Logo
image

তিনিটা পদ খালী! আশাত বন্দী বিধায়ক

আমাৰ অসম, ৯ জুনঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত খালী হৈ আছিল পাঁচটা মন্ত্ৰীৰ পদ৷ তাৰে দুটা পদত জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাক অন্তৰ্ভুক্ত কৰি প্ৰথমটো সম্প্ৰসাৰণ ঘটোৱাৰ পাছতো খালী হৈ থাকিব তিনিখন আসন৷ ‘মিউজিক চেয়াৰ’ৰ দৰে উক্ত তিনিখন আসনত বহিবলৈ আশাত বন্দী হৈ থাকিব বাকীসকল মন্ত্ৰিত্বপ্ৰত্যাশী৷ অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে নহয়, পূৰ্বৰ মুখ্যমন্ত্ৰীসকলেও এনে পৰম্পৰা কৰি থৈ গৈছে৷ তৰুণ গগৈৰ একেৰাহে তিনিটা কাৰ্যকালত শেষ পৰ্যন্ত খালী ৰৈ গৈছিল এক বা তাতোধিক মন্ত্ৰী পদ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালতো শেষ পৰ্যন্ত খালী হৈ আছিল মন্ত্ৰীৰ এখন আসন৷ আৰম্ভণিতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতো খালী হৈ আছিল পাঁচখন আসন৷ অৱশ্যে পৰৱৰ্তী সময়ত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাই চাৰিজনক মন্ত্ৰীৰ আসনত বহুৱাইছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বিপাহাৰত নিৰ্বাচনী সভাত ৯ জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব বুলি ঘোষণা কৰাৰ পাছতে তৎপৰ হৈ পৰিছিল মন্ত্ৰিত্বপ্ৰত্যাশীসকল৷ সেইমতে মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ নেতৃত্বই আশা কৰি আছিল তেওঁলোকৰ আৰু একোজন সদস্য মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ’ব বুলি৷ অগপ সভাপতি মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কৈছিল– অগপই আৰু এজন মন্ত্ৰী পাব লাগে৷ নিৰ্বাচনী মিত্ৰতা কৰাৰ সময়তে এই বিষয়ে আলোচনা কৰা হৈছিল৷ অগপৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত কয়– মন্ত্ৰীসভাত কাক অন্তৰ্ভুক্ত কৰা হ’ব সেয়া মুখ্যমন্ত্ৰীৰ এক্টিয়াৰৰ বিষয়৷ কিন্তু আমি দলৰ আৰু এজন সদস্যক মন্ত্ৰী দিবলৈ মুখ্যমন্ত্ৰীক কৈছো৷ নামো দিয়া হৈছে মুখ্যমন্ত্ৰীক৷ এয়া বিজেপিৰে মিত্ৰতাৰ সময়ৰ প্ৰতিশ্ৰুতিও আছিল৷ জ্যেষ্ঠ বিজেপি বিধায়ক অতুল বৰায়ো হয়তো বনমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ আশাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক ব্যৰ্থ মন্ত্ৰী বুলি মুকলিভাৱে সমালোচনা কৰিছিল৷ তেওঁ কয়– বনমন্ত্ৰীয়ে বন বিভাগ চলাব পৰা নাই৷ তেওঁৰ কাৰ্যকালত বন বিভাগত যি শূন্যতাৰ সৃষ্টি হ’ল ১০০ বছৰ গছপুলি ৰুলেও সেয়া পূৰণ নহ’ব৷ ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছতে বিজেপিৰ এসময়ৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে৷ কাৰ্যতঃ তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰিয়েই সংবাদ মাধ্যমৰ আগত কৈছিল ক্ষমতা হাতত থাকিলে আৰু ক্ষমতা পালে মানুহ অন্ধ হ’ব নাপায়৷ পুৰণি কৰ্মীক উপযুক্ত সন্মান দিব লাগে৷ বিজেপিৰ জ্যেষ্ঠ কনিষ্ঠ বহু নেতাৰ এনে দাবীৰ পাছতো কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা জয়ন্ত মল্ল বৰুৱা আৰু প্ৰথমবাৰ বিধানসভালৈ অহা নন্দিতা গাৰ্লোছাক অন্তৰ্ভুক্ত কৰা হয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত৷ ইয়াকে লৈ বিজেপিৰ প্ৰধান কৰ্মীসকল যে ক্ষুন্ন হৈ পৰিছে সেয়া প্ৰায় নিশ্চিত৷