Logo
image

সেউজ পাহাৰত গেৰুৱা চুনামী

২৬খন আসনৰ কেউখনেই বিজেপিৰ দখলত, কংগ্ৰেছ শূন্য

আমাৰ অসম, ১৩ জুনঃ অসমৰ ৰাজনীতিত নিৰ্বাচনৰ বিজয়ৰ অশ্বমেধ ঘোঁৰা অব্যাহত আছে শাসকীয় বিজেপি দলৰ৷ শেহতীয়া অসমৰ আটাইকেইটা নিৰ্বাচনতেই অনায়াসে বিজয়সাব্যস্ত কৰা শাসকীয় দলটোৰ বাবে ব্যতিক্ৰম নহ’ল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন৷  কাৰ্যত  জি সেউজ পহাৰতো আাহিল গেৰুৱা চুনামী ৮ জুনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল৷ আজি ঘোষিত ফলাফল অনুযায়ী বাতৰি লিখাপৰ্যন্ত ২৬টা পৰিষদীয় সমষ্টিৰ ২৬খন আসনেই বিজেপি দলে লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি ১৯খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল৷ আনহাতে, এইবাৰ পৰিষদৰ নিৰ্বাচনত ফলাফল অনুসৰি, প্ৰধান বিৰোধী দল কংগ্ৰেছক পাহাৰৰ ৰাইজে পুনৰ প্ৰত্যাখান কৰা দেখা গ’ল৷ ২০১৭ চনৰ পৰিষদৰ নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা ৰাজ্য প্ৰধান বিৰোধী দল কংগ্ৰেছে এইবাৰো পৰিষদৰ নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ বিপৰীতে পাহাৰত এইবাৰ দেখা গ’ল আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থান৷ অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া জে আই কাথাৰৰ নেতৃত্বত এইবাৰ এপিএইচএলচিৰ সমৰ্থনত নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হোৱা আঞ্চলিকতাবাদী দলটোৰ  সমৰ্থনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে প্ৰতিটো সমষ্টিতে দ্বিতীয় স্থান লাভ কৰা পৰিলক্ষিত হয়৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল প্ৰতিটো সমষ্টিতেই তৃতীয় অথবা চতুৰ্থ স্থান পোৱাহে পৰিলক্ষিত হ’ল৷ ডিফুত অনুষ্ঠিত হোৱা হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিৰ অধীনৰ ১০টা পৰিষদীয় সমষ্টিৰ ফলাফল অনুসৰি, মহামায়া সমষ্টিত বিজেপি দলৰ লুনছিং টেৰণে ৮৮৯৩টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় ৰবিছিং ৰংহাং ৫০৮৭টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থীজনে ৩৮২৫টা ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়৷ নমাটি সমষ্টিত পৰিষদৰ উপাধ্যক্ষ তথা বিজেপি প্ৰাৰ্থী ৰিতেশ ইংহিয়ে তেওঁৰ নিকটতম প্ৰাৰ্থী কংগ্ৰেছৰ অশোক টেৰণক ৩৪৪৭টা ভোটত পৰাস্ত কৰে৷ হাওৰাঘাটত বিজেপি প্ৰাৰ্থী অজিত কুমাৰ দেয়ে ১১,১১৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী চন্দ্ৰছিং টেৰণে ৩৬০৯টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থীজন ৭৫৬৫ টা ভোটত বিজয়ী হ’বলৈ সক্ষম হয়৷ আনহাতে, জিলাখনৰ বড়ো অধ্যুষিত এলেকাৰ লাংহিন পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী বিলিমোহন খাখালাৰীয়ে ১২,৫২৪টা ভোটৰ বৃহৎ পৰিমাণৰ জয় লাভ কৰিবলৈ সক্ষম হয়৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থীজনে নিৰ্দলীয় প্ৰাৰ্থী চাৰমুং ৰংফাৰক বৃহৎ পৰিমাণৰ ভোটত পৰাস্ত কৰে৷ ফুলনি পৰিষদীয় সমষ্টিত বিজেপি দলৰ কাংবুৰা কিলিঙে ৫৬৯২টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী ধনীৰাম তিমুঙে লাভ কৰে ৫৪৮৩টা ভোট৷ সমষ্টিটোত বিজেপি প্ৰাৰ্থীজন ২০৯টা ভোটত বিজয়ী হয়৷ কৰকাণ্ঠি সমষ্টিটোত বিজেপি প্ৰাৰ্থী তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু তিছ’য়ে ৬৩৫টা ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়৷ সিংহাসন পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী তথা পৰিষদৰ শক্তিশালী কাৰ্যবাহী সদস্য অমৰছিং তিছ’য়ে ১৭০৫টা ভোটত জয়লাভ কৰে৷ উল্লেখ্য যে, তিছ’য়ে তেওঁৰ নিকটতম শক্তিশালী প্ৰাৰ্থী তথা এপিএইচএলচিৰ দলৰ অধ্যক্ষ জে আই কাথাৰক সমষ্টিটোৰ পৰা পৰাস্ত কৰে৷ বাতৰি লিখাৰ পৰলৈকে  ডিফু আৰু হাওৰাঘাট বিধানসভাৰ তিনিটা সমষ্টি ক্ৰমে– লুম্বাজং, ধনশিৰি আৰু লাংফেৰ পৰিষদীয় সমষ্টিত ভোটগণনা প্ৰক্ৰিয়া চলি আছে আৰু তিনিওটা সমষ্টিতে বিজেপি দলে অগ্ৰগতি লাভ কৰি আছে৷ আনহাতে, পশ্চিম কাৰ্বি আংলং জিলাৰ ৯টা পৰিষদীয় সমষ্টিৰ ভিতৰত বাতৰি লিখাৰ পৰলৈকে ৪টা সমষ্টিত বিজেপি দলে জয়লাভ কৰিবলৈ সমৰ্থ হৈছে৷ লাভ কৰা তথ্য অনুসৰি, পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত পৰিষদৰ এমএচি ডি উফিং মাছলাই পুনৰ বিজয়ী হয়৷ ৯০১৮টা ভোটৰ ব্যৱধানত মাছলায়ে নিৰ্দলীয় এলৱিন টেৰণক পৰাস্ত কৰে৷ চিণ্ঠং পৰিষদীয় সমষ্টিত বিজেপি দলৰ অভিজিত ক্ৰ’য়ে কংগ্ৰেছৰ ৰূপছিং বংৰুঙক ২০৬৪টা ভোটত পৰাস্ত কৰে৷ ছ’চেং পৰিষদীয় সমষ্টিত বিজেপি দলৰ হেডছিং ৰংফাৰে ১৫৫৬টা ভোটত নিকটতম প্ৰাৰ্থী ৰামছিং তেৰাঙক পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ৰংখাং সমষ্টিত লংবিছন বে’য়ে কংগ্ৰেছ দলৰ ছিং টেৰণক ২৫৩৫টা ভোটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে পৰিষদলৈ নিৰ্বাচিত হয়৷ দুৱাৰ আমলা পৰিষদীয় সমষ্টি বিজেপি দলৰ প্ৰাৰ্থী তথা পৰিষদৰ এমএচি প্ৰভাত চন্দ্ৰ তাৰ’য়ে পুনৰ জয়লাভ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তেওঁৰ পৰিষদীয় সমষ্টি বিথুং ৰেংথেমাত ৯০৬৬টা ভোটত আগবাঢ়ি আছে৷ পশ্চিম কাৰ্বি আংলঙৰ আন চাৰিটা সমষ্টিটো বিজেপি দলে অগ্ৰগতি লাভ কৰি আছে৷ উল্লেখ্য যে, আজিৰ এই নিৰ্বাচনী ফলাফলে পাহাৰত আবতৰীয়া দীপাৱলীসদৃশ্য পৰিৱেশৰ সৃষ্টি কৰিছে৷ ডিফু চহৰত আতচবাজিৰে বিজেপি দলীয় সমৰ্থকসকলে হৰ্ষোল্লাস কৰাৰ বিপৰীতে বিৰোধী শিবিৰ সম্পূৰ্ণ নিতালমৰা পৰিলক্ষিত হয়৷ বিজেপিৰ শীৰ্ষ সূত্ৰৰ মতে, আজি নিশা ১০ বজাত বিজেপিৰ সকলো বিজয়ী প্ৰাৰ্থীক লৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এখন বৈঠক অনুষ্ঠিত কৰিব৷

