Logo
image

ঐতিহাসিক থমাছ কাপ জয় ভাৰতৰ

আমাৰ অসম, ১৬ মে’: এটা সময় আছিল, কোনো ভাৰতীয় শ্বাটলাৰে বিশ্বক্ৰমৰ ১০০ৰ ভিতৰত প্ৰৱেশ কৰিলে দেশৰ সংবাদপত্ৰৰ ক্ৰীড়াপৃষ্ঠাত খবৰ ওলাইছিল৷ ক্ৰীড়াপৃষ্ঠাৰ সেইখবৰ প্ৰথম পৃষ্ঠাৰ, তাকো ‘লিড নিউজলৈ ৰূপান্তৰিত কৰিছিল৷ প্ৰথমে ছাইনা নেহৱাল আৰু তাৰ পাছত পি ভি সিন্ধুৱে অলিম্পিকৰ তিনিটাকৈ পদক দেশলৈ কঢ়িয়াই আনি৷ কিন্তু দেশৰ বেডমিণ্টনৰ ৰূপান্তৰ যে এনে পৰ্যায়ত হৈছে, সেয়া ক্ৰীড়াপ্ৰেমীয়ে অনুধাৱন কৰিবলৈ সক্ষম নৌহওঁতেই ভাৰতীয় শ্বাটলাৰে ইতিহাস সৃষ্টি কৰি বেডমিণ্টনৰ বিশ্বকাপৰ মৰ্যাদা পোৱা থমাছ কাপ অৰ্জন কৰি দেশৰ বেডমিণ্টন আসৰত বিপ্লৱৰ সৃষ্টি কৰিলে৷ দেওবাৰে ভাৰতীয় বেডমিণ্টন দলটোৱে বেংককৰ নোনথাবুড়ি ইমপেক্ট এৰেনাত ১৪ বাৰৰ চেম্পিয়ন ইন্দোনেছিয়াক ৩-০ মেচৰ পোনপটীয়া ব্যৱধানত আক্ষৰিক অৰ্থতে উৰুৱাই দি থমাছ কাপ অৰ্জন কৰিলে৷ এসময়ত প্ৰতিযোগিতাখনত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হোৱা ভাৰতীয় দলে এইবাৰেই প্ৰথমবাৰলৈ ফাইনেলত প্ৰৱেশ কৰি চেম্পিয়নশ্বিপ লাভ কৰি স্বৰূপাৰ্থতে ইতিহাস গঢ়িলে৷ ৭৩ বছৰীয়া প্ৰাচীন প্ৰতিযোগিতাখনত ইয়াৰ পূৰ্বে কেৱল বিশ্বৰ ৬ খন দেশেহে বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল৷ ভাৰতে থমাছ কাপৰ সপ্তমখন বিজয়ী দেশৰ সন্মান অৰ্জন কৰাটো সন্দেহাতীতভাৱে বিশ্ব বেডমিণ্টনৰ নতুন ইতিহাস৷ তাৎপৰ্যপূৰ্ণভাৱে দেশৰ দলীয় বেডমিণ্টনৰ ইতিহাসতো এয়াই সৰ্বোচ্ছ কৃতিত্ব৷ 

দেশক বিশ্ব বেডমিণ্টনৰ সৰ্বশ্ৰেষ্ঠ দলীয় সন্মান আিন দিলে লক্ষ্য সেন, কিদাম্বি শ্ৰীকান্ত আৰু ডাবলছৰ যুটী সাত্বিকসাইৰাজ বানকিৰেড্ডী আৰু ছিৰাগ শেট্টীয়ে৷ ফাইনেলত বিশ্বৰ নৱম স্থানৰ লক্ষ্য সেনে বিশ্বৰ পঞ্চম স্থানৰ এণ্টনি ছিনিছুকা জিণ্টিঙক, সাত্বিক-ছিৰাগ যুটীয়ে মহম্মদ এহছান কেভিন সঞ্জয় ছাকামুলিয়েকে যুটীক আৰু তৃতীয় মেচত কিদাম্বি শ্ৰীকান্তে বিশ্বৰ অষ্টম স্থানৰ জনাথন ক্ৰিষ্টিক পৰাভূত কৰি পোনপটীয়া মেচৰ বিজয় সাব্যস্ত কৰে৷ তাৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলত ভাৰতে ৫ বাৰৰ চেম্পিয়ন মালয়েছিয়া আৰু ছেমি ফাইনেলত ডেনমাৰ্কক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত পৰাস্ত কৰিছিল৷ 

ভাৰতীয় দলৰ এই বিজয়ক ১৯৮৩ চনত টীম ইণ্ডিয়াই ক্ৰিকেটৰ বিশ্বকাপ অৰ্জন কৰাতকৈয়ো বৃহৎ কৃতিত্ব বুলি মন্তব্য কৰিছে পুল্লেলা গোপীচান্দে৷ ইতিমধ্যে বিজয়ী দলক অভিনন্দন জনায়েই ক্ষান্ত নাথাকি দলৰ খেলুৱৈসকলৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বেডমিণ্টনক বিশ্বৰ চূড়ালৈ নিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ ভাৰতীয় বেডমিণ্টন এছচিয়েচনৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই ঐতিহাসিক বিজয়ৰ বাবে দলটোক অভিনন্দন জনোৱাৰ লগতে পুৰস্কাৰ হিচাপে খেলুৱৈসকলক ১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে৷ তদুপৰি প্ৰশিক্ষক তথা দলৰ সহযোগী ষ্টাফক ২০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