Logo
image

মাও নেতাৰ সম্ভেদ দিলে ১০ লাখ টকা

আমাৰ অসম, ১১ জুনঃ অসমত মাওবাদীয়ে শিপা মেলিছে৷ দুৰ্ধৰ্ষ মাওবাদী নেতা অৰুণ ভট্টাচাৰ্য ওৰফে কাঞ্চনদাক গুৱাহাটী আৰক্ষীয়ে কাছাৰৰ এখন চাহ বাগানৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছতেই অসমত চিপিআই[মাওইষ্ট]ৰ নেতা-কেডাৰে আশ্ৰয় লোৱাৰ সন্দেহ কৰিছে চোৰাংচোৱাই৷ মাওবাদীয়ে অসমত সম্প্ৰসাৰণৰ তথ্য লাভ কৰিছে  ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই৷ মাওবাদ দমনৰ বাবে দেশৰ বিভিন্ন স্থানত অভিযান চলি থকাৰ মাজতে এইবাৰ অসমৰ সংবাদ পত্ৰত বিজ্ঞাপন প্ৰকাশ কৰি নিয়াই দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামী ওৰফে কিশোৰদাৰ সন্ধান বিচাৰিছে৷ এই দুৰ্ধৰ্ষ মাওবাদী নেতাজনৰ সন্ধান দিওঁতালৈ ১০ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে নিয়াই৷ কিশোৰদা ওৰফে বাবু ওৰফে পংকজ ওৰফে অজয় আদি বিভিন্ন নামেৰে পৰিচিত  দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনৰ পৰিচয় সদৰি কৰি নিয়াই তেওঁৰ ঠিকনা– পিতৃ প্ৰয়াত সুভাষ চন্দ্ৰ গোস্বামী, এইচ বি ছোডপুৰ টাউন ৰোড নং ৬, স্নেহলতা এপাৰ্টমেণ্ট, থানা-ঘোলা, বাৰাকপুৰ আৰক্ষী কমিছনাৰেট, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ বুলি উল্লেখ কৰিছে৷ তদুপৰি কিশোৰদাৰ আন এটা ঠিকনা– মাৰফৎ গুৰু প্ৰসাদ কৰ, বৰানগৰ, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ বুলি উল্লেখ কৰাৰ লগতে শক্তিপুৰ, গোস্বামীপাৰা, থানা-খাৰদহ, ডাক-আগৰপাৰা, উত্তৰ ২৪ পৰগনা, পশ্চিমবংগ বুলি তৃতীয় এটা ঠিকনাও ৰাজহুৱা কৰিছে৷ পশ্চিমবংগৰ বাসিন্দা মাওবাদী নেতাজনক বিচাৰি অসমৰ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰা তথা নিয়াৰ গুৱাহাটী কাৰ্যালয়ক তথ্য অৱগত কৰিবলৈ আহ্বান জনোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ স্বাভাৱিকতে এই ঘটনাই  অসম যে মাওবাদীৰ ঘাটিত পৰিণত হৈছে তাক প্ৰতিপন্ন কৰিব বিচৰা হৈছে নেকি তাক লৈ চৰ্চা চলিছে৷ উল্লেখ্য, অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলক নিৰাপদ ঘাটি হিচাপে ব্যৱহাৰ কৰি দেশজুৰি মাওবাদী কাৰ্যকলাপ চলাই থকাৰ এই প্ৰচেষ্টা উদ্বেগজনক বিবেচিত হৈছে৷ উল্লেখ্য সব্যসাচী গোস্বামীক এজন সহযোগীৰ সৈতে ২০১৩ চনত যাদৱপুৰৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁ সৈতে ধৰা পৰিছিল জাকিৰ হুছেইন নামৰ আন এজন সহযোগী৷ তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু মাওবাদী সম্পৰ্কীয় নথি-পত্ৰও জব্দ কৰিছিল আৰক্ষীয়ে৷ কিশোৰদা হৈছে চিপিআই [মাওইষ্ট]ৰ ৰাজ্যিক কমিটীৰ সদস্য৷ ২০০৬ চনতো তেওঁ গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পাছত জামিন লাভ কৰিছিল৷  কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পাছতেই পুনৰ মাওবাদী কাৰ্যকলাপত জড়িত হৈ পৰাত নিয়াই ম’ষ্টৱাণ্টেড ঘোষণা কৰিছে সব্যসাচী গোস্বামী ওৰফে কিশোৰদাক৷