Logo
image

ঊষানগৰীত বান! তাৰ মাজতে হ’ব কেবিনেট, ডিচি-এছপি বৈঠক

আমাৰ অসম, ১১ জুনঃ হিমন্তবিশ্ব শৰ্মা কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আগদিনা কৃত্ৰিম বানত বুৰ গ’ল তেজপুৰ চহৰৰ বিস্তীৰ্ণ অঞ্চল৷ শুকুৰবাৰে পুৱা অহা এজাক মুষলধাৰ বৰষুণৰ পাছতে কৃত্ৰিম বানত বুৰ গ’ল ঊষা-অনিৰুদ্ধৰ প্ৰেমৰ আবিৰেৰে সিক্ত তেজপুৰৰ চহৰৰ একাধিক গুৰুত্বপূৰ্ণ অঞ্চল৷ ৰাজ্য চৰকাৰৰ কেবিনেট তেজপুৰৰ বাটমাৰিত অনুষ্ঠিত হোৱাৰ বাবে চহৰখনক সকলোপ্ৰকাৰে সজাই-পৰাই তোলাৰ সময়তে কেবিনেট বৈঠকৰ আগদিনা অৰ্থাৎ শুকুৰবাৰে এনেদৰে এজাক বৰষুণত তেজপুৰ চহৰ ডুব যোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চহৰখনৰ এন চি ৰোড আৰু কেচি ৰোড আজি দিনত একাঁঠু পানীৰ তলত ডুৱ যোৱাত চহৰখনৰ মাজত এক অৱৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়৷ এনে অনাহূত পৰিস্থিতিৰ মাজতে প্ৰশাসনে কেবিনেট বৈঠকৰ প্ৰস্তুতি অব্যাহত ৰাখিছে আৰু এই বৈঠক সফল কৰি তুলিবৰ বাবে দিন-ৰাতি একাকাৰ কৰিছে৷ ১১ জুনত তেজপুৰ চহৰৰ বাটমাৰী সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হ’ব হিমন্তবিশ্ব কেবিনেটৰ বৈঠক৷ ১২ আৰু ১৩ জুনত একে ঠাইতে অনুষ্ঠিত হ’ব উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সন্মিলন৷ তেজপুৰৰ ৰাইজে কেবিনেট বৈঠক অনুষ্ঠিত হোৱাত সুখী যদিও কৃত্ৰিম বানে প্ৰশাসনৰ লগতে ৰাইজকো জোলোকা-জোলোকে পানী খুৱাইছে৷ উল্লেখ্য যে, তেজপুৰত শেহতীয়াকৈ কৃত্ৰিম বান এক বিপদজনক সমস্যা হৈ দেখা দিছে যদিও বৰ্তমানেও ইয়াৰ সমাধানৰ কোনো চেষ্টা চলোৱা নাই৷ উল্লেখ্য যে, চহৰখনৰ গাৰোৱানপট্টী অঞ্চলৰ মূল পথত জমা হোৱা পানী নিষ্কাসন কৰিবলৈ পাম্প ব্যৱহাৰ কৰিবলগীয়া হৈছিল৷ আজি দিনত আৰম্ভ হোৱা মুষলধাৰ বৰষুণৰ পাছতে তেজপুৰ সদৰ আৰক্ষী থানাৰ সমীপৱৰ্তী অঞ্চলৰ পথৰ লগতে কেচি ৰোড কৃত্ৰিম বানৰ কৱলত পৰে৷ ঈদগাহ চাৰিআলিৰ পৰা কেচি ৰোডৰ উপৰি এন চি ৰোড তথা থানা চৌহদো একাঁঠু পানীত ডুব যোৱা এই ঘটনাৰ পাছত শোণিতপুৰৰ উপায়ুক্তই পৰিস্থিতিৰ বুজ লয়৷ চহৰখনত অপৰিকল্পিতভাৱে তথা কাৰিকৰী বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা নলা-নৰ্দমাসমূহ দীৰ্ঘকাল পৰিস্কাৰ নকৰাৰ পৰিণতিতে এসময়ৰ সৌন্দৰ্য নগৰীখনৰ এনে অৱস্থা হোৱা বুলি অভিযোগ কৰিছে ৰাইজে৷ আনহাতে, চহৰখন যোৱা প্ৰায় সাত বছৰে এনেদৰে কৃত্ৰিম বানৰ কৱলত পৰাৰ পাছৰে পৰাই সৰ্বসাধাৰণে প্ৰাকৃতিক হোলাসমূহৰ বেদখল উচ্ছেদৰ তথা দ পথাৰসমূহ বিক্ৰীৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰাৰ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত শোণিতপুৰ প্ৰশাসনে সামান্যতম গুৰুত্বও আৰোপ কৰা নাই৷ ইয়াৰ বিপৰীতে মৰাভৰলী নৈয়ো পুতি পেলোৱাৰ উপৰি তেজপুৰ চহৰৰ কেকোৰাপুলৰ সমীপৰ পৰা জয়মতী পথাৰৰ কাষৰীয়া অঞ্চল তথা জাহাজঘাট আদিৰ বহু স্থানতে বেদখল, গোহালিৰ আৱৰ্জনা পেলোৱা তথা গৃহ নিৰ্মাণৰ ঘটনা সংঘটিত হৈছে৷ তদুপৰি, ৰবৰবাগান গাৰোৱানপট্টী, মহাভৈৰৱ মন্দিৰৰ সন্মুখৰ বৃহৎ প্ৰাকৃতিক হোলা, তেজপুৰ কনকলতা অসামৰিক চিকাৎসালয়ৰ কাষৰ হোলাৰ লগতে হাতীপিলখানা, তেজপুৰৰ পদুম পুখুৰীৰ সমীপৰ বিদু্যৎ বিভাগৰ কাৰ্যালয়ৰ কাষৰ প্ৰাকৃতিক হোলা আদিও পুতি পেলোৱাত বৰ্তমান তেজপুৰৰ অৱস্থা কৃত্ৰিম বানৰ ফলত শোচনীয় হৈ পৰিছে৷ তদুপৰি, নেপালী পট্টি অঞ্চলতো হোলা নিঃশেষ হৈ পৰাত এইবোৰ অঞ্চলো কৃত্ৰিম বানৰ কৱলত পৰাটো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে আৰম্ভ কৰা মাটিৰ দালালবিৰোধী অভিযানৰ সময়ত তেজপুৰৰ একাংশ মাটিৰ দালালে কিছুদিন নিতাল মাৰিছিল যদিও বৰ্তমান পুনৰ তেজপুৰত মাটিৰ দালালে মাটি ক্ৰয়-বিক্ৰয় আৰম্ভ কৰিছে৷ প্ৰণিধানযোগ্য যে, তেজপুৰৰ ঘৰপোৰা চুবুৰিৰ দ পথাৰৰ মাটিৰ লগতে ডিপোটাকে ধৰি বিভিন্ন অঞ্চলত মাটিৰ দালালে মাটি ক্ৰয়-বিক্ৰয় কৰিছে বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে৷ ইয়াৰ মাজতে তেজপুৰ পৌৰসভাই কিছুদিন পূৰ্বে নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ লগতে হোলাৰ বেদখল উচ্ছেদৰ পৰিকল্পনা কৰিছিল যদিও পৰৱৰ্তী সময়ত সেয়াও নিতাল মৰাত এতিয়া তেজপুৰীয়া ৰাইজে কৃত্ৰিম বানত জুৰুলা হোৱাৰ বিকল্প নোহোৱা হৈ পৰিছে৷ 

