Logo
image

ক্ৰীড়া, জিডিডি নিজৰ হাততে ৰাখি থ’লে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ১০ জুনঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাত বৃহস্পতিবাৰে দুজনকৈ নতুন মন্ত্ৰীক অন্তৰ্ভুক্তিৰ সমান্তৰালভাৱে একাধিক মন্ত্ৰীৰ দপ্তৰৰ ব্যাপক সাল-সলনি ঘটায়৷ বহু মন্ত্ৰীৰ ওচৰত থকা বহু গুৰুত্বপূৰ্ণ দপ্তৰ কৰ্তনো কৰা হয়৷ বিভিন্ন মন্ত্ৰীৰ পৰা কৰ্তন কৰা একাধিক বিভাগৰ দায়িত্ব সম্প্ৰতি মুখ্যমন্ত্ৰীৰ ওচৰতে থাকিব৷ ইয়াৰে ভিতৰত ক্ৰীড়া, গুৱাহাটী উন্নয়ন আদি অন্যতম৷ আজি দপ্তৰ সাল-সলনিত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী অশোক সিংঘালৰ পৰা গুৱাহাটী উন্নয়ন আৰু বিমল বৰাৰ পৰা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগ কৰ্তন কৰে৷ এই বিভাগ দুটা সম্প্ৰতি মুখ্যমন্ত্ৰীৰ ওচৰতে থাকিব৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দায়িত্ব নিজৰ ওচৰতে ৰাখিছে যদিও কাৰ্যক্ষেত্ৰত বিভাগটোৰ সকলো কাম-কাজ যুৱ আয়োগৰ অধ্যক্ষ তথা বিধায়ক তৰং গগৈয়ে চোৱা চিতা কৰিব৷ মন্ত্ৰিত্ব নাথাকিলেও প্ৰথমবাৰৰ কাৰণে বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ট তৰংগ গগৈয়ে মুখ্যমন্ত্ৰীৰ হৈ বিভাগটোৰ দৈনন্দিন কাম-কাজ চোৱাচিতা আৰু পৰিচালনা কৰিব৷ অসম ৰাজ্যিক যুৱ আয়োগ মূলত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অন্তৰ্গত এটা আয়োগ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যিক কেবিনেটে এই আয়োগখন গঠিত অনুমোদন জনাইছিল৷ বিধায়ক হিচাপে প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হৈ থকা  তৰংগ গগৈ মুখ্যমন্ত্ৰীয়ে অধিক দায়িত্ব দিব বিচাৰিছে আৰু তাৰ বাবে ক্ৰীড়া বিভাগটো তেওঁ নিজৰ ওচৰতে  ৰখাৰ সিদ্ধান্ত লয়৷ এক প্ৰকাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ অতি ঘনিষ্ঠ বিধায়ক তৰংগ গগৈক ক্ৰীড়া বিভাগৰ কাম-কাজ চলাবলৈ দি ৰাজনৈতিকভাৱে অধিক গুৰুত্ব প্ৰদান কৰিব বিচাৰিছে৷ উল্লেখ্য যে, এবুৰি সমস্যাৰে জৰ্জৰিত গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে গঠিত গুৱাহাটী উন্নয়ন বিভাগ [জি ডি ডি]ৰ দায়িত্ব মন্ত্ৰী অশোক সিংঘালৰ পৰা কৰ্তন কৰি নিজৰ ওচৰতে ৰাখিছে মুখ্যমন্ত্ৰীয়ে৷ খোৱা পানী, কৃত্ৰিম বানপানী, ব্যাপক যান-জট আদি সমস্যাৰে জৰ্জৰ গুৱাহাটীবাসীক এনে সমস্যাৰ পৰা সকাহ দিয়াৰ ক্ষেত্ৰত বিগত  এবছৰে ব্যৰ্থ হৈছে মন্ত্ৰী সিংঘাল৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই গুৱাহাটী মহানগৰীক বিশ্বমানৰ মহানগৰীৰ কৰি গঢ়ি তোলাৰ সপোন দেখি ইতিমধ্যে বহু অভিলাসী আঁচনি গ্ৰহণ কৰিছে৷ সেয়ে সিংঘালৰ পৰা কৰ্তন কৰি গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজৰ ওচৰতে ৰাখিছে৷ উল্লেখ্য যে তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতো গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ গড়কাপ্টানী বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ জৰিয়তে গুৱাহাটীত নিৰ্মাণ কৰি আছে বহু কেইখন উৰণীয়া সেতু৷ ইয়াৰ বিপৰীতে অন্য বহু অভিলাসী প্ৰকল্প শীঘ্ৰে আৰম্ভ হ’ব গুৱাহাটীত৷ বিশেষভাৱে গুৱাহাটীৰ সৌন্দৰ্যবদ্ধৰ্নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে মুখ্যমন্ত্ৰীয়ে৷ যাৰ বাবে নিজে এই বিভাগটো পৰিচালনা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে৷