Logo
image

জালুকবাৰীসহ সমূহ সমষ্টিৰ বিধায়ক পুঁজিৰ তদন্তৰ দাবী

মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছত ৰূপজ্যোতিৰ প্ৰত্যাহ্বান

আমাৰ অসম, ১১ জুনঃ বিধায়ক পুঁজিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দল ঘৰত সোমোৱাৰ পাছতে তত হেৰাইছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ৷ বিধিৰ কি বিপাক, মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ প্ৰাক্‌ক্ষণত শপত গ্ৰহণৰ আমন্ত্ৰণী লেফাফাৰ পৰৱৰ্তী ভিজিলেন্সৰ দলহে দেখা পালে ৰূপজ্যোতিয়ে৷ কাৰ্যতঃ সেইদিনাৰ পৰাই হেনো লাজে অপমানে খাৱন-শোৱন নোহোৱা হৈছে বিধায়ক ৰূপজ্যোতিৰ৷ মৰিয়নী সমষ্টিৰ বিধায়ক পুঁজিৰ ব্যৱহাৰৰ সন্দৰ্ভত এসোপামান কাগজলৈ যোৱা দুদিন ধৰি সাংবাদিকৰ কাষত নিজৰ চাফাই গাই ফুৰা বিধায়ক ৰূপজ্যোতি কৰ্মী শুকুৰবাৰে পুৱাই উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাষত৷ মৰিয়নী সমষ্টিৰ দুৰ্নীতি নিবাৰণৰ তদন্তকলৈ আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে৷ অৱশ্যে মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছতো সংকট মোচন নহ’ল বিধায়ক ৰূপজ্যোতিৰ৷ এইকথা মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ পাছত নিজেই ক’লে ৰূপজ্যোতিয়ে৷ সংবাদ মাধ্যমৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয়– ‘এমাহৰ ভিতৰত তদন্ত কৰি বিধায়ক পুঁজি অনিয়মৰ দোষী সাব্যস্ত হ’লে মোক জে’ললৈ পঠোৱাৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে৷’ ইয়াৰ প্ৰত্যুত্তৰত মই মুখ্যমন্ত্ৰীক ক’লো– ‘ছাৰ প্ৰয়োজনত মই জে’ললৈ যাবলৈ সাজু ৷ কিন্তু কেৱল মৰিয়নী সমষ্টি কিয়, মাজুলী, জালুকবাৰীসহ ১২৬ টা সমষ্টিৰে বিধায়ক পুঁজিৰ তদন্ত হ’ব লাগে৷’ মুখ্যমন্ত্ৰীক সাক্ষাতৰ প্ৰসংগত ৰূপজ্যোতিৰ ভাষ্য এনেধৰণৰ– মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আজি সাক্ষাৎ কৰিলো৷ তেখেতক মই সংবাদ মাধ্যমলৈ আগবঢ়োৱা এই কাগজসমূহ দেখুৱালো৷ তেওঁক ক’লো– ‘ছাৰ আপুনি মুখ্যমন্ত্ৰী যদিও এটা সমষ্টিৰ বিধায়ক, আপুনি কেনেকুৱাকৈ বিধায়ক পুঁজিৰ ব্যৱহাৰৰ কাগজ দিয়ে৷’ মুখ্যমন্ত্ৰী ছাৰে ক’লে–   ‘তোৰ নিচিনাকৈ দিও৷’ পুনৰ ৰূপজ্যোতি কয়– এনেকুৱাকৈ জিলা উপায়ুক্তক আমি কাগজ দিব লাগে৷ আঁচনিবোৰ আমি কোন অনুষ্ঠানক দিছো ইয়াত উল্লেখ কৰিব লাগে৷ মুখ্যমন্ত্ৰীক সাক্ষাতৰ প্ৰসংগত পুনৰ ৰূপজ্যোতি কুৰ্মীয়ে ক’লে– মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক’লো, পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে এটা ভুল কৰি গৈছে৷ ২০১০ চনৰ পৰা তদন্ত দিছে৷’ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাত জোৰ কৰি আহ্বান জনালো– আপুনি ২০০৫ চনৰ পৰাই এনকুৱাৰী পুৰা দিয়ক, আজি পৰ্যন্ত ২০২২ চনলৈকে এনকুৱাৰী দিয়ক৷ পূৰ্বৰ মুখ্যমন্ত্ৰীৰ দিনত ভিজিলেন্সৰ কোন বিষয়া আছিল নাজানো, তেওঁলোকে এটা ডাঙৰ ভুল কাম কৰিলে, তেতিয়াই যদি কোন জড়িত হৈ আছিলে– ৰূপজ্যোতি কুৰ্মী জড়িত হৈ আছিলে বা আন কোনোবা জড়িত হৈ আছিলে তেওঁলোকক এৰেষ্ট কৰিব লাগিছিল৷ কিন্তু ২০২০ চনৰ জুন মাহৰ ২৪, ২৫ তাৰিখে তেওঁলোকে এনকুৱাৰী কৰি গৈ আকৌ কি ৰিপ’ৰ্ট দিলে নাজানো, আকৌ দুবছৰৰ পাছত ফাইল খোল খাইছে৷ মই কৈছো এতিয়া ফাইল খোল খাবলৈ নাই৷ যি কৰিবলগীয়া আছে এতিয়াই কৰক, ৰঙাঘৰলৈ প্ৰেৰণ কৰক৷’ সাংবাদিকৰ আগত উত্তেজিত হৈ পৰা ৰূপজ্যোতি কৰ্মীৰ ভাষ্য এনেধৰণ–ৰূপজ্যোতি কুৰ্মী পাঁচ বছৰৰ এম এল এ৷ আৰু খেলিলে আৰু জিকিম৷ কোনেও ঘণ্টাটো কৰিব নোৱাৰে৷ মই ইমানেই ক’লো৷ জুবিন দাই যেনেকৈ  কয় যে তেওঁক ঘেণ্টাও কৰিব নোৱাৰে থিক তেনেদৰে মোকো ঘেণ্টাও কৰিব নোৱাৰে৷  মৰিয়নীত ময়ে জিকি থাকিম৷  যিজন যধা মুৰ্খ, দুলেন নায়ক নামৰ মানুহে এই আপত্তিটো দৰ্শাইছিল৷ তেওঁক কোনোবাই ছাগে ক’লে– কমিউনিটি হলৰ নামত টকা লৈ যায় আৰু কাম কৰা নাই৷ কাৰণ চকুৰে কমিউনিটি হ’ল দেখা পোৱা নাই৷ বৰাচুক নামঘৰলৈ বিধায়ক পুঁজিৰ পৰা ৰ লাখ টকা দিছিলো৷ এই নামঘৰৰ ৰাইজে ক’লে যে আমাৰ নামঘৰটো আছে, আমি মজিয়াখন পকীকৰণ কৰিব বিচাৰিছো৷  কমিউনিটি হলৰ নামত দিয়া পুঁজিৰে তেওঁলোকে ফ্লৰৰ কাম কৰিলে৷ টকা আজিৰ তাৰিখত ৰূপজ্যোতি কুৰ্মীয়ে নাখাইয়ো আৰু কাকো খাবলৈও নিদিয়ে৷  মাৰ্বল গুটি খেলি, টাং গুটি মেলি ৰূপজ্যোতি কুৰ্মী বিধায়ক হোৱা নাই৷ চেহেৰা চাই কোনোও মোক ভোট দিয়া নাই৷ যিসকল শত্ৰু পক্ষ আছিল আছে আৰু সদায় থাকিব৷ শত্ৰুপক্ষই বিভিন্ন ধৰাৰে মত আগবঢ়াই থাকে৷ তেওঁলোকক মই কি বুলি ক’ম৷ বিভিন্নধৰণৰ গালি দি পেলাই তেওঁলোকক মই তাচ্চিল্য কৰিবৰ মন আছে৷ সেইবোৰ কৰি সময় নষ্ট কৰি লাভ নাই৷ কাৰণ মোৰ বহুত কাম কৰিবলৈ বাকী আছে৷ নিজৰ দায়িত্বও অনুভৱ কৰিছো৷ ২০০৬ চনত কম বয়সত বিধায়ক হৈছিলো, আজিৰ তাৰিখত বহু শিকিলো৷ ঘাট প্ৰতিঘাট বহুত পালো, বিভিন্নজনৰ পৰা বিভিন্নধৰণে জ্ঞান আহৰণ কৰিলোঁ৷’