৮ জুনত অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন-২০২২ৰ ভোটগ্ৰহণৰ পাছত ২৬ টাকৈ পৰিষদীয় সমষ্টিত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে৷ বোকাজান, ডিফু আৰু হামৰেণত এই ২৬ টা পৰিষদীয় সমষ্টিৰ বাবে ভোটগণনা হয়৷ এই ২৬ টা পৰিষদীয় সমষ্টিৰে বোকাজান বিধানসভা সমষ্টিৰ অধীনৰ   ৭ টা পৰিষদীয় সমষ্টি ক্ৰমে বোকাজান, বৰজান, সৰুপথাৰ, দেওপানী, নিলিপ, দুৱাৰবাগৰি আৰু ছছেং ধেণ্টা পৰিষদীয় সমষ্টিৰ বাবে বোকাজান উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৮-৩০ বজাৰ পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হয়৷ ই ভি এম মেছিনৰ পৰিৱৰ্তে বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাত আৰু বোকাজানৰ ভোটগণনা কেন্দ্ৰত কিছু কাৰিকৰী অসুবিধাৰ কাৰণে প্ৰথম অৱস্থাত ভোটগণনা প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হোৱা পৰিলক্ষিত হয়৷ পুৱাৰে পৰা আৰম্ভ হোৱা এই ভোটগণনা প্ৰক্ৰিয়া ক্ৰমে ২১ নং বৰজান পৰিষদীয় সমষ্টিৰ বাবে ৫ টা ৰাউণ্ডত, ২৩ নং বোকাজান পৰিষদীয় সমষ্টিৰ বাবে ৪ টা ৰাউণ্ডত, ২২ নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বাবে ২ টা ৰাউণ্ডত, ১৭ নং ছছেং ধেণ্টা পৰিষদীয় সমষ্টিৰ বাবে ৪ টা ৰাউণ্ডত, ২৪ নং দেওপানী পৰিষদীয় সমষ্টিৰ বাবে ৪ টা ৰাউণ্ডত, ২৫ নং পৰিষদীয় সমষ্টিৰ বাবে ৪ টা ৰাউণ্ডত আৰু ২৬ নং দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ বাবে ৩ টা ৰাউণ্ডত সম্পন্ন হয়৷ উল্লেখ্য যে, ভোটগণনাৰ প্ৰথম অৱস্থাত এই সাতটাকৈ পৰিষদীয় সমষ্টিতেই নিৰ্দলীয়, এ পি এইছ এল চি আৰু আপৰ প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰাৰ্থীৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও শেহতীয়া ভোটগণনাৰ ফলাফলে তাৰ এক বিপৰীত ছবিহে দাঙি ধৰা পৰিলক্ষিত হ’ল৷ ৭টাকৈ পৰিষদীয় সমষ্টিৰ ভিতৰত প্ৰথমে ২২ নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হয়৷ সেই অনুসৰি, সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাদম তেৰাংপীয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ কেৱল ১৯৮ টা ভোটৰ ব্যৱধানত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা নিৰ্দলীয় প্ৰাৰ্থী ছিমিয়ন ৰংফাৰক পৰাজিত কৰে৷ বিজেপিৰ প্ৰাৰ্থীজনে মুঠ ভোট লাভ কৰে ২,৬২১ টা আৰু নিৰ্দলীয় প্ৰাৰ্থীজনে ভোট লাভ কৰে ২,৪২৩ টা ভোট৷ ইয়াৰ পাছতেই ২৬ নং দুৱাবাগৰি পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হয়৷ দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰিছাৰ্ড টক্‌বীয়ে তেওঁৰ নিকটতম্‌ প্ৰতিদ্বন্দ্বী তথা কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজেন