Logo
image

ৰাজ্যত পুৰণি বিজেপিৰ বিদ্ৰোহৰ প্ৰস্তুতি, গতি পোৱা নাই নেতৃত্বৰ অভাৱত

আমাৰ অসম, ১১ জুনঃ দল আৰু চৰকাৰৰ দ্বাৰা ক্ৰমাত এলাগী হৈ পৰা বিজেপিৰ একাংশ প্ৰবীণ নেতা-কৰ্মীক নীৰবে সংগঠিত কৰি তেওঁলোকৰ মনৰ ক্ষোভ, অসন্তুষ্টি আৰু বঞ্চনাৰ কথা দিল্লীক অবগত কৰাৰ চেষ্টা অব্যাহত আছে৷ এই সকলো কাম চলি আছে অতি সংগোপনে৷ শেহতীয়াভাৱে প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাইয়ে ৰাজহুৱাভাৱে নিজৰ মনৰ ক্ষোভ ব্যক্ত কৰিছে যদিও অন্য কোনো এজন নেতাই এই ক্ষেত্ৰত আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই৷ দলৰ বঞ্চিত নেতা-কৰ্মীসকলক সংগঠিত কৰাৰ তৎপৰতা অব্যাহত আছে যদিও এই পৰ্যন্ত এইসকল ক্ষোভিত লোকৰ গোটক নেতৃত্ব দিবলৈ কোনো লোক আগবাঢ়ি অহা নাই৷ নেতৃত্বৰ অভাবৰ ফলত পূৰ্ণ ৰূপত সংগঠিত হ’ব পৰা নাই দলৰ এইসকল নেতা-কৰ্মী৷ যাৰ ফলত এই বিদ্ৰোহে এই পৰ্যন্ত লাভ কৰা নাই কোনোধৰণৰ গতি৷ বিগত কিছুদিন ধৰি উজনী-নামনি আৰু বৰাক উপত্যকাৰ দলৰ প্ৰবীন ক্ষোভিত নেতাসকলৰ মাজত অব্যাহত আছে সঘন যোগাযোগ৷ ইয়াৰ একাংশই ইতিমধ্যে গুৱাহাটীত একাধিকবাৰ বৈঠকতো মিলিত হৈছে৷ কিন্তু দলৰ কোনো এজনো প্ৰবীন নেতাই নেতৃত্বৰ বাবে আগবাঢ়ি আহিবলৈ এই পৰ্যন্ত সাজু হোৱা নাই৷ এইসকল বঞ্চিত নেতা-কৰ্মীৰ মূল অভিযোগটোৱে হ’ল– নতুনৰ দ্বাৰা প্ৰায় দখল কৰি পেলোৱা হ’ল দল আৰু চৰকাৰক৷ সেয়ে তেওঁলোকৰ এই ক্ষোভৰ বিষয়ে দিল্লীক অবগত কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ কিন্তু প্ৰশ্ন হ’ল– দলৰ এইসকল নেতা-কৰ্মীক নেতৃত্ব দিব কোনে? প্ৰথম অৱস্থাত দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানো মন্ত্ৰীত্বৰ পৰা বঞ্চিত সিদ্ধাৰ্থ ভট্টাচাৰ্যক নেতৃত্ব গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়৷ কিন্তু প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ক্ষেত্ৰত নিজৰ অপৰাগতা প্ৰকাশ কৰি নেতৃত্ব গ্ৰহণৰ পৰা আতৰি থাকে৷ বৰং তেওঁ বঞ্চনাৰ সন্মুখীন হোৱা প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ নাম প্ৰস্তাৱ কৰে দলৰ ক্ষোভিত নেতা কৰ্মীক নেতৃত্ব দিয়াৰ বাবে৷ কিন্তু ৰমেন ডেকাৰ ওপৰত অধিকাংশ জ্যেষ্ঠ নেতা-কৰ্মীৰ আস্থা নাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰমেন ডেকাক কেবিনেট পদ মৰ্যদা সহ যথেষ্ঠ গুৰুত্বপূৰ্ণ পদত সংস্থাপিত কৰিছে৷ গতিকে এই মুহূৰ্তত তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যে বিদ্ৰোহ ঘোষণা কৰিব