাসন৷ উল্লেখ্য যে ‘দিল্লী চলো’ অভিযানত প্ৰায় লক্ষাধিক কৃষকৰ সমাগম ঘটা পৰিলক্ষিত হয়৷ ইপিনে কৃষক সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অহা ৩ ডিচেম্বৰত কৃষক সংগঠনসমূহৰ সৈতে আলোচনাত বহাৰ আশ্বাস প্ৰদান কৰিছিল৷ কেন্দ্ৰৰ এই আশ্বাস সন্দৰ্ভত পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কয় যে ‘কৃষক বিৰোধী কৃষি আইন বাতিলৰ বাবে আৰম্ভ হোৱা আন্দোলনে ইতিমধ্যে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ এনে ক্ষেত্ৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পূৰ্বে চৰকাৰে এতিয়াই আন্দোলনকাৰীৰ সৈতে আলোচনাত বহি বিচক্ষণতাৰ পৰিচয় দিয়া উচিত৷’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক নিজৰ অধিকাৰ প্ৰদান কৰা উচিত৷ চৰকাৰে নতুন আইনখনৰ জৰিয়তে তেওঁলোকৰ ন্যূনতম সহায়ক মূল্য লাভ কৰাৰ অধিকাৰ কাঢ়ি নিয়া উচিত নহয়৷