Logo
image

শতাধিক স্কুলৰ মুৰব্বীক শ্ব’কজ

কিয় বৰ্খাস্ত কৰা নহ’ব!

আমাৰ অসম, ১১ জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল প্ৰদৰ্শন কৰা ৰাজ্যৰ ১০২খন চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষকক চাকৰিৰ পৰা  বৰ্খাস্ত কৰাৰ হুংকাৰ দিছে শিক্ষা বিভাগে৷ মেট্ৰিকত নিম্ন ফলাফল প্ৰদৰ্শন কৰা ১০২ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ বৃহস্পতিবাৰে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই৷ মাধ্যমিক শিক্ষা বিভাগৰ পৰা জাননী লাভ কৰা এই সমূহ চৰকাৰী শিক্ষানুষ্ঠানৰ ভিতৰত ২৫খন বিদ্যালয়ৰে এইবাৰৰ মেট্ৰিকত উত্তীৰ্ণৰ হাৰ শূন্য৷ অৰ্থাৎ বিদ্যালয় কেইখনৰ এজনো পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ’বলৈ সক্ষম নহ’ল৷ তদুপৰি জাননী জাৰি কৰা ৭০খন বিদ্যালয়ৰ মেট্ৰিকত উত্তীৰ্ণৰ হাৰ ১০ শতাংশৰ তলত আৰু আন¸ জ্জখন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০ শতাংশ৷ মাধ্যমিক শিক্ষা সঞ্চালককে প্ৰধান শিক্ষকলৈ প্ৰেৰণ কৰা জাননীত এসপ্তাহৰ ভিতৰত নিম্ন ফলাফলৰ কাৰণ বাখ্যা কৰিবলৈ নিৰ্দেশ দিছে৷ বিদ্যালয়ৰ মূৰব্বীলৈ লিখা পত্ৰখনত মাধ্যমিক শিক্ষা বিভাগে লিখিছে–‘আপোনাৰ বিদ্যালয়ৰ শৈক্ষিক প্ৰদৰ্শন অতি নিৰাশাজনক৷ আপোনাৰ বিদ্যালয়ৰ দুৰ্বল ফলাফলে আপোনাৰ কৰ্মদক্ষতাক প্ৰতিফলিত কৰে৷ আপুনি নিজৰ কৰ্তব্য পালন কৰাত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে৷’ পত্ৰখনত  লগতে শোচনীয় প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত কিয় বিভাগীয় শাস্তি হিচাপে চাকৰিৰ পৰা বৰ্খাস্ত কৰা নহ’ব বুলিও প্ৰধান শিক্ষকক প্ৰশ্ন কৰিছে মাধ্যমিক শিক্ষা বিভাগে৷ মাধ্যমিক শিক্ষা বিভাগৰ তথ্য মতে মেট্ৰিকত নিম্ন ফলাফলৰ শীৰ্ষত আছে কাছাৰ জিলা৷ কাছাৰ জিলাৰ ১৪খন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ জাননী জাৰি কৰা হৈছে৷ ইয়াৰ পাছতেই কাৰ্বি আংলং জিলাৰ ১৩খন বিদ্যালয়ৰ মুৰব্বীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে৷ তদুপৰি গোৱালপাৰা জিলাৰ ৯খন, যোৰহাটৰ ৮ খন, কামৰূপ মহানগৰৰ ৬খন, ধুবুৰীৰ ৬খন, পশ্চিম কাৰ্বি আংলঙৰ ৫খন আৰু কৰিমগঞ্জৰ ৪ খন বিদ্যালয়ৰ মুৰব্বীলৈ জাননী জাৰি কৰিছে৷ একেদৰে বৰপেটা, বঙাইগাঁও, চিৰাং, গোলাঘাট, নগাঁও জিলাৰ ৩খনকৈ বিদ্যালয় আৰু চৰাইদেউ, ডিব্ৰুগড়, কামৰূপ, লখিমপুৰ, দক্ষিণ শালমাৰা, তিনিচুকীয়া আৰু ওদালগুৰিৰ ২খনকৈ বিদ্যালয়লৈও মাধ্যমিক শিক্ষা সঞ্চালকে জাননী প্ৰেৰণ কৰিছে৷ লক্ষণীয়ভাৱে ২০২০ বৰ্ষৰ মেট্ৰিক পৰীক্ষাতো ১৭খন বিদ্যালয়ৰ এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা নাছিল৷ সেই সময়ত শিক্ষা বিভাগে উক্ত বিদ্যালয়কেইখন বন্ধ কৰি শিক্ষকসকলক আন বিদ্যালয়লৈ বদলি কৰিছিল৷ স্বাভাৱিকতেই এইবাৰো মেট্ৰিকত শোচনীয় ফলাফল  প্ৰদৰ্শন কৰা ১০২খন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিব নেকি বুলিও চৰ্চা চলিছে৷

চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহক ধবংস কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছেঃ ৰিপুণ

‘বিগত ছয়টা বছৰত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰ কৰা বুলি সময়ে সময়ে ঢাক-ঢোল বজাই আহিছে৷ শিক্ষক নিযুক্তি, কম্পিউটাৰ যোগান, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰা বুলি ঢাক-ঢোল বজালেও প্ৰকৃততে সেয়া এক প্ৰহসনহে-এইদৰে কয় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ উল্লেখ্য, তৰুণ গগৈৰ আমোলত ৰিপুণ বৰাই শিক্ষামন্ত্ৰীৰ দায়িত্বও বহন কৰিছিল৷ সেই সময়ছোৱাত ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে ৰিপুণ বৰাই একোৱেই কৰা নাছিল বুলি অভিযোগ উঠিছিল৷ সি যি কি নহওক, শুকুৰবাৰে সভাপতি বৰাই সং বাদ মাধ্যমক কয়-চৰকাৰী বিদ্যালয়সমূহক ব্যক্তিগত শিক্ষানুষ্ঠানৰ সৈতে ফেৰমাৰিব পৰাকৈ পৰ্যাপ্ত সা-সুবিধা দিয়া হোৱা নাই৷ কেৱল ইটো কৰিছো, সিটো কৰিছো বুলি ৰৌজাল-বৌজাল কৰিয়েই জাতীয় আবেগৰ সৈতে জড়িত শিক্ষানুষ্ঠানক ধবংস কৰিব বিচৰা কাৰ্যক আমি কেতিয়াও মানি নলওঁ৷ প্ৰকৃততে অসমৰ মানৱ সম্পদ গঢ়াৰ কমাৰশালসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে৷ কিয়নো শেহতীয়াকৈ ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ ভয়াবহ ছবিখন ওলাই পৰিছে৷ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শোচনীয় ফলাফলৰ বাবে মূলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মুখাখন খোল খাইছে৷ যিজন মুখ্যমন্ত্ৰীয়ে ১৯ বছৰ কাল শিক্ষামন্ত্ৰী হৈ আছিল তদুপৰি বিগত এটা বছৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ো আছে৷ তেনেস্থলত বিগত দুটা দশক হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লৈ থকা শিক্ষা বিভাগটোক ধবংস কৰিলে কোনে? এই প্ৰশ্ন উত্থাপন হ’বই৷ যি ব্যক্তিয়ে ভাল শিক্ষা বিভাগক বেছি সময় নেতৃত্ব দিলে সেইজন ব্যক্তিয়ে শিক্ষা বিভাগৰ শোচনীয় অৱস্থাৰ বাবে দায়ী বুলি আমি ক’ব বিচাৰোঁ৷ আমি অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছে ৰাজ্যৰ শিক্ষা খণ্ডৰ পশ্চাদগমনৰ দিশটো প্ৰত্যক্ষ কৰি চিন্তা ব্যক্ত কৰিবলৈ বাধ্য হৈছো যে অসমৰ জাতীয় জীৱনৰ অমূল্য সম্পদ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহক ধবংস কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে চৰকাৰী শিক্ষা বিভাগ ধবংস হোৱা আমি প্ৰত্যক্ষ কৰিছোঁ৷ এইবেলি মেট্ৰিকত অনুত্তীৰ্ণ ১, ৭৬, ৪৫১ জন শিক্ষাৰ্থীৰ ভিতৰত বেছি শতাংশই চৰকাৰী স্কুলৰ৷ ৰাজ্যত প্ৰাথমিকৰ পৰা উচ্ছতৰ মাধ্যমিকলৈ ৪৫,৮৮৫খন প্ৰাদেশীকৃত বিদ্যালয় আছে৷ ৪৩৫২খন উচ্ছ মাধ্যমিক বিদ্যালয় আছে৷ এইবেলি মেট্ৰিকত অৱতীৰ্ণ ৪,০৫,৮৫২ পৰীক্ষাৰ্থীৰ ভিতৰত অধিকাংশ চৰকাৰী স্কুলৰ শিক্ষাৰ্থী আছিল৷ কিন্তু পৰিতাপৰ কথা এই যে চৰকাৰী স্কুলৰ মাথো ১০জন শিক্ষাৰ্থীহে শীৰ্ষৰ ১০টা স্থানত আছে৷ ইমানেই নহয়, বৰ্তমানেও ৰাজ্যৰ চৰকাৰী স্কুলত ৪২, ৫১, ৫২৪জন শিক্ষাৰ্থীয়ে অধ্যয়ণ কৰি আছে৷ নগাঁও জিলাৰ এখন বিদ্যালয়ত ৮জন শিক্ষক-শিক্ষয়িত্ৰী থকাৰ পাছতো ৭জন শিক্ষাৰ্থী পৰীক্ষাত বহিছিল যদিও ফলাফল শূণ্য হৈছে৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে, ৰাজ্যৰ মুঠ ১৬৪খন বিদ্যালয়ৰ পৰীক্ষাত ফলাফল শূন্য৷ ১০৪খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ মাথো ১০ শতাংশ৷ আমি পুনৰ ক’ব বিচাৰো যে এনে নিম্নগামী ফলাফলৰ বাবে দায়ী বৰ্তমানৰ মুখ্যমন্ত্ৰী৷ স’ততে সভা-সমিতিত শিক্ষক সমাজক অপমান কৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী শিক্ষা খণ্ডক গুৰুত্বসহকাৰে লওক৷ কেৱল চমক দি গুণোৎসৱ পালন কৰিলেই চৰকাৰী শিক্ষা ব্যৱস্থা উন্নত নহয়৷ আমি এই তথ্য উল্লেখ কৰি এই কথাকে ক’ব বিচাৰো যে সংবাদমাধ্যমত ঢাক-ঢোল বজোৱাতকৈ চৰকাৰী শিক্ষানুষ্ঠানক সৰ্বাংগ সুন্দৰ কৰি প্ৰজ্ঞাৰ পীঠস্থান হিচাপে গণ্য কৰক৷ হৃত গৌৰৱ পুনৰ ওভতাই আনিবলৈ সমাজৰ প্ৰতিগৰাকী লোকৰে পৰামৰ্শ গ্ৰহণ কৰক৷ প্ৰয়োজনত অঞ্চলভিত্তিত নাগৰিক সমিতি গঠন কৰি শিক্ষা ব্যৱস্থাৰ তদাৰক কৰাৰ ব্যৱস্থা কৰক৷ কদৰ্যময় পৰিবেশ নাশ কৰি সুস্থ পৰিবেশ গঢ়ি তোলাৰ বাবে আন্তঃগাঁথনি উন্নত কৰক৷ পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰক৷ শৈক্ষিক বাতাবৰণ ওভতাই আনিবলৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰক৷ চৰকাৰে গুণগত শিক্ষাক গুৰুত্ব দিয়ক৷ শ্ৰেণীকোঠা, খোৱাপানী, শৌচালয় আদিৰ ব্যৱস্থা কৰক৷’