এয়া ৰাজহুৱা ধনৰ অপচয়ঃ ৰকিবুল হুছেইন

ৰাজ্য চৰকাৰে কাইলৈ তেজপুৰত কেবিনেট অনুষ্ঠিত কৰাক লৈ সমালোচনা কৰিছে কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ আজি দিনত তেজপুৰৰ পৰমাইঘূলিস্থিত এক লিচু বাগিচাত লিচু ক্ৰয় কৰিবলৈ অহা কংগ্ৰেছী বিধায়কজনে চৰকাৰৰ এনে কাৰ্য ৰাজকোষৰ ধন অপচয় কৰা কাৰ্য বুলি অভিহিত কৰে৷ তেওঁ কয় যে, বাহিৰত কেবিনেট অনুষ্ঠিত কৰাটো চমক সৃষ্টিৰ বাহিৰে আন একো নহয়৷ দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰিলে মাত্ৰ পাঁচ লাখ টকা ব্যয় হয় বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ প্ৰসংগ উল্লেখ কৰি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনে প্ৰকৃতাৰ্থত কেবিনেট অনুষ্ঠিত কৰিলে প্ৰতিটো বিভাগ এদিনৰ বাবে তেজপুৰলৈ উঠি আহিবনে বুলিও প্ৰশ্ন উত্থাপন কৰে৷ তেওঁ ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰিলে পূৰ্বৰ এনে কেবিনেটত মাছ-মঙহেৰে এসাজ সাধাৰণ ভাতহে মন্ত্ৰী-বিধায়ক-আমোলা-বিষয়াই গ্ৰহণ কৰে বুলি কোৱাৰ প্ৰসংগ উল্লেখ কৰি হুছেইনে কয় যে, মাছ-মাংস-দাইল-আঞ্জাৰ ভাত যদি সাধাৰণ সাজ হয় তেন্তে সাধাৰণ লোকৰ সাধাৰণ ভাতসাজ কেনে হ’ব সেয়া চৰকাৰখনৰ বোধগম্য হোৱাটো প্ৰয়োজন৷ আনহাতে, তেওঁ কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদান কৰিব বুলি প্ৰচাৰিত খবৰ সংবাদ মাধ্যমৰহে সৃষ্টি বুলি মন্তব্য কৰে৷ তেওঁ আলফাৰ হত্যালীলাৰ সময়তো কংগ্ৰেছ কৰা লোক বুলিও মন্তব্য কৰি সংবাদ মাধ্যহে তেওঁক শিখণ্ডী সজোৱা বুলি মন্তব্য কৰে৷ হুছেইনে আৰু কয় যে, চৰকাৰখনে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ তল পেলাবলৈকে এনে বাতৰি ৰাইজৰ মাজত বিলাই দিছে৷ তেওঁ কয় চৰকাৰে নিজৰ কাম-কাজত গুৰুত্ব দিয়ক৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰক৷

বিপিএফৰ কোনো বিধায়ক ৰাজ্য চৰকাৰৰ মন্ত্ৰী হ’ব নোৱাৰেঃ উৰ্খাউ গৌৰা ব্ৰহ্ম

ৰাজ্যৰ মন্ত্ৰী সভাত ভৱিষ্যতে বিপিএফ দলৰ কোনো বিধায়কেই মন্ত্ৰিত্ব লাভ নকৰে বুলি আজি তেজপুৰত দাবী কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউ পি পি এলৰ বিধায়ক উৰ্খাউ গৌৰা ব্ৰহ্মই৷ তেজপুৰত অনুষ্ঠিত হ’বলগা কেবিনেট বৈঠকত অংশ ল’বলৈ অহা মন্ত্ৰী ব্ৰহ্মই বিপিএফপ্ৰধান হাগ্ৰামা মহিলাৰীৰ এনে কোনো প্ৰচেষ্টা ফলৱৰ্তী নহয় বুলি বিটিএডি অঞ্চলত বিপিএফৰ বৰ্তমান কোনো খোপনি নাই বুলিও প্ৰকাশ কৰি মহিলাৰীক বিপিএফ দলৰ অস্তিত্বকলৈয়ে প্ৰত্যাহ্বান জনাই কয় যে, ২০২৫ ৰ বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰি দেখাওক৷ ব্ৰহ্মই লগতে কয় যে, হাগ্ৰামা মহিলাৰী পুনৰ বি টি এ ডিৰ চীফ হ’ব নোৱাৰে৷ মহিলাৰীয়ে বৰ্তমান বিটিএডিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো হৈ থকাতো নিবিচাৰে৷ আনহাতে, যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাকো এক আচৰিত মিত্ৰতা বুলি উল্লেখ কৰে ব্ৰহ্মই৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণত ইউ পি পি এল দলৰ বিধায়কে স্থান লাভ নকৰা সন্দৰ্ভত ব্ৰহ্মই কয় যে, ইউ পি পি এল দলৰ বিধায়কে মন্ত্ৰিত্ব লাভৰ আশা বৰ্তমানেও আছে৷ বৰ্তমানেও ৰাজ্যৰ মন্ত্ৰীসভাত আৰু তিনিজন মন্ত্ৰী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকাৰ বাবেই ব্ৰহ্মই এইদৰে কয়৷