Logo
image

ড্ৰাগ, নৱপ্ৰজন্ম আৰু দুটা ঘৰুৱা বিধান

সঁচা অৰ্থত মানৱ সভ্যতাৰ বাবে কুৰি শতিকাৰ অতিশয় ভয়ানক ভাবুকিটো হ’ল নৱপ্ৰজন্মৰ ড্ৰাগছৰ প্ৰতি বৃদ্ধি পোৱা আসক্তি৷ সাংঘাতিকভাৱে আসক্ত হৈছে উঠি অহা প্ৰজন্ম৷ নিতৌ বাঢ়িছে আসক্তি আৰু তাৰ লগত জড়িত বিক্ষিপ্ত ঘটনা৷ ধনী কি, দুখীয়া কি, শিক্ষিত কি, অশিক্ষিত কি, কোনো কথা নাই, কোনে কেতিয়া, কেনেকৈ এই আসক্তিৰ কবলত পৰিছে আমি অভিভাৱক হিচাপে তলকিব পৰা নাই৷

ড্ৰাগছ আসক্ত হোৱাৰ পাছত কি ব্যৱস্থা ল’ব লাগে তাতকৈও বেছি গুৰুত্বপূৰ্ণ হ’ল আসক্ত নোহোৱাকৈ প্ৰজন্মটোক কেনেকৈ সুৰক্ষা দিব পাৰি৷ অভিভাৱক হিচাপে আমি ক’ৰবাত ভুল কৰি আছো নেকি ? এইক্ষেত্ৰত আমাৰ মনে ধৰা দুটা ঘৰুৱা বিধানে কাম দিব পাৰে৷ যি কি নহওক প্ৰথমে জানি লওক আসক্ত হোৱাৰ গুৰি কথা কি হ’ব পাৰে? এই ক্ষেত্ৰত আৰ্থ-সামাজিক দিশৰ বহু কথা নিৰ্ভৰ কৰে, গতিকে বহুতো কাৰণ থাকিব পাৰে৷ কিন্তু তাৰে ভিতৰত অন্যতম হ’ল হতাশ আৰু মানসিক চাপ বৃদ্ধি৷ মানসিক চাপ প্ৰশমিত কৰাৰ তাড়নাই প্ৰথমতে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি বঢ়ায়৷ পাছলৈ অভ্যাসত পৰিণত হয়৷ শেষত হিতাহিত জ্ঞান হেৰুৱাই উন্মাদ হৈ পৰে৷ তাৰ পাছতেই নিজৰো শেষ আৰু পৰিয়ালৰো শেষ৷

অভিভাৱক হিচাপে আপুনি দুটা ঘৰুৱা বিধান গ্ৰহণ কৰিব পাৰে যিয়ে নেকি সিহঁতক এটা মাৰাত্মক আসক্তিৰ পৰা বহু পৰিমাণে আঁতৰাই ৰাখিব৷ প্ৰথমটো হ’ল Always make harmonious relationship with them৷ অৰ্থাৎ আপুনি আৰু আপোনাৰ সন্তানৰ মাজৰ সম্পৰ্কটো সংগীতৰ মূৰ্ছনাৰে মুখৰিত হৈ থকাৰ দৰে গঢ় দিয়ক৷ যাতে সিহঁতৰ মন-প্ৰাণ সুখ আৰু আনন্দৰে ভৰি থাকে৷ লগতে সিহঁতৰ মগজুত Corfisol নামৰ Depression hormone বিধ উৎপন্ন হ’ব পৰা পৰিৱেশ নহয়৷ আচলতে গোটেইবোৰ hormone ৰ খেল জানেনে? হঁহা-কন্দা, খং-ৰাগ, আনন্দ ইত্যাদি সকলোবোৰ বিশেষ বিশেষ hormone ৰ ওপৰত নিৰ্ভৰ কৰে৷

আপুনি কেৱল ভাবিলেই নহ’ব যে টকা-পইচা, গাড়ী-ঘৰ সকলো দিছো, কিন্তু সিহঁতৰ মনত খোৰাক যোগাব পৰা পৰিৱেশ এটা ৰচনা কৰিছেনে নাই তাকো লক্ষ্য কৰক৷ প্ৰতি মুহূৰ্ততে সংগ দিয়ক তেতিয়া সিহঁতৰ হতাশা আৰু মানসিক চাপ কমিব৷ সৰু সৰু সুখবোৰ পূৰণ কৰক যাতে সিহঁতে ভাবিব পাৰে যে সিহঁতৰ মনৰ খোৰাক যোগাব পৰা ঠাাইখন হ’ল সিহঁতৰ ঘৰখন৷ যেতিয়া মন ভৰি থাকিব তেতিয়া নিচাৰ প্ৰতি আসক্তি নাহে৷

দ্বিতীয়তে, Always encourage  them for making walk. পুৱা ৫ বজাৰ পৰা ১ ঘণ্টা সময় খোজ কাঢ়িলে শৰীৰ আৰু মনত যি উৎসাহ - উদ্দীপনা আৰু প্ৰশান্তি পোৱা যায় সেই কথা সৰুৰে পৰা হৃদয়ংগম কৰিবলৈ শিকাওক৷ এই মজা সিহঁতে যেতিয়া নিজেই অনুভৱ কৰিব পাৰিব, সেয়া হ’ব সিহঁতৰ জীৱনৰ এক সম্বল, কাৰণ তেতিয়া সিহঁতৰ তেজ চলাচল বৃদ্ধি পাব, মগজুত O2 ৰ সঞ্চালনা বৃদ্ধি পাব, মন ফৰকাল হ’ব, Corfisol হ্ৰাস হৈ secretonin বাঢ়িব, অৰ্থাৎ মানসিক শক্তি বৃদ্ধি হোৱাৰ ফলত ভাল বেয়াৰ সিদ্ধান্ত সুস্থ মগজুৰে ল’ব পৰা হ’ব৷

হয়তো আপুনি ভাবিছে এয়ানো কি বিধান, এবাৰ প্ৰয়োগ কৰি চাওক তেহে গম পাব৷ আচলতে আমাৰ চৌপাশে ভাল আৰু বেয়া দুয়োটাই থাকিব৷ সেইজনেহে বেয়াটো এৰি ভালটো ধৰিব যি মানসিকভাৱে সুস্থ আৰু শক্তিশালী হ’ব, আহকচোন অভিভাৱকৰ দায়িত্ব হিচাপে আমি ইয়াকেই প্ৰয়াস কৰো৷