Logo
image

এজোপা গছ, এটা আম, স্বপ্ন লাখটকীয়া

আমাৰ অসম, ১১ জুনঃ এটা আমৰ দাম কিমান হ’ব পাৰে? এশ-দুশ, এহাজাৰ-দুহাজাৰ? অবিশ্বাস্য হ’লেও সত্য যে এটা আমৰ দাম লাখ টকাপৰ্যন্ত উঠিছে৷ এই ঘটনা ঘটিছে অসমত৷ হোজাই জিলাৰ কাকীৰ পদুমপুখুৰী অঞ্চলৰ লক্ষ্মণ মুখীয়া নামৰ লোকজনৰ পুত্ৰ অৰ্ধসামৰিক বাহিনীৰ জোৱান৷ তেৱেঁই কলকাতাৰ এখন নাৰ্চাৰীৰ পৰা ক্ৰয় কৰিছিল এবিধ উন্নত প্ৰজাতিৰ আমৰ পুলি৷ আমৰ এইবিধ প্ৰজাতিৰ নাম মিয়াজাকি মেংগো৷ জাপানৰ এই আমবিধক এগ্‌ছ অৱ ছান অথবা ড্ৰেগন্‌ছ এগ্‌ বুলিও কোৱা হয়৷ জাপানৰ মিয়াজাকি চহৰৰ নামেৰে নামাংকিত এই আমবিধ সুস্বাদু৷ বিগত বৰ্ষত এইবিধ আমৰ প্ৰতিকিলোৰ দাম আছিল তিনি লাখ টকাপৰ্যন্ত৷ কলকাতাৰ পৰা আনি ছমাহ পূৰ্বে কাকীৰ ঘৰৰ ছাদত জোৱানজনে লগোৱা আমগছডালত এতিয়া আম লাগিছে– মাত্ৰ এটা আম৷ ৰঙচুৱা ৰঙৰ আমটোৰ ওজন এতিয়া প্ৰায় ২৫০ গ্ৰাম যদিও আমটো ডাঙৰ হৈয়েই আছে৷ সম্প্ৰতি আমটোৰ বজাৰমূল্য ৭০-৮০ হাজাৰ টকাৰ পৰা লাখ টকাপৰ্যন্ত৷ এজোপা গছত লগা এই লাখটকীয়া আমটো স্বাভাৱিকতেই ৰাইজৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ অৱশ্যে লক্ষ্মণ মুখীয়াই স্পষ্ট কৰি দিছে যে এই আমটো তেওঁ লাখ টকা পালেও বিক্ৰী নকৰে– ঘৰতে খাব পৰিয়ালৰ লগত৷