Logo
image

কাইলৈ তেজপুৰত কেবিনেট

১২, ১৩ জুনত এছপি-ডিচি সন্মিলন

আমাৰ অসম, ১০ জুনঃ শোণিতপুৰ জিলাৰ সদৰ চহৰ তেজপুৰৰ বাটমাৰী সন্মিলন কেন্দ্ৰত ১১জুনৰ পুৱা ১১বজাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব৷ আনহাতে, একোটা স্থানতে ১২ আৰু ১৩ জুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমৰ সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে তেজপুৰ বাটমাৰীত নতুনকৈ অত্যাধুনিক আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ সন্মিলনকক্ষ নিৰ্মাণ কৰা হৈছে৷ বাণ ৰজাৰ লগতে চিত্ৰলেখা, ঊষাৰ দৃষ্টিনন্দন ছবি তথা ৰাজ্যখনৰ পুৰোধা ব্যক্তিসকলৰ ছবিৰে সজাই তোলা হৈছে এই সন্মিলন কেন্দ্ৰ৷ ইপিনে আজি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অসম কেবিনেট মন্ত্ৰীসভাৰ বৈঠক আৰু উপায়ুক্ত সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি জানিবলৈ দিছে৷ তেওঁ আজি ইয়াত উপস্থিত হৈ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰে আলোচনাত মিলিত হয়৷ বিদ্যুত বিভাগৰ লগতে বি এছ এন এল তথা গড়কাপ্টানি বিভাগৰ মুৰব্বীসকলৰে আলোচনাত মিলিত হোৱা উপায়ুক্ত মিশ্ৰই কয় যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কেবিনেট বৈঠকৰ উপৰি উপায়ুক্ত সন্মিলনৰ দুয়োদিনৰ কাৰ্যসূচীতে অংশ ল’ব৷ এঘাৰ জুনৰ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ পাছত ১২আৰু ১৩ জুনত অনুষ্ঠিত হ’বলগীয়া উপায়ুক্তসকলৰ সন্মিলনত অসমৰ ৩৫খন জিলাৰ উপায়ুক্তসকলৰ লগতে প্ৰতিখন জিলাৰ পৰা ক’মেও আন দুজন প্ৰশাসনিক বিষয়া উপস্থিত থাকিব৷ এজন অতিৰিক্ত উপায়ুক্ত আৰু এজন মহকুমাধিপতি উপস্থিত থাকিব বুলি উল্লেখ কৰি শোণিতপুৰৰ উপায়ুক্তজনে লগতে কয় যে, তেওঁলোকৰ থকাৰ বাবে ইতিমধ্যে আৱৰ্ত ভৱনৰ উপৰি কেইবাখনো হোটেলত কোঠা সংৰক্ষণ কৰা হৈছে৷ ইপিনে তিনিদিনীয়া কাৰ্যসূচীৰ বাবে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হৈছে বুলি প্ৰকাশ কৰে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই৷ তেওঁ কয় যে শোণিতপুৰৰ উপৰিও আন চাৰিখন জিলাৰ পৰা অহা নিৰাপত্তাৰক্ষী তথা আৰক্ষী বিষয়াই এই নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰিব৷ তেওঁ লগতে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে আৰক্ষীৰ চোৰাংচোৱা আৰু ডগ স্কোৱাদৰো সহায় লোৱা বুলি প্ৰকাশ কৰে৷ আনহাতে, ইয়াৰ বাবেই বৰ্তমান তেজপুৰৰ বিভিন্ন পথ মেৰামতি কৰা হৈছে৷