Logo
image

দায়িত্ব লৈয়েই তৎপৰ দুই মন্ত্ৰী

আমাৰ অসম, ১১ জুনঃ দায়িত্ব লৈয়ে তৎপৰ হৈছে দুই মন্ত্ৰী ক্ৰমে জয়ন্তমল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছা৷  মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত আজি প্ৰথমবাৰৰ বাবে কাৰ্যালয়ত উপস্থিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰে জয়ন্ত মল্ল বৰুৱাই৷ জনতা ভৱনত থকা কাৰ্যালয়ত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে ইষ্টদেৱতাক সেৱা জনাই প্ৰতিটো ক্ষণতে ৰাজ্যবাসীৰ উন্নয়নৰ হৈ কাম কৰাৰ সংকল্প গ্ৰহণ কৰে৷ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে মন্ত্ৰীগৰাকীক বিভাগীয় বিষয়াসকলে ফুলাম গামোচাৰে আদৰণি জনাই নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণৰ অংশ হিচাপে বুধবাৰে মন্ত্ৰীসভাত স্থান লাভ কৰিছিল নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত মন্ত্ৰীসভাত স্থান লাভ কৰা নন্দিতা গাৰ্লোছাৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে৷ বিগত সময়ছোৱাত বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰি অহা জয়ন্ত মল্ল বৰুৱাক প্ৰদান কৰা হৈছিল জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ দৰে ৩টাকৈ অতি গুৰুত্বপূৰ্ণ দপ্তৰ৷ আজি কাৰ্যালয়ত ভৰি থৈয়েই এই আটাইকেইটা বিভাগকে নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে বিভাগীয় বিষয়াসকলৰ সৈতেও মিলিত হয় মন্ত্ৰীগৰাকী৷ নেদেখাজনৰ কৃপা, ভাৰতমাতৃৰ আশীৰ্বাদ আৰু নলবাৰীবাসীৰ লগতে অসমবাসীৰ মৰমেৰে অতি শীঘ্ৰেই তেওঁ মুখ্যমন্ত্ৰীৰ সপোনৰ অসম গঢ়িবলৈ সমৰ্থ হ’ব বুলিও আশা প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে সৰ্বোচ্ছ উজাৰি দিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আজিৰ এই দিনটোৰ বাবে সমূহ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পথ অনুকৰণ কৰি মাতৃভূমিৰ সেৱা কৰি যাবলৈ অহৰ্নিশে প্ৰয়াস অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ ইফলে শক্তি, খনি, সমবায় আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই আজি শক্তি বিভাগৰ অধীনস্থ অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ [এপিডিচিএল] ৫ কোটি টকাৰ বান সাহায্যৰ চেক লৈ উপস্থিত হ’ল মুখ্যমন্ত্ৰীৰ ওচৰত৷ এই ধনৰাশি মন্ত্ৰী গাৰ্লোছাই বানাক্ৰান্তৰ সহায়ৰ বাবে আগবঢ়ায়৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা জনজাতীয় বিশ্বাস বিভাগৰ এখন পৰ্যালোচনা বৈঠকতো ভাগ লয় মন্ত্ৰী গাৰ্লোছাই৷ ইফালে পুৱাৰ ভাগত দিছপুৰত চৰকাৰী কাম-কাজত ব্যস্ত থকা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বিয়লি ত্ৰিপুৰাত উপস্থিত হয়৷ আগন্তুক ত্ৰিপুৰা উপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে আজি ৬ নং আগৰতলা বিধানসভা সমষ্টিৰ অন্তৰ্গত জিবি বজাৰত এক কৰ্মীসভাত ভাগ লয় জয়ন্তমল্ল বৰুৱাই৷ সভাত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা ত্ৰিপুৰা বিজেপিৰ সভাপতি ডাঃ মানিক সাহাও উপস্থিত আছিল৷