Logo
image

নৱনীতাসহ ৫জনক মুক্তি নিদিলে অসম বন্ধৰ ভাবুকি কেএলঅ’ৰ

আমাৰ অসম, ১১ জুনঃ কোক্‌ৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ নাৰাবাৰী গাঁৱত ৪ জুনত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িতৰ অভিযোগত আৰক্ষীয়ে আটক কৰা পাঁচজনক গোচৰবিহীনভাৱে মুক্তি নিদিলে অসম বন্ধৰ ভাবুকি দিছে নিষিদ্ধ ঘোষিত সংগঠন কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বন চমুকৈ কেএলঅ’ই৷ জানিব পৰা মতে, ৪ জুনত নাৰাবাৰীৰ গেলামালৰ দোকানী সুনীল মণ্ডলক বাইকত অহা দুই অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই আহত কৰি পলায়ন কৰে৷ আৰক্ষীয়ে তদন্ত কৰি মডেল নৱনীতা বৰ্মনকে ধৰি পাঁচজনক গ্ৰেপ্তাৰ কৰে৷ ৮ জুনত কেএলঅ’ই প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে যে উক্ত ঘটনাৰ লগত কেএলঅ’ জড়িত নহয়৷ তদুপৰি, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল নিৰীহ৷ আৰক্ষীয়ে দোষীক আটক কৰিব নোৱৰাৰ দোষ ঢাকিবলৈ নিৰ্দোষীক গ্ৰেপ্তাৰ কৰিছে৷ শীঘ্ৰে আটাইকেইজনক মুক্তি দিয়াৰ দাবী জনায় সংগঠনটোৱে৷ কিন্তু আৰক্ষীয়ে কেএলঅ’ৰ দাবী মানি নোলোৱাত আজি কেএলঅ’ৰ সহকাৰী প্ৰচাৰ সম্পাদক দাওসাৰ লাংখাম কোচে আন এক প্ৰেছ বিবৃতিত মডেল নৱনীতা বৰ্মনকে ধৰি আটাইকেইজনক নিৰ্দোষী বুলি উল্লেখ কৰি তেওঁলোকক গোচৰবিহীনভাৱে ৪৮ ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়াৰ দাবী জনায়৷ অন্যথা অনিৰ্দিষ্ট কাললৈ অসম বন্ধৰ ভাবুকি দিয়ে৷ ইয়াৰ বাবে অসম আৰক্ষী জগৰীয়া হ’ব বুলিও কেএলঅ’ৰ উপ-তথ্য প্ৰচাৰ সচিব দাওছাৰ লাংকাম কোচে  বিবৃতিটোত উল্লেখ কৰে৷

পাৰ্থপ্ৰতিমে বিঘ্নিত কৰিব বিচাৰিছে শান্তি আলোচনাৰ প্ৰক্ৰিয়াঃ কোক্‌ৰাঝাৰ আৰক্ষী

যি সময়ত কেএলঅ’ৰ শীৰ্ষ নেতৃবৃন্দই চৰকাৰৰ সৈতে শান্তি আলোচনাত মিলিত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে সেই সময়ত কেএলঅ’ৰ নাম লৈ একাংশ স্বয়ম্ভূ পদবীধাৰী নেতাই চলাই আহিছে ধন দাবী, যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ দৰে বহু অসামাজিক কাৰ্যকালাপ৷ এই ভয়ংকৰ সত্য ফাদিল কৰিছে কোকৰাঝাৰ জিলা আৰক্ষীয়ে৷ উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিৰ নাৰাবাৰীত ৪ জুনৰ ৰাতি নিৰীহ ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডল নামৰ ব্যক্তি এজনৰ ওপৰত দুগৰাকী বাইক আৰোহীয়ে গুলীওৱাৰ পাছতে আৰক্ষীৰ তদন্তত এই বিষয়ে স্পষ্ট হৈ পৰে৷ সেয়ে সমাজত পুনৰ অস্থিৰ পৰিস্থিতিৰ উদ্ভৱ কৰিব খোজা সকলো অশুভ শক্তিৰ বিৰুদ্বে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সাজু৷ এয়া কথা স্পষ্টভাৱে প্ৰকাশ পাইছে কোকৰাঝাৰ আৰক্ষীৰ ভাষ্যত৷  প্ৰকাশ যে, কোকৰাঝাৰৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদ মেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই যোৱা চাৰি জুনত ছেৰফাংগুৰিৰ নাৰাবাৰীত সংঘটিত সুনীল মণ্ডল নামৰ ব্যৱসায়ীজনক গুলীয়াই আহত কৰা ঘটনা সন্দৰ্ভত কয় যে উক্ত ঘটনাত প্ৰকৃত কেএলঅ’ৰ পৰিবৰ্তে প্ৰাৰ্থপ্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ নেতৃত্বত গঢ়ি উঠা এটা ধন সংগ্ৰহকাৰী দল এটাহে জড়িত হৈ আছে বুলি জানিবলৈ দিয়ে৷ আচলতে পাৰ্থপ্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাৱেল কোচৰ দৰে স্বয়ম্ভু তথাকথিত একাংশ কেএলঅ’ নামধাৰী যুৱকসকলে শান্তি আলোচনাৰ প্ৰক্ৰিয়া সফল হোৱাটো বিচৰা নাই৷ যাৰ বাবে বিভিন্ন উপায়েৰে ধন সংগ্ৰহ, ধন দাবী-পত্ৰ দি সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰি আছে বুলি উল্লেখ কৰি বিগত এপ্ৰিল মাহত দুজনকৈ ঠিকাদাৰক ক্ৰমে ৫ লাখ আৰু ১ লাখ টকাকৈ ধন দাবী-পত্ৰ প্ৰদান কৰিছিল৷ তেনেক্ষেত্ৰত ছেৰফাংগুৰিৰ নাৰাবাৰীৰ ঘটনাৰ উপৰিও এই ধন দাবী সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে বহুতো তথ্য উদ্ধাৰ হৈছে বুলি জানিবলৈ দিয়ে আৰু আদালতত সকলো দাখিল কৰিব বুলি জনায়৷  নহাতে পাৰ্থপ্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাৱেল কোচৰ দৰে স্বয়ম্ভু বৈদেশিক সচিবৰ বায়েক নৱনীতা বৰ্মন বোথ্ৰা, ভিনীহিয়েক বিকাশ বোথ্ৰা ওৰফে বিকি আৰু যিসকল কেএলঅ’ৰ শুভাকাংক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধেও তথ্য-প্ৰমাণ আছে বুলি দাবী কৰিছে আৰক্ষী বিষয়াজনে৷  সংবাদ মাধ্যমৰ আগত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই শান্তি আলোচনাৰ বাবে সকলোৰে দুৱাৰ খোলা আছে৷ কিন্তু হিংসাত্মক কাৰ্য-কলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে৷