Logo
image

ক্ষুদ্ৰ সম্প্ৰসাৰণ, বৃহৎ জোকাৰণি

জনস্বাস্থ্য-পৰ্যটনমন্ত্ৰীৰূপে জয়ন্তমল্ল, শক্তি-সমবায়মন্ত্ৰীৰূপে নন্দিতাৰ শপত

আমাৰ অসম, ১০ জুনঃ কাৰ্বি পাহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আচম্বিতে ঘোষণা কৰিছিল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা৷ ইয়াৰ পাছতে আৰম্ভ হৈছিল অনেক গুণাগথা, জল্পনা-কল্পনা৷ অৱশেষত ওৰ পৰিল সেই জল্পনাৰ৷ বৃহস্পতিবাৰে বিয়লি বৃহৎ জোকাৰণিৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল৷ বিধায়কৰ পৰা মন্ত্ৰীলৈ উন্নীত হ’ল বিজেপিৰ দুই বিধায়ক ক্ৰমে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছা৷ বৃহস্পতিবাৰে বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপত গ্ৰহণ কাৰ্যসূচীত দুই বিধায়কক শপত বাক্য পাঠ কৰালে ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে৷ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা অনুষ্ঠানত হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই ইংৰাজীত শপতগ্ৰহণ কৰাৰ বিপৰীতে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই অসমীয়াতে শপত বাক্য পাঠ কৰে৷ উল্লেখ্য যে প্ৰথমবাৰলৈ  হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত ২৪ বছৰৰ পাছত কোনোবা এজন নলবাৰীৰ বিধায়কে স্থান পোৱাৰ বিপৰীতে ১৭ বছৰৰ পাছত কোনোবা এজন হাফলঙৰ বিধায়কে স্থান পালে৷ বিধায়ক জয়ন্ত মল্ল বৰুৱাই চুৰিয়া-পাঞ্জাৱী, চাপকনৰ লগতে কান্ধত চেলেং লৈ মন্ত্ৰী হিচাপে শপত লোৱাৰ বিপৰীতে বিধায়ক নন্দিতা গাৰ্লোছাইয়ো নিজস্ব পৰম্পৰাগত সাজত শপত ল’লে৷ মন্ত্ৰীৰূপে শপত গ্ৰহণৰ পাছতেই দেশ, জাতি, জনতাৰ কাম কৰি যোৱাৰ সংকল্প প্ৰকাশ কৰিলে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছাই৷ এই সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ ভাষ্য আছিল এনেধৰণৰ–‘মোক অসম চৰকাৰৰ মন্ত্ৰী হিচাপে বিবেচনা কৰি যি দায়িত্ব দিছে, সেই দায়িত্ব আন্তৰিকতাৰে নিৰ্বাহ কৰিম৷ ইতিমধ্যে বিভাগ সমূহো ঘোষণা হৈছে৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত যি স্থান দিব বিচাৰিছে, সেই দিশতে আমি কাম কৰিব লাগিব৷ নতুনকৈ যেতিয়া মন্ত্ৰী অন্তৰ্ভুক্ত হ’ব, তেতিয়া পুৰণা মন্ত্ৰীসকলৰ দপ্তৰ অলপ ইফাল সিফাল হয়েই৷’ মন্ত্ৰী হৈ নন্দিতা গাৰ্লোছাই ক’লে–‘মন্ত্ৰী হিচাপে এটা বিভাগ চলোৱাটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ৷ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথাপাতি দায়িত্ব নিৰ্বাহ কৰি যাম৷’ লক্ষণীয় যে জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব দিয়াৰ বিপৰীতে নন্দিতা গাৰ্লোছাক শক্তি, খনি আৰু খনিজাত, সমবায়, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস বিভাগৰ দায়িত্ব দিয়া হৈছে৷ উল্লেখ্য যে নন্দিতা গাৰ্লোছাই হাফলঙৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী হিচাপে আজি আন এক অভিলেখো সৃষ্টি কৰিলে৷  নন্দিতা গাৰ্লোছাৰ পূৰ্বে হাফলঙৰ পৰা ১৯৭৩ চনত প্ৰথম জয়ভদ্ৰ হাগজেৰ কেবিনেটমন্ত্ৰী হৈছিল৷ ২০০১ চনত গোবিন্দ চন্দ্ৰ লাংথাছা হাফলঙৰ পৰা মন্ত্ৰী হৈছিল৷ ইফালে নগেন শৰ্মাৰ পিছত নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হ’ল৷ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীকো দেখা গ’ল চুৰীয়া, পাঞ্জাবী পৰিহিত পৰম্পৰাগত সাজত৷ শপত গ্ৰহণ অনুষ্ঠানত আটাইকেইগৰাকী মন্ত্ৰী, প্ৰায় সকল বিজেপি মিত্ৰ দলৰ বিধায়ক, সাংসদৰ লগতে ৰাজেন গোহাইকে ধৰি বিজেপিৰ বহু সংখ্যক নেতা পালিনেতা উপস্থিত থাকে৷ ইপিনে নতুন মন্ত্ৰীৰ আত্মীয় স্বজনো উপস্থিত থাকে শপত গ্ৰহণ কাৰ্যসূচীত৷ তাৎপৰ্যপূৰ্ণবাৱে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিল বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰঞ্জিত দত্ত৷ উল্লেখ্য, ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ নিৰ্মল লাংথাছাক পৰাও কৰি প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল আজি মন্ত্ৰী হিচাপে শপত লোৱা নন্দিতা গাৰ্লোছা৷ ইপিনে নলবাৰী সদৰৰ দুবাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে জয়ন্ত মল্ল বৰুৱা৷ আজিৰ শপত গ্ৰহণ অনুষ্ঠানত বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীকো দেখা গ’ল বিশেষ উৎসাহী ৰূপত৷ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাৰ লগতে পুত্ৰ-কন্যায়ো শোভা বঢ়ালে শপতগ্ৰহণ অনুষ্ঠানৰ৷