Logo
image

চেঞ্চুৰী কোবাই ৰাজ্যক ৰক্ষা কৰিলে মন্ত্ৰীয়ে

আমাৰ অসম, ১১ জুনঃ ক্ৰিকেটাৰে ৰাজনীতি কৰা সহজাত কথা৷ আমাৰ দেশতে অনেক ক্ৰিকেটাৰ সাংসদ-বিধায়ক-মন্ত্ৰী হৈছে৷ পাকিস্তানৰতো কথাই নাই, স্বয়ং প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল বিশ্বখ্যাত ক্ৰিকেটাৰ ইমৰান খান৷ পিছে মন্ত্ৰী হৈ ক্ৰিকেট খেলা টান৷ প্ৰদৰ্শনী মেচত কেতিয়াবা হাতত বল লৈ হাত ঘূৰোৱা কিম্বা বেট লৈ  বীৰদৰ্পে ক্ৰিজলৈ আগবাঢ়ি যোৱা সহজ, কিন্তু প্ৰতিযোগিতামূলক ক্ৰিকেটত ‘পাৰফৰ্মেন্স’ বুলিও এটা কথা আছে৷ সেয়া সাধাৰণতে মন্ত্ৰী-বিধায়ক আদিৰ দ্বাৰা সম্ভৱ নহয়৷ তাকো প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ প্ৰতিযোগিতামূলক মেচত অৱতীৰ্ণ হোৱা উলামূলা কথা নহয়৷ পিছে এজন মন্ত্ৰীয়ে তেনে কঠিন কাম হাতত বেট লৈ অৱলীলাক্ৰমে সম্পন্ন কৰি দেখুৱাইছে৷ কেৱল অৱতীৰ্ণ হোৱাই নহয়, চাৰিদিনীয়া ৰঞ্জি মেচত এটা ইনিংছত অদম্য প্ৰদৰ্শনেৰে চেঞ্চুৰী আৰু আন এটা ইনিংছত ৭৩ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি পশ্চিমবংগৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ মন্ত্ৰী মনোজ তিৱাৰীয়ে প্ৰতীয়মান কৰিলে মন্ত্ৰী হৈয়ো প্ৰতিযোগিতামূলক ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰা সম্ভৱ৷ এসময়ত লালু প্ৰসাদ যাদৱৰ পুত্ৰই বিহাৰৰ ৰাজ্যিক ক্ৰিকেট দলত স্থান লাভ কৰাৰ ঘটনাত ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰা বুলি বিতৰ্কৰ সৃষ্টি হৈছিল৷ পিছে পশ্চিমবংগৰ ক্ৰীড়া আৰু যুৱকল্যাণৰ ৰাজ্যিক মন্ত্ৰী মনোজ তিৱাৰীয়ে নিজৰ যোগ্যতা আৰু দক্ষতাৰ জৰিয়তেই যে বংগৰ ৰঞ্জি দলত স্থান লাভ কৰিছিল সেয়া দুটাকৈ অনবদ্য ইনিংছেৰে প্ৰমাণ কৰিলে৷ ঝাৰখণ্ডৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ নকআউট পৰ্যায়ৰ কোৱাৰ্টাৰ ফাইনেলত ঘাইকৈ মনোজ তিৱাৰীৰ দুৰ্দান্ত বেটিঙেৰে পশ্চিমবংগই যি ৰানৰ পাহাৰ থিয় কৰিলে, দলটোৰ ছেমিফাইনেল প্ৰৱেশ চূড়ান্ত হৈ গ’ল৷ ঝাৰখণ্ডৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত মনোজ তিৱাৰীয়ে ১৩৬ ৰান কৰি দলৰ সৰ্বোচ্ছ স্ক’ৰাৰৰ মৰ্যাদা লাভ কৰিছে৷  প্ৰথম ইনিংছত মনোজ তিৱাৰীয়ে ৭৩ ৰান কৰি শতৰানৰ পৰা বঞ্চিত হৈছিল৷ তদুপৰি তেওঁ আপেক্ষিকভাৱে মন্থৰ ইনিংছ খেলা বুলিও সমালোচিত হৈছিল৷ দ্বিতীয় ইনিংছত ত্ৰুটিশূন্য আৰু বিস্ফোৰক তথা দীঘলীয়া ইনিংছ খেলি পশ্চিমবংগৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰীজনে সমালোচকৰ মুখ বন্ধ কৰি দিয়ে৷ তেওঁৰ ১৫২ ৰানৰ ইনিংছটোত আছিল দুটা ছিক্সাৰ আৰু ১৯টা নিখুঁত বাউণ্ডেৰী৷ ২২ গজৰ পিট্‌চত মনোজ তিৱাৰীৰ বেটিং যিদৰে দমনীয় আছিল ঠিক সেইদৰে তেওঁৰ বডী লেংগুৱেজো আছিল বিজয়ী দলৰ শীৰ্ষ খেলুৱৈৰ দৰে৷ এই চমৎকাৰ ইনিংছেৰে মনোজ তিৱাৰীয়ে সকলোকে বুজাই দিলে তেওঁ যিদৰে সমালোচনাহীনভাৱে দক্ষতাৰে মন্ত্ৰিত্ব আৰু চৰকাৰৰ দায়িত্ব চম্ভালিছে ঠিক সেইদৰে নিখুঁতভাৱে তেওঁ ৰাজ্যৰ ক্ৰিকেট দলটোত থকা নিজৰ ভূমিকাও পূৰ্ণ দক্ষতাৰে পালন কৰিছে৷ ইয়াৰ পূৰ্বে ৰঞ্জিৰ গ্ৰুপ পৰ্যায়তো মনোজ তিৱাৰীয়ে এটা অদ্ধৰ্ শতৰান কৰিছিল৷ আঁঠুৰ আঘাতৰ বাবে তেওঁ গ্ৰুপ পৰ্যায়ত বিশেষ উন্নত প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল৷ কিন্তু নকআউট পৰ্যায়ত দললৈ উভতি আহিয়েই মন্ত্ৰী মনোজ তিৱাৰীয়ে দলক সন্মুখৰ পৰা নেতৃত্ব দিব পৰা ইনিংছ খেলিলে৷ শুকুৰবাৰৰ এই অনবদ্য শতৰানৰ সৈতে তেওঁৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মুঠ শতৰান হ’লগৈ ২৮টা৷ পশ্চিমবংগৰ ৰঞ্জি দলৰ প্ৰাক্তন অধিনায়ক মনোজ তিৱাৰীৰ সপোন ৰাজ্যক ৰঞ্জি ট্ৰফী প্ৰদান কৰা৷ সেই সপোন বাস্তৱ কৰাৰ লক্ষ্যৰে তেওঁ দীৰ্ঘদিন ধৰি মন্ত্ৰিত্বৰ ব্যস্ততাৰ মাজতে অনুশীলন চলাই আছিল৷ যোৱা ডিচেম্বৰত মনোজ তিৱাৰীক বংগৰ ৰঞ্জি দলৰ নিৰ্বাচনী শিবিৰলৈ আমন্ত্ৰণ জনোৱা হয়৷ মন্ত্ৰী হোৱা সত্ত্বেও অনুশীলনত সামান্যতমো শিথিলতা তেওঁ প্ৰদৰ্শন কৰা নাছিল৷ সেয়ে যোগ্যভাৱে তেওঁ ৰাজ্যিক দলত স্থান লাভ কৰিছিল৷ শুকুৰবাৰে গুৰুত্বপূৰ্ণ মুহূৰ্তত নিজৰ যোগ্যতা আৰু দলত তেওঁৰ প্ৰয়োজনীয়তা প্ৰমাণ কৰি শতৰাণ উপহাৰ দিলে ৰাজ্যক৷ ৩৬ বছৰ বয়সতো দুৰ্দান্ত ফিটনেছ থকা মনোজ তিৱাৰীয়ে টপঅৰ্ডাৰ বেটছমেন হিচাপে যি নিৰ্ভৰযোগ্যতা প্ৰদৰ্শন কৰিছে তালৈ চাই এইবাৰ তেওঁ বংগক ৰঞ্জি ট্ৰফী আনি দিয়াৰ সপোন পূৰণ হ’ব বুলি সমৰ্থকে আশা কৰিছে৷ অৱশ্যে তাৰ পূৰ্বে বংগ দলটোৱে ছেমিফাইনেলত মধ্যপ্ৰদেশক অতিক্ৰম কৰিব লাগিব৷