ইংতিক ২,৮১৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰিবলৈ সক্ষম হয়৷ বিজেপিৰ প্ৰাৰ্থীজনে মুঠ লাভ কৰে ৬,৪৮২ টা আৰু কংগ্ৰেছৰ প্ৰাৰ্থীজনে মুঠ ভোট লাভ কৰে ৩,৬৪২ টা৷ আনহাতে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এটা অতি লেখতল’বলগীয়া সমষ্টি তথা বোকাজান পৰিষদীয় সমষ্টিৰ পৰাও বিজেপিৰ প্ৰাৰ্থী মাধুৰ্য ঢেকীয়াল ফুকনে তেওঁৰ নিকটতম্‌ তথা আম আদ্‌মি পাৰ্টীৰ প্ৰাৰ্থী দিব্যজ্যোতি বৰগোহাঁইক ৫,৭১০ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ বোকাজান পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মাধুৰ্য ঢেকীয়াল ফুকনে মুঠ ভোট লাভ কৰে ১৩,৫১০ টা আৰু আপৰ প্ৰাৰ্থী দিব্যজ্যোতি বৰগোহাঁয়ে মুঠ ভোট লাভ কৰে ৭,৮০০ টা৷ লক্ষণীয় কথা যে বোকাজান পৰিষদীয় সমষ্টিত খুব কময় সময়ৰ ভিতৰতে আপৰ প্ৰাৰ্থীজনে সাংগঠনিক ভেটি মজবুত কৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কিন্তু ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ বোকাজানত কোনো সবল স্থিতি দেখা পোৱা নগ’ল৷ ছছেং ধেণ্টা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কাছে ৰংপিপীয়ে নিৰ্দলীয় প্ৰাৰ্থীজনক ২,০৭৮ টা ভোটৰ ব্যৱধানত পাৰস্ত কৰে৷ বিজেপিৰ প্ৰাৰ্থীজনে মুঠ ভোট লাভ কৰে ৬,৭১৫ টা আৰু নিৰ্দলীয় প্ৰাৰ্থীজনে মুঠ ভোট লাভ কৰে ৪,৬৩৭  টা৷ আদিবাসী ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দেওপানী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শ্ৰৱণ তেলেংগাই তেওঁৰেই নিকটতম তথা নিৰ্দলীয় প্ৰাৰ্থী প্ৰহ্লাদ হবাইছাক ৪৯৮ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ বিজেপিৰ প্ৰাৰ্থী শ্ৰৱণ তেলেংগাই মুঠ ভোট লাভ কৰে ৮,৪০৬ টা আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰহ্লাদ বাইছাই মুঠ ভোট লাভ কৰে ৩,৯০৮ টা৷ আনহাতে, বোকাজান বিধানসভা সমষ্টিৰ অধীনৰ ৭ টা পৰিষদীয় সমষ্টিৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু সৰ্বাধিক ভোটাৰ থকা পৰিষদীয় সমষ্টিতো হৈছে বৰজান পৰিষদীয় সমষ্টি৷ এই বৰজান পৰিষদীয় সমষ্টিৰ পৰা এইবাৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সূৰ্য ৰংফাৰে বাতৰি লিখা পৰলৈকে ৬,৮৬৮ টা  ভোটত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে বাকী দুটা ৰাউণ্ডৰ ভোট গণনা বৰ্তমানেও বাকী আছে৷ থিক একেদৰে¸ নিলিপ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী পৱিত্ৰ ৰংপিয়েও ৪০০ ভোটত বাতৰি লিখা পৰলৈকে অগ্ৰগতি লাভ কৰি আছে বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই দুয়োটা পৰিষদীয় সমষ্টিতেই বিজেপিৰ প্ৰাৰ্থীকেইজনেই শেষ হাঁহি মাৰিবলৈ সক্ষম হোৱাতো প্ৰায় নিশ্চিত চৰ্চা হোৱা পৰিলক্ষিত হয়৷