Logo
image

কাজিৰঙাৰ বাঘবোৰে কিয় উৰিয়াম গছতেই আঁচোৰে?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনৰ বাঘবোৰৰ এটা বিশেষ আৰু আচহুৱা আচৰণ প্ৰায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে৷ সেয়া হ’ল বিভিন্ন গছ-বিৰিষৰ ভিতৰত এক বিশেষ প্ৰজাতিৰ গছত সিহঁতে আঁচোৰে৷ সেই বিশেষ প্ৰজাতিৰ গছজোপা হ’ল উৰিয়াম গছ, ইংৰাজীত যাক কোৱা হয় Bishop wood আৰু বৈজ্ঞানিক নাম হ’ল Bischofia Javanica.

সিহঁতৰ এই বিশেষ আচৰণটোৱে আপোনাক যেনেকৈ কৌতুহলী কৰিছে ঠিক তেনেকৈ আমাৰ মনতো কৌতুহলৰ অন্ত নোহোৱা হয় কেতিয়াবা৷ কিয় কৰে সিহঁতে তেনে আচৰণ, কি ৰহস্য আছে তাত? নিজৰ সীমা নিৰ্ধাৰণ কৰিবৰ বাবেই তেনে কৰে বুলি বহু লোকে ক’ব খোজে, কিন্তু তাতেই কথাটো শেষ নহয়৷ কাৰবাৰটো বৰ ৰহস্যজনক, কাৰণ সিহঁতে আন গছতো আঁচুৰিব পাৰিলে হয়৷ উৰিয়াম গছকেই কিয় বাছি লয়? প্ৰাথমিকভাৱে চিন্তা কৰি ক’ব পাৰি যে উৰিয়াম গছৰ ছালত নিশ্চয় কিবা বিশেষ পদাৰ্থ আছে, যি পদাৰ্থ বাঘৰ দীঘল নোমবোৰৰ বাবে উপকাৰী৷ এতিয়া প্ৰশ্ন হ’ল তেন্তে কি আছে উৰিয়াম গছৰ ছালত?

দৰাচলতে উৰিয়াম হ’ল এক বিশেষ ঔষধি গুণসম্পন্ন গছ৷ বিভিন্ন ধৰণৰ ঔষধীয় উপাদানেৰে পৰিপূৰ্ণ হৈ থাকে উৰিয়াম গছৰ ডাল, পাত, ছাল, ফল-ফুল ইত্যাদি৷ এই গছৰ কাঠ ৰঙচুৱা, টান আৰু গধুৰ হয়৷ বহুদিন পানীত ডুবাই ৰাখিলেও নষ্ট নহয়৷ ইয়াৰ গুটিৰ পৰা wine বনাব পাৰি৷ বিভিন্ন গৱেষণাৰ পৰা জনা যায় শিপা আৰু পাত, দাঁত আৰু চকুৰ কিছুমান বেমাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি৷ ছাল আৰু ডালৰ পৰা প্ৰস্তুত কৰা মিশ্ৰণ ছালৰ বিভিন্ন বেমাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে এই গছত প্ৰচুৰ পৰিমাণে Natural antioxidant পোৱা যায়৷ গতিকে দেখা যায় বিভিন্ন জনজাতীয় লোকে পৰম্পৰাগতভাৱে TB, Ulcer, fracture, ইত্যাদি বেমাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰি আহিছে৷

বিভিন্ন গৱেষণাৰ পৰা বিশেষভাৱে জানিব পাৰি যে উৰিয়াম গছৰ ছালত দুবিধ বিশেষ পদাৰ্থ পোৱা যায়৷ এবিধ হ’ল Tanim আৰু আনবিধ হ’ল Betulinic Acid৷ Tanim বোৰ হ’ল প্ৰাকৃতিকভাৱে পোৱা antitoxidant গুণসম্পন্ন ৰাসায়নিক পদাৰ্থ৷ আনহাতে Betulinic Acid হ’ল প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ জৈৱ ৰাসায়নিক পদাৰ্থ৷ এই পদাৰ্থ দুবিধৰ বাবে উৰিয়াম গছৰ ছালত Antimalarial, anti-inflammatory, antibacterial আৰু antiparasitic গুণসমৃদ্ধ হৈ থাকে৷ Antiparasite মানে মহ, মাখি, বেক্টেৰিয়া, ভেকুৰ  ইত্যাদিৰ বাবে সেই পদাৰ্থ অপকাৰী৷ এতিয়া কথা হ’ল উৰিয়াম গছত বাঘে আঁচুৰিলে সিহঁতৰ কি উপকাৰ হ’ব পাৰে৷

উৰিয়াম গছৰ ছালত আঘাত কৰিলে বা বাঘে আঁচুৰিলে সহজতে তাৰ পৰা কিছু ৰঙা ৰঙৰ ৰস ওলাই আহে৷ সেই ৰসত থাকে Betulinic Acid৷ সেই acid হয়তো বাঘৰ বাবে বৰ উপকাৰী৷ বাঘে চিকাৰ ধৰাৰ পাছত দীঘল নখবোৰত নিশ্চয় পোক, পৰুৱা, মাখি, বেক্টেৰিয়া ইত্যাদিয়ে আশ্ৰয় লয় আৰু নখৰ গুৰিত খজুৱতি বা ঘাঁ হোৱাটো স্বাভাৱিক৷ যেতিয়া সিহঁতে উৰিয়াম গছৰ ছালত আঁচোৰে তেতিয়া তাত থকা Betulinic Acid সিহঁতৰ দীঘল নখবোৰত লাগে আৰু তেতিয়া সিহঁতে আৰাম পায়৷

সাতে-পাঁচে মিলি ক’ব পাৰি যে বাঘে উৰিয়াম গছত আঁচোৰাৰ কাৰণ হ’ল সেই গছৰ ছালৰ পৰা ওলোৱা Betulinic Acid মিহলি ৰঙা ৰঙৰ ৰসবোৰ৷ সঁচাকৈয়ে এই বিনন্দীয়া প্ৰকৃতি আৰু প্ৰকৃতিপ্ৰদত্ত প্ৰাণীবোৰৰ ৰহস্যৰ অন্ত নাই৷