সেইটো আশা কৰা নাই দলৰ এইসকল নেতা-কৰ্মীয়ে৷ ৰমেন ডেকা যিকোনো মুহূৰ্তত পিছ হুহকি যোৱাৰ আশংকা আছে তেওঁলোকৰ মতে৷ লক্ষণীয়ভাৱে বিজেপিৰ বিদ্ৰোহী গোটৰ এই সমস্ত প্ৰক্ৰিয়াটোত দলৰ ৰাজ্যিক পৰ্যায়ৰ এজন শীৰ্ষ নেতাই অতি সংগোপনে পৃষ্ঠপোষকতা আগবঢ়াই আছে৷ ৰাজ্যিক বিজেপিৰ এইজন শীৰ্ষ নেতাৰ মতামত দল আৰু চৰকাৰে নূন্যতমো গুৰুত্ব নিদিয়ে বুলি তেওঁ সততে অভিযোগ কৰি থাকে নিজৰ ঘনিষ্ঠ মহলত৷ যাৰ ফলত  প্ৰদেশ বিজেপিৰ শীৰ্ষ পদত থকাৰ পাছতো তেওঁ পুতলা সদৃশ হৈ পৰা বুলি যথেষ্ট ক্ষোভ এইজন নেতাৰ৷ ফলত দলৰ ক্ষোভিত প্ৰবীন কৰ্মীসকলৰ সৈতে লগ লাগিছে তেওঁ৷ দলৰ বঞ্চিত নেতা-কৰ্মীসকলৰ এক অভিযোগ হ’ল যে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া দলৰ সাংগঠনিক দিশত বহু আগবাঢ়ি গ’ল৷ বৰ্তমান তেওঁ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত আছে৷ দলৰ নীতি-নিৰ্দ্ধাৰণত দিলীপ শইকীয়াৰ গুৰুত্ব যথেষ্ট৷ আনহাতে, ফণী শৰ্মা দীৰ্ঘদিন ধৰি অসম বিজেপিৰ সাংগঠনিক দায়িত্বত আছে৷ এই দুয়োজন নেতা  গুৰুত্বপূৰ্ণ স্থানত থকাৰ পিছতো দলৰ প্ৰবীন নেতা-কৰ্মীসকল দল আৰু চৰকাৰৰ দ্বাৰা বঞ্চিত-অবহেলিত হৈ থাকিবলগীয়া হৈছে৷ তাৰ বাবে দিলীপ শইকীয়া আৰু ফণী শৰ্মাৰ প্ৰভাব হ্ৰাস কৰাৰ বাবেও তৎপৰতা অব্যাহত ৰাখিছে দলৰ ক্ষুব্ধ নেতা-কৰ্মীসকলে৷ উল্লেখ্য যে, ড॰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত মাত্ৰ দুজনহে মন্ত্ৰী ক্ৰমে পৰিমল শুক্লবৈদ্য আৰু ৰঞ্জিত কুমাৰ দাস দলৰ পুৰণি নেতা৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাইৰ ৰাজহুৱা ভাবুকিৰ পিছতো ৰঞ্জিত দত্ত বা সিদ্ধাৰ্থ ভট্টাচাৰ্যক এইবাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰা নহ’ল৷ দলৰ অন্য জ্যেষ্ঠ আৰু প্ৰবীন নেতাসকলক হয় মাৰ্গদৰ্শক কৰি নহয় বা গুৰুত্বহীন আংলংকৰিক পদত বহুৱাই ৰখা হৈছে৷ ইয়াৰ বিপৰীতে দল আৰু চৰকাৰত মূল চালিকাশক্তিৰ ভূমিকাত অৱতীৰ্ণ হৈছে একাংশ ন-বিজেপি৷ এইসকল ন-বিজেপি অন্য দলৰ পৰা কিছুদিন পূৰ্বেহে আহি বিজেপিত যোগদান কৰিছে৷ কিন্তু ইয়াৰ পিছতো আজিৰ তাৰিখত এইসকল ন-বিজেপিৰহে দল আৰু চৰকাৰত গুৰুত্ব অধিক৷ ফলত ক্ৰমাত গুৰুত্বহীন আৰু এলাগী হৈ পৰিছে দলৰ প্ৰবীন আৰু জ্যেষ্ঠ নেতাসকল৷ এনেবোৰ কাৰণতে এইসকল বঞ্চিত নেতা-কৰ্মী একত্ৰিত হ’বলৈ সংগোপনে চেষ্টা অব্যাহত ৰাখিছে যদিও নেতৃত্বৰ অভাবত পিছুৱাই থাকিবলগীয়া হৈছে৷ বিদ্ৰোহৰ প্ৰস্তুতি লোৱাৰ পিছতো নেতৃত্বৰ অভাবত গতি পোৱা নাই এই বিদ্ৰোহে৷