শ্ৰেণীকোঠাত উলংগ নৃত্য, ৯জন ছাত্ৰক বহিষ্কাৰ
আমাৰ অসম, ১১ জুনঃ কাছাৰৰ এখন শিক্ষানুষ্ঠানত ঘটিল এক আজব কাণ্ড৷ বিদ্যালয়তে গীতৰ তালে তালে চিগাৰেট হুপি হুপি অশ্লীল নৃত্য প্ৰদৰ্শন কৰিলে একাংশ ছাত্ৰই৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই শৈক্ষিক সমাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ প্ৰকৃততে কি হৈছিল সিদিনা বিদ্যালয়খনত? ঘটনাৰ ভূ লৈ জানিব পৰা মতে কাছাৰ জিলাৰ সোণাই হাতীখাল পাব্লিক স্কুলত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৬ জুনত আয়োজন কৰিছিল এক বিশেষ অনুষ্ঠান৷ অনুষ্ঠান সমাপ্ত হোৱাৰ পাছত বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী যোৱাৰ পাছত বিদ্যালয়ৰ কিছুসংখ্যক ছাত্ৰই অনুষ্ঠানত ব্যৱহাৰ কৰা ছাউণ্ড ছীষ্টেমত গান বজাই শ্ৰেণী কক্ষৰ ভিতৰতে অশ্লীল নৃত্য কৰে৷ লগতে কেমেৰাৰ সম্মুখত চিগাৰেট জ্বলাই বিদ্যালয়ৰ ভিতৰতে ধূমপান কৰি গীতৰ তালে তালে উলংগ হৈ নৃত্য কৰে একাংশ উদণ্ড ছাত্ৰই৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে কাছাৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ৷ ইতিমধ্যে তাৎক্ষণিকভাৱে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে ৯ জনকৈ ছাত্ৰক৷ নিজ বিদ্যালয়ৰ শ্ৰেণী কক্ষৰ ভিতৰতে গান বজাই উলংগ নৃত্য কৰাৰ লগতে কেমেৰাৰ সম্মুখত চিগাৰেট জ্বলাই বিদ্যালয়খনক ডিস্ক’-বাৰত ৰূপান্তৰ কৰি পেলোৱাৰ ফলত বিদ্যালয় কতৃৰ্পক্ষৰ বিৰুদ্ধেও উত্থাপন হৈছে প্ৰশ্নৰ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই সকলো দৃশ্য তেওঁৰ দৃষ্টিগোচৰ হোৱাৰ পাছত তাৎক্ষণিকভাৱে এই ঘটনাৰ লগত জড়িত বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ৯ জনকৈ ছাত্ৰক বহিষ্কাৰ কৰিছে৷
কাছাৰ জিলাৰ সোণাই সমষ্টিৰ হাতীখাল পাব্লিক স্কুলৰ একাংশ ছাত্ৰৰ অসভ্যালী আৰু অভদ্ৰ আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ছাত্ৰসকলৰ এনে অসভ্যালী আচৰণত ক্ষুব্ধ স্থানীয় ৰাইজ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে বিদ্যালয়ৰ ভিতৰতে একাংশ ছাত্ৰই অৰ্ধউলংগ হৈ ধূমপান কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত এলেকাৰ শৈক্ষিক মহলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ এই ঘটনা সন্দৰ্ভত শিক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু কাছাৰৰ উপায়ুক্তক দাবী জনাইছে স্থানীয় ৰাইজে৷