Logo
image

গ্ৰেণ্ডমাষ্টাৰ হ’ল অসমৰ ছাহিল

আমাৰ অসম, ১৩ জুনঃ চেন্নাইত অনুষ্ঠিত আন্তঃৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাত হিমা দাস আৰু অম্লান বৰগোহাঁয়ে স্বৰ্ণপদক পোৱাৰ পাছত অসমৰ ক্ৰীড়ালৈ আহিছে আন এটা ভাল খবৰ৷ ইটালীৰ কেটোলিকা চহৰত শনিবাৰে সমাপ্ত হোৱা কেটোলিকা দবা সমাৰোহত ভাগ লৈ তৃতীয় স্থানত থকা অসমৰ ছাহিল দেই লাভ কৰিছে প্ৰথমটো গ্ৰেণ্ডমাষ্টাৰ নৰ্ম ৷ অসমৰ দবাৰ বাবে নিসন্দেহে এয়া উৎসাহৰ বিষয়৷ গ্ৰেণ্ডমাষ্টাৰ হিচাপে স্বীকৃত হ’বলৈ ছাহিলক প্ৰয়োজন হ’ব আৰু দুটা গ্ৰেণ্ডমাষ্টাৰ নৰ্ম৷ তাৰ লগতে তেওঁৰ ৰেটিং পইণ্ট বৃদ্ধি পাব লাগিব ২৫০০ লৈ৷ ছাহিলৰ বৰ্তমানৰ ৰেটিং পইণ্ট হৈছে ২৩৬৬৷ গ্ৰেণ্ডমাষ্টাৰ হৈছে আন্তঃৰাষ্ট্ৰীয় দবা সংস্থাই [ফিডে] প্ৰদান কৰা এটা সন্মানীয় খিতাপ৷ দবা খেলুৱৈ এজনৰ বাবে এয়া হৈছে অন্যতম শ্ৰেষ্ঠ সন্মান৷ পাঁচ বছৰৰ পৰা দবা খেলিবলৈ আৰম্ভ কৰা ছাহিল ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুনত ইণ্টাৰনেশ্বনেল মাষ্টাৰ হিচাপে স্বীকৃত হৈছিল৷ তেওঁ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ইণ্টাৰনেশ্বনেল মাষ্টাৰ৷ ইটালীৰ প্ৰতিযোগিতাখনত ৯টা ৰাউণ্ডৰ প্ৰতিদ্বন্দ্বিতাত ছাহিলে পাইছিল ৬.৫ পইণ্ট৷ সাত পইণ্টেৰে ইটালীৰ গ্ৰেণ্ডমাষ্টাৰ ছাবিনো ব্ৰুনেলোৱে শীৰ্ষস্থান আৰু জৰ্জিয়াৰ গ্ৰেণ্ডমাষ্টাৰ লেভান পেণ্টছুলায়াই ৬.৫ পইণ্টেৰে দ্বিতীয় স্থানত থাকে৷

উল্লেখ্য, গুৱাহাটীৰ ১৫ বছৰীয়া দবাৰুজনে ২০১৯ চনত শ্ৰীলংকাত অনুষ্ঠিত এছিয়ান য়ুথ চেম্পিয়নশ্বিপত স্বৰ্ণপদক পাইছিল৷ আনহাতে, মংগোলিয়াত অনুষ্ঠিত ২০১৬ চনৰ এছিয়ান য়ুথ চেম্পিয়নশ্বিপৰ অনূধবৰ্ ১০ শাখাত ব্ৰঞ্জ আৰু দক্ষিণ কোৰিয়াত ২০১৫ চনত অনুষ্ঠিত এছিয়ান য়ুথ চেম্পিয়নশ্বিপৰ অনূৰ্ধৰ ৮ শাখাত ৰূপৰ পদক লাভ কৰিছিল৷ কেইবাবাৰো ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱা ছাহিলে ২০১৭  চনত লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